শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰে’লতকৈ সস্তা হ’ব বিমান যাত্ৰা! মাত্ৰ ১৪৯৯ টকাতে ল’ব পাৰিব যাত্ৰাৰ আনন্দ

এক বিশেষ অফাৰৰ জৰিয়তে কোম্পানীটোৱে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োবিধ ভ্ৰমণৰ ক্ষেত্ৰতে টিকটৰ মূল্যত বৃহৎ ৰেহাই ঘোষণা কৰিছে। এই অফাৰৰ অধীনত ঘৰুৱা বিমান যাত্ৰাৰ টিকট মাত্ৰ ১৪৯৯ টকাৰ পৰা আৰম্ভ হৈছে। জানো আহক এইবিষয়ে।

ৰে’লতকৈ সস্তা হ’ব বিমান যাত্ৰা! মাত্ৰ ১৪৯৯ টকাতে ল’ব পাৰিব যাত্ৰাৰ আনন্দ
ইণ্ডিগ’ই আনিছে বাম্পাৰ অফাৰImage Credit source: PTI
Monjit Dutta
Monjit Dutta | Updated On: 15 Jan 2026 18:51 PM

নতুন বছৰৰ আৰম্ভণিতে বিমান যাত্ৰীসকলৰ বাবে ইণ্ডিগ’ (IndiGo) এয়াৰলাইনছে লৈ আহিছে এক সুখবৰ। ‘ছেল ইনটু ২০২৬’ (Sale into 2026) শীৰ্ষক এক বিশেষ অফাৰৰ জৰিয়তে কোম্পানীটোৱে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োবিধ ভ্ৰমণৰ ক্ষেত্ৰতে টিকটৰ মূল্যত বৃহৎ ৰেহাই ঘোষণা কৰিছে। এই অফাৰৰ অধীনত ঘৰুৱা বিমান যাত্ৰাৰ টিকট মাত্ৰ ১৪৯৯ টকাৰ পৰা আৰম্ভ হৈছে। আনহাতে যিসকলে বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছে, তেওঁলোকে মাত্ৰ ৪৪৯৯ টকাৰ পৰাই আন্তঃৰাষ্ট্ৰীয় বিমানৰ টিকট সংগ্ৰহ কৰিব পাৰিব।

বিলাসী ভ্ৰমণৰ অভিজ্ঞতা বিচৰা যাত্ৰীসকলৰ বাবে ইণ্ডিগ’ৰ প্ৰিমিয়াম শাখা ‘ইণ্ডিগ’ষ্ট্ৰেচ’ (IndiGoStretch)-ৰ ভাড়াও মাত্ৰ ৯,৯৯৯ টকাৰ পৰা আৰম্ভ কৰা হৈছে। কেৱল টিকটৰ মূল্যতে নহয়, যাত্ৰীসকলে চিট চিলেকচনৰ ক্ষেত্ৰত ১৫ শতাংশ আৰু অতিৰিক্ত লাগেজ বা বেগৰ মাচুলত ৫০ শতাংশ পৰ্যন্ত ৰেহাই লাভ কৰিব।

ইয়াৰ উপৰিও, মাত্ৰ ৫০০ টকা অতিৰিক্তকৈ দি যাত্ৰীসকলে আৰামদায়ক এক্স এল (XL) চিট বুক কৰাৰ সুযোগ পাব। এই অফাৰৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল শিশুসকলৰ বাবে ঘোষণা কৰা বিশেষ ৰেহাই। ইণ্ডিগ’ৰ অফিচিয়েল ৱেবছাইট বা এপৰ জৰিয়তে টিকট বুক কৰিলে ২৪ মাহ পৰ্যন্ত শিশুৰ বাবে ঘৰুৱা বিমানৰ ভাড়া মাত্ৰ ১ টকা ধাৰ্য কৰা হৈছে।

অৱশ্যে, এই সুবিধা গ্ৰহণৰ বাবে যাত্ৰীসকলে ১৩ জানুৱাৰীৰ পৰা ১৬ জানুৱাৰীৰ ভিতৰত নিজৰ টিকট বুক কৰিব লাগিব। এই সময়ছোৱাত বুক কৰা টিকটেৰে যাত্ৰীসকলে ২০ জানুৱাৰীৰ পৰা ৩০ এপ্ৰিলৰ ভিতৰত ভ্ৰমণ কৰিব পাৰিব। মন কৰিবলগীয়া যে, এই অফাৰৰ সুবিধা লাভ কৰিবলৈ যাত্ৰাৰ অন্ততঃ ৭ দিন পূৰ্বে টিকট বুক কৰাটো বাধ্যতামূলক।

গতিকে, নতুন বছৰত ভ্ৰমণৰ পৰিকল্পনা কৰি থকা লোকসকলৰ বাবে এয়া এক অতি সুন্দৰ আৰু মিতব্যয়ী সুযোগ হিচাপে বিবেচিত হৈছে। অৱশ্যে ইণ্ডিগ’ৰ অফিচিয়েল ৱেবছাইট বা এপৰ পৰা বুকিং কৰিলেহে এই অফাৰ উপলব্ধ হ’ব।