শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এই দুটা দিনত কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম, আয়কৰ বিভাগৰ বিশেষ জাননী…

আয়কৰ বিভাগে পান কাৰ্ড বনোৱাৰ সন্দৰ্ভত এটা ডাঙৰ জাননী দিছে। বিভাগটোৱে জনোৱা মতে, অহা দুদিনলৈ Instant e-PAN বনোৱাৰ সুবিধা উপলব্ধ নহ’ব।

এই দুটা দিনত কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম, আয়কৰ বিভাগৰ বিশেষ জাননী…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 15 Aug 2025 17:00 PM

অহা এই দুদিনত নহয় পান কাৰ্ডৰ কোনো ধৰণৰ কাম। যিসকল লোকে ই-পান কাৰ্ড বনোৱাৰ পৰিকল্পনা কৰিছে, তেওঁলোকৰ বাবে এই খবৰ অতি গুৰুত্বপূৰ্ণ। শেহতীয়াকৈ আয়কৰ বিভাগে পান কাৰ্ড বনোৱাৰ সন্দৰ্ভত এটা ডাঙৰ জাননী দিছে। বিভাগটোৱে জনোৱা মতে, অহা দুদিনলৈ Instant e-PAN বনোৱাৰ সুবিধা উপলব্ধ নহ’ব।

ই-পান হৈছে এটা ডিজিটেল পেন কাৰ্ড, যিখন আপুনি আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে লিংক কৰা মোবাইল নম্বৰৰ সহায়ত তৎক্ষণাত অনলাইনত লাভ কৰিব পাৰে। আয়কৰ বিভাগে জনোৱা মতে, পৰ্টেলত প্ৰয়োজনীয় মেইণ্টেনেন্সৰ বাবে Instant e-PAN ৰ সেৱা ব্যাহত হ’ব।

এই দুদিনৰ বাবে বন্ধ থাকিব এই সুবিধা

আয়কৰ বিভাগে জনাইছে যে, ২০২৫ চনৰ ১৭ আগষ্টৰ মাজনিশা ১২ বজাৰ পৰা ২০২৫ চনৰ ১৯ আগষ্টৰ মাজনিশা ১২ বজালৈ ই-পান সেৱা উপলব্ধ নহ’ব। অৰ্থাৎ এই দুদিনত আপুনি Instant e-PAN ৰ কোনো কাম কৰিব নোৱাৰিব। কিন্তু যদি আপুনি ইতিমধ্যে ই-পানৰ বাবে আবেদন কৰিছে, তেন্তে ইয়াৰ অৱস্থা পৰীক্ষা কৰিব পাৰিব আৰু লগতে ইয়াক ডাউনলোড কৰিব পাৰিব।

এই সেৱাৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল, ই বিনামূলীয়া, সম্পূৰ্ণ ডিজিটেল আৰু ইয়াৰ বাবে কোনো নথিপত্ৰৰ ফটোকপি বা প্ৰ-পত্ৰ পূৰণৰ প্ৰয়োজন নাই। যিসকল লোকে এতিয়াও পান কাৰ্ড পোৱা নাই, কিন্তু আয়কৰ সম্পৰ্কীয় কাম কৰিবলগীয়া থাকে বা বেংকিং সেৱাত প্ৰয়োজন হয়, তেওঁলোকৰ বাবে ই অতি উপকাৰী। এই সেৱা কেৱল সেইসকল লোকৰ বাবেহে যিসকলৰ হাতত এতিয়াও PAN কাৰ্ড নাই, কিন্তু তেওঁলোকৰ লগত নিশ্চিতভাৱে বৈধ আধাৰ নম্বৰ আৰু মোবাইল নম্বৰ লিংক থাকিব লাগিব।

দুদিন ব্লক কিয়?

আয়কৰ বিভাগে নিজৰ পৰ্টেলত কিছু প্ৰয়োজনীয় কাৰিকৰী কাম কৰি আছে। এই কাৰণতে ১৭ আগষ্টৰ পৰা ১৯ আগষ্টলৈ সাময়িকভাৱে বন্ধ থাকিব ই-পানৰ সুবিধা। বিভাগটোৱে ব্যৱহাৰকাৰীসকলক এই তথ্য অনুসৰি আবেদনৰ পৰিকল্পনা কৰিবলৈ অনুৰোধ জনাইছে যাতে কোনো সমস্যা নহয়।

ই-পান কিয় প্ৰয়োজনীয়?

আজিৰ সময়ত বহু চৰকাৰী আৰু ব্যক্তিগত কামৰ বাবে পান কাৰ্ড প্ৰয়োজনীয় হৈ পৰিছে, যেনে আয়কৰ ৰিটাৰ্ণ দাখিল কৰা, বেংক একাউণ্ট খোলা, মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা আদি।