শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

PF একাউণ্টত জমা নাথাকিলেও নমিনিয়ে পাব ‘মোটা অংক’ৰ ধন! কিদৰে পাব এই সুবিধা…

এমপ্ল’ইজ প্ৰভিডেণ্ট ফাণ্ড বা EPFO হৈছে এগৰাকী কৰ্মচাৰীৰ বাবে সঞ্চয়ৰ এক অন্যতম প্ৰধান ক্ষেত্ৰ। কৰ্মচাৰীসকল তথা তেওঁলোকৰ পৰিয়ালৰ সকাহৰ বাবে এতিয়া EPFO- ই আন এক বৃহৎ পৰিৱৰ্তন ঘটাইছে। এই পৰিৱৰ্তনে উপকৃত কৰিব দেশৰ লাখ লাখ পৰিয়ালক।

PF একাউণ্টত জমা নাথাকিলেও নমিনিয়ে পাব ‘মোটা অংক’ৰ ধন! কিদৰে পাব এই সুবিধা…
EPFOৰ বৃহৎ ঘোষণাImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 28 Jul 2025 21:08 PM

সঞ্চয়ৰ প্ৰয়োজনীয়তাৰ কথা আমি জানো। নিজৰ ভৱিষ্যত জীৱন সুৰক্ষিত কৰিবলৈ প্ৰতিজন ব্যক্তিৰ বাবে ধন সঞ্চয় কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এমপ্ল’ইজ প্ৰভিডেণ্ট ফাণ্ড বা EPFO হৈছে এগৰাকী কৰ্মচাৰীৰ বাবে সঞ্চয়ৰ এক অন্যতম প্ৰধান ক্ষেত্ৰ। এই EPFO পুঁজিত এগৰাকী কৰ্মচাৰী আৰু তেওঁ কাম কৰা প্ৰতিষ্ঠানটোৱে সম-পৰিমাণৰ ধন জমা কৰে। স্বাভাৱিকতেই কৰ্মচাৰীজনৰ ভৱিষ্যতৰ বাবে এই পুঁজিৰ গুৰুত্ব অসীম। এগৰাকী কৰ্মচাৰী তথা তেওঁৰ পৰিয়ালৰ সকাহৰ বাবে এতিয়া EPFO- ই আন এক বৃহৎ পৰিৱৰ্তন ঘটাইছে। এই পৰিৱৰ্তনে উপকৃত কৰিব দেশৰ লাখ লাখ পৰিয়ালক।

এই EPFO ৰ অধীনত Employees’ Deposit Linked Insurance (EDLI) নামেৰে কৰ্মচাৰীৰ বীমাৰ এক আঁচনিৰ সুবিধা উপলব্ধ। কোনো কৰ্মচাৰীৰ মৃত্যু হ’লে পৰিয়ালৰ সদস্য বা মনোনীত ব্যক্তিয়ে এই আঁচনিৰ অধীনত আৰ্থিক সাহায্য লাভ কৰে। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি যদি কোনো কৰ্মচাৰীৰ কৰ্মৰত অৱস্থাত মৃত্যু হয়, তেতিয়া তেওঁৰ পৰিয়ালে কমেও ৫০ হাজাৰ টকাৰ বীমা সুবিধা লাভ কৰিব।

লক্ষণীয়ভাৱে কৰ্মচাৰীজনৰ পি এফ একাউণ্টত ৫০ হাজাৰ টকা জমা নাথাকিলেও তেওঁ এই সুবিধা লাভ কৰিব। পূৰ্বৰ নিয়ম অনুসৰি এই বীমাৰ সুবিধা লাভ কৰিবলৈ হ’লে কমেও ৫০ হাজাৰ টকা পি এফ একাউণ্টত জমা থাকিব লাগিছিল। কিন্তু এতিয়া কৰ্মচাৰীসকলক সকাহ প্ৰদান কৰি এই নিয়মৰ পৰিৱৰ্তন ঘটোৱা হৈছে।

ইয়াৰ লগতে EPFO ৰ নিয়মৰ আন এক বৃহৎ পৰিৱৰ্তন ঘটোৱা হৈছে। এই নিয়ম অনুসৰি যদি কোনো কৰ্মচাৰীৰ দুটা চাকৰিৰ মাজত ৬০ দিন পৰ্যন্ত ব্যৱধান থাকে, তেতিয়া এই সময়ক নিয়োগৰ ব্যৱধান হিচাপে গণ্য কৰা নহ’ব। ১২ মাহৰ অবিৰত কৰ্মসংস্থাপনৰ ক্ষেত্ৰত যদি ৬০ দিনৰ ব্যৱধান থাকে, এতিয়াৰ পৰা এই ব্যৱধানৰ কোনো প্ৰভাৱ নপৰে।

নতুন নিয়ম অনুসৰি যদি কোনো কৰ্মচাৰীৰ শেষ দৰমহা পোৱাৰ ৬ মাহৰ ভিতৰত মৃত্যু হয়, তেতিয়া তেওঁৰ মনোনীত ব্যক্তিয়েও EDLI আঁচনিৰ বীমাৰ সুবিধা লাভ কৰিব। অৰ্থাৎ পি এফ আৰম্ভ হোৱাৰ ৬ মাহৰ ভিতৰত মৃত্যু হ’লেও মনোনীত ব্যক্তিয়ে বীমাৰ সুবিধা লাভ কৰিব। এই EDLI আঁচনিৰ বাবে কৰ্মচাৰীয়ে পৃথকে কোনো ধৰণৰ ধন দিব নালাগে।

লক্ষণীয়ভাৱে কৰ্মৰত অৱস্থাত কৰ্মচাৰীৰ মৃত্যুৰ ক্ষেত্ৰত এককালীন ধনৰো ব্যৱস্থা আছে। সেই অনুসাৰে ২.৫ লাখৰ পৰা ৭ লাখলৈকে বীমা কভাৰ উপলব্ধ হয়। গতিকে এনে বীমাৰ দ্বাৰা কৰ্মচাৰী এজনৰ পৰিয়ালে যথেষ্ট সকাহ লাভ কৰে।