শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Railway fare hike: আজিৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া! কি প্ৰভাৱ পৰিব মধ্যবিত্তৰ পকেটত…

Railway fare hike: পুনৰ বৃদ্ধি পালে ৰে'লৰ ভাড়া। সোমবাৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ে ৫ বছৰৰ ব্যৱধানৰ পিছত পুনৰ ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ১ জুলাইৰ পৰা কাৰ্যকৰী হৈছে এই নিয়ম।

Railway fare hike: আজিৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া! কি প্ৰভাৱ পৰিব মধ্যবিত্তৰ পকেটত…
ভাৰতীয় ৰে'লImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 01 Jul 2025 15:13 PM

পুনৰ বৃদ্ধি পালে ৰে’লৰ ভাড়া। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ে শেষবাৰৰ বাবে ২০২০ চনত চৰকাৰী অধিসূচনা জাৰি কৰি যাত্ৰীবাহী ৰে’লৰ ভাড়া বৃদ্ধি কৰিছিল। তাৰ পাছতে সোমবাৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ে ৫ বছৰৰ ব্যৱধানৰ পিছত পুনৰ ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এক অধিসূচনা জাৰি কৰি ঘোষণা কৰে যে ১ জুলাইৰ পৰা নতুন ভাড়া গাঁথনিৰ অধীনত ৰে’ল চলাচল কৰিব।

ৰে’ল মন্ত্ৰালয়ে এক অধিসূচনাযোগে কয় যে মেইল ​​আৰু এক্সপ্ৰেছৰ ক্ষেত্ৰত নন-এচি দ্বিতীয় শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীলৈ প্ৰতি কিলোমিটাৰত ১ পইচা ভাড়া বৃদ্ধি কৰা হ’ব। আনহাতে, এচি চেয়াৰ কেয়াৰৰ পৰা এচি ফাৰ্ষ্ট ক্লাছলৈ প্ৰতি কিলোমিটাৰত ২ পইচাকৈ ভাড়া বৃদ্ধি কৰা হ’ব। অৱশ্যে এই ভাড়া বৃদ্ধিৰ ফলত স্থানীয় ৰে’লৰ ওপৰত কোনো প্ৰভাৱ নপৰে।

দ্বিতীয় শ্ৰেণীৰ সাধাৰণ ৰে’লত প্ৰথম ৫০০ কিলোমিটাৰ যাত্ৰাৰ বাবে যাত্ৰীসকলে কোনো অতিৰিক্ত ধন দিব নালাগিব। সেই ক্ষেত্ৰত আগৰ ভাড়াই লোৱা হ’ব। কিন্তু ৫০০ কিলোমিটাৰ অতিক্ৰম কৰিলে ৫ টকাকৈ ভাড়া বৃদ্ধি কৰা হ’ব। ইয়াৰ পৰিমাণ অতিৰিক্ত ১৫ টকা বৃদ্ধি পাব সৰ্বাধিক ৩ হাজাৰ কিলোমিটাৰত। তদুপৰি শ্লীপাৰ ক্লাছৰ সাধাৰণ আৰু প্ৰথম শ্ৰেণীৰ সাধাৰণ ডবাত প্ৰতি কিলোমিটাৰত ০.৫ পইচাকৈ ভাড়া বৃদ্ধি পাব।

ৰে’ল মন্ত্ৰালয়ৰ তথ্য অনুসৰি ১ জুলাইৰ পৰা দীৰ্ঘ দূৰত্বৰ ৰে’লত এই নতুন ভাড়াৰ গাঁথনি কাৰ্যকৰী কৰা হ’ব। যাৰ বাবে নূন্যতম ১৫০ কিলোমিটাৰ যাত্ৰাৰ বাবে এ চি চেয়াৰ গাড়ীৰ ভাড়া ২১৪ টকা হব। ই সৰ্বাধিক ৫ হাজাৰ কিলোমিটাৰলৈ উঠিলে ২,৭৭৮ টকা খৰচ হ’ব।

সাধাৰণতে এচি কম্পাৰ্টমেণ্টত যাত্ৰা কৰাৰ সময়ত মধ্যবিত্ত শ্ৰেণীৰ প্ৰথম পছন্দ হ’ল এচি-৩ টায়াৰ। ৰে’লৱেৰ নতুন গাঁথনি অনুসৰি এই থাৰ্ড এচিত নূন্যতম ১৫০ কিলোমিটাৰ যাত্ৰাৰ খৰচ এতিয়াৰে পৰা হ’ব ৪৪৬ টাকা। সৰ্বাধিক ৫,০০০ কিলোমিটাৰ পৰ্যন্ত যাত্ৰাৰ খৰচ ৩,৩১৩ টাকা।

এতিয়া যদি কোনোবাই ৫,০০০ কিলোমিটাৰতকৈ অধিক যাত্ৰা কৰে। তেনে ক্ষেত্ৰত ভাড়াৰ গাঁথনি অলপ বেলেগ। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ে কয় যে ৫ হাজাৰ কিলোমিটাৰৰ ওপৰৰ যাত্ৰাৰ বাবে প্ৰতি ৫০ কিলোমিটাৰত নূন্যতম খৰচ ৫ টাকা। সৰ্বোচ্চ খৰচ ৮১ টকা।

 

অন্য খবৰ পঢ়কঃ একত্ৰিত হ’ল আম্বানী-আদানী! বৃহৎ চুক্তিত স্বাক্ষৰ, একেলগে বিক্ৰী কৰিব ইন্ধন…