ফ্ৰান্সৰ পৰা ছিংগাপুৰলৈ….এইসমূহ দেশত কাৰ্যক্ষম হৈ উঠিছে ভাৰতৰ UPI
প্ৰযুক্তি, উদ্ভাৱন আৰু চফ্টৱেৰৰ জগতখনত ভাৰতৰ প্ৰভাৱ যে দ্ৰুতগতিত বৃদ্ধি পাইছে তাৰ প্ৰমাণ UPIৰ অগ্ৰগতিৰ এই কাহিনী। ২০১৬ চনত ভাৰতত UPI আৰম্ভ কৰা হৈছিল।এই ব্যৱস্থাটো ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগম বা NPCI আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে আৰম্ভ কৰিছিল। এই ব্যৱস্থাটো এতিয়া লাহে লাহে সমগ্ৰ বিশ্বতে বিয়পি পৰিছে।

UPI বা ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ এতিয়া ভাৰতৰ অনলাইন পেমেণ্ট ব্যৱস্থাৰ মেৰুদণ্ড হৈ পৰিছে। যাৰ জৰিয়তে কোটি কোটি ভাৰতীয়ই ডিজিটেল পেমেণ্ট ব্যৱস্থাত যোগদান কৰিছে। কেৱল ইমানে নহয় ফ্ৰান্স আৰু সংযুক্ত আৰব আমিৰশ্বাহী আদিকে ধৰি বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে ভাৰতৰ UPI ব্যৱস্থা।
প্ৰযুক্তি, উদ্ভাৱন আৰু চফ্টৱেৰৰ জগতখনত ভাৰতৰ প্ৰভাৱ যে দ্ৰুতগতিত বৃদ্ধি পাইছে তাৰ প্ৰমাণ UPIৰ অগ্ৰগতিৰ এই কাহিনী। ২০১৬ চনত ভাৰতত UPI আৰম্ভ কৰা হৈছিল।এই ব্যৱস্থাটো ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগম বা NPCI আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে আৰম্ভ কৰিছিল। এই ব্যৱস্থাটো এতিয়া লাহে লাহে সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। কাৰণ ইয়াত QR ক’ড বা ইউপিআই আইডিৰ জৰিয়তে সহজে ধন পৰিশোধ কৰিব পৰা যায়।
এতিয়ালৈকে মুঠ ৮খন দেশত এই ইউপিআই ব্যৱস্থা কাৰ্যক্ষম হৈ উঠিছে। ভাৰতৰ বাহিৰৰ প্ৰথমখন দেশ হিচাপে ২০২১ চনত ভূটানত UPI আৰম্ভ কৰা হৈছিল। সেই বছৰৰ শেষৰ ফালে সংযুক্ত আৰব আমিৰশ্বাহীত UPI আৰম্ভ কৰা হয়। ২০২৪ চনত ফ্ৰান্স UPI গ্ৰহণ কৰা প্ৰথমখন ইউৰোপীয় দেশ হিচাপে পৰিগণিত হয়। দেশখনত ভাৰতৰ NPCI আৰু ফ্ৰান্সৰ লাইৰা নেটৱৰ্কৰ সহযোগত UPI আৰম্ভ কৰা হৈছিল।
ইয়াৰ উপৰিও নেপাল, মৰিচাছ, শ্ৰীলংকা, ছিংগাপুৰ আৰু ট্ৰিনিদাদ আৰু ট’বাগোতো UPI আৰম্ভ কৰা হৈছে। জ্ঞাত সূত্ৰৰ মতে ভৱিষ্যতে কাটাৰ, থাইলেণ্ড, মালয়েছিয়া, ব্ৰিটেইন, ওমান আৰু মালদ্বীপৰ দৰে দেশত ইউ পি আই আৰম্ভ হ’ব পাৰে।