এতিয়াৰ পৰা OTP অবিহনে নাপাব ৰে’ল টিকট, নিয়ম সলনি ৰে’লৱেৰ !
আগন্তুক দিনত OTP ভেৰিফিকেচনৰ পিছতহে তৎকাল টিকট প্ৰদান কৰা হ’ব। অৰ্থাৎ OTP অবিহনে টিকট পোৱাটো কাৰ্যতঃ অসম্ভৱ হৈ পৰিব।
ভাৰতীয় ৰে’লৱেই টিকট ব্যৱস্থাক অধিক সুৰক্ষিত আৰু স্বচ্ছ কৰি বিভিন্ন ধৰণে ব্যৱস্থা কৰিছে। এতিয়া ৰে’লৱেই তৎকাল টিকট বুকিঙৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ গৈ আছে, যাৰ ফলত যাত্ৰীসকলৰ বাবে নতুন প্ৰক্ৰিয়াৰ প্ৰৱৰ্তন হোৱাই নহয়, টিকট ব্লেক মাৰ্কেটিংও ৰোধ কৰিবলৈ সক্ষম হ’ব। আগন্তুক দিনত OTP ভেৰিফিকেচনৰ পিছতহে তৎকাল টিকট প্ৰদান কৰা হ’ব। অৰ্থাৎ OTP অবিহনে টিকট পোৱাটো কাৰ্যতঃ অসম্ভৱ হৈ পৰিব।
কিয় OTP ভিত্তিক তৎকাল ব্যৱস্থা ৰূপায়ণ কৰা হৈছে?
তৎকালৰ টিকটৰ আটাইতকৈ ডাঙৰ সমস্যা সদায় ইয়াৰ অপব্যৱহাৰ। ভুৱা নম্বৰ, এজেণ্টৰ সৈতে গোপন বুজাবুজি, প্ৰৱঞ্চনামূলক বুকিং আদি অভিযোগ উত্থাপন হৈছে। ৰে’লৱেৰ মতে OTP ভিত্তিক ব্যৱস্থাই এনে অপব্যৱহাৰ যথেষ্ট পৰিমাণে ৰোধ কৰিব, যাতে প্ৰকৃত যাত্ৰীসকলেহে টিকট লাভ কৰিব পাৰে। ইয়াৰ ফলত টিকট বুকিঙৰ ক্ষেত্ৰত স্বচ্ছতা আৰু বিশ্বাস দুয়োটা বৃদ্ধি পাব।
ইতিমধ্যে অনলাইন টিকটৰ ক্ষেত্ৰত পৰিৱৰ্তন কৰা হৈছে
ইয়াৰ পূৰ্বে ৰে’লৱেই অনলাইন টিকটত এই মডেলটো ট্ৰাইল কৰিছিল। ২০২৫ চনৰ জুলাই মাহত অনলাইন তৎকাল টিকটৰ বাবে আধাৰ ভিত্তিক প্ৰমাণীকৰণ প্ৰৱৰ্তন কৰা হয়। ইয়াৰ পিছত ২০২৫ চনৰ অক্টোবৰ মাহত সকলো সাধাৰণ ৰিৰ্জাভৰ বাবে অনলাইন OTP পৰীক্ষণ বাধ্যতামূলক কৰা হয়। এই দুয়োটা পৰিৱৰ্তন যাত্ৰীসকলে সহজেই গ্ৰহণ কৰিছিল আৰু ৰে’লৱেই টিকট প্ৰক্ৰিয়াত অধিক স্বচ্ছতা লাভ কৰে।
এতিয়া কাউণ্টাৰ টিকটৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব OTP
২০২৫ চনৰ ১৭ নৱেম্বৰৰ পৰা ৰে’লৱেই কাউণ্টাৰত OTP ভিত্তিক তৎকাল টিকট বুকিঙৰ পাইলট প্ৰজেক্ট আৰম্ভ কৰিছে। কেইখনমান ৰে’লৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে ৫২খন ৰে’ললৈ সম্প্ৰসাৰণ কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত কোনো যাত্ৰীয়ে কাউণ্টাৰত তৎকাল টিকট বুকিং কৰিলে বুকিং ফৰ্মত দিয়া মোবাইল নম্বৰলৈ OTP প্ৰেৰণ কৰা হয়। এই OTP কাউণ্টাৰত দিয়াৰ পিছতহে টিকট নিশ্চিত কৰা হয়। যদি OTP ভুল হয় বা মোবাইল নম্বৰ ভুল হয় তেন্তে টিকট দিয়া নহ’ব।
অতি সোনকালে সকলো ৰে’লত কাৰ্যকৰী কৰা হ’ব
আগন্তুক কেইদিনমানৰ ভিতৰত সমগ্ৰ দেশৰ সকলো ৰে’লতে এই ব্যৱস্থা ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে ৰে’লৱেয়ে। ইয়াৰ উদ্দেশ্য কেৱল কাৰিকৰী পৰিৱৰ্তন কৰাই নহয় বৰঞ্চ টিকট বিতৰণক অধিক ন্যায্য আৰু স্বচ্ছ কৰি তোলা। ইয়াৰ দ্বাৰা টিকট বিক্ৰীৰ ক্ষেত্ৰত ভুল বা অমিল কঠোৰভাৱে ৰোধ কৰা হ’ব আৰু যাত্ৰীসকলক নিশ্চিত কৰা হ’ব যে, তেওঁলোকৰ টিকট সঠিকভাৱে বুকিং কৰা হৈছে।