Indian Railway News: ভাৰতীয় ৰে’লৱেত ডাঙৰ পৰিৱৰ্তন! সলনি সংৰক্ষিত টিকট বুকিঙৰ নিয়ম
Indian Railway News: ভাৰতীয় ৰে’লৱেৰ সূত্ৰ অনুসৰি ৰে’লৱে কাউণ্টাৰত বুকিং কৰাৰ সময় আৰু পদ্ধতি একেই থাকিব। কিন্তু অনলাইন বুকিঙৰ ক্ষেত্ৰত বুকিং আৰম্ভৰ প্ৰথম ১৫ মিনিটৰ ভিতৰত আধাৰ পৰিচয় পত্ৰ অবিহনে টিকট বুকিং কৰা সম্ভৱ নহ’ব। ৰে'ল মন্ত্ৰালয়ে ইতিমধ্যে নতুন নিয়ম অনুসৰি আই আৰ চি টি চি আৰু চি আৰ আই এছ ব্যৱস্থা আপডেট কৰিবলৈ নিৰ্দেশ দিছে।

Indian Railway Ticket Booking: সংৰক্ষিত টিকট বুকিং কৰাৰ পদ্ধতি সলনি হৈছে। ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম। প্ৰৱঞ্চনা আৰু টিকটৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ ৰে’লৱে পূৰ্বতকৈ কঠোৰ হৈছে। টিকট বুকিং কৰাৰ সময়ত প্ৰথম ১৫ মিনিটৰ ভিতৰত আধাৰ কাৰ্ড বাধ্যতামূলক।
ভাৰতীয় ৰে’লৱেৰ কাউণ্টাৰত বুকিং কৰাৰ সময় আৰু পদ্ধতি একেই থাকিব। কিন্তু অনলাইন বুকিঙৰ ক্ষেত্ৰত বুকিং আৰম্ভ হোৱাৰ প্ৰথম ১৫ মিনিটৰ ভিতৰত আধাৰ পৰিচয় পত্ৰ অবিহনে টিকট বুকিং কৰা সম্ভৱ নহ’ব। ৰে‘ল মন্ত্ৰালয়ৰ নতুন নিয়ম অনুসৰি আই আৰ চি টি চি আৰু CRIS ব্যৱস্থা আপডেট কৰিবলৈ নিৰ্দেশ দিছে। একেদৰে চেণ্টাৰ ফৰ ৰে‘লৱে ইনফৰ্মেশ্যন চিষ্টেম বা চি আৰ আই এছ আৰু আই আৰ চি টি চিৰ সৈতে জড়িত বিষয়াসকলেও নিজৰ কাম আৰম্ভ কৰিছে। এই অন্তিম তাৰিখ অক্টোবৰ মাহলৈকে। পূজাৰ মাজভাগৰ পৰা আৰম্ভ হোৱা প্ৰক্ৰিয়াটোৰ বাবে তেওঁলোকে ক্ষীপ্ৰতাৰে কাম কৰি আছে।
হঠাৎ কিয় এই নতুন নিয়মৰ প্ৰয়োজন? জানিব পৰা মতে, সংৰক্ষিত টিকটৰ অপব্যৱহাৰ আৰু জালিয়াতি ৰোধৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছে। বহু সময়ত যাত্ৰীসকলে এজেণ্টৰ বিৰুদ্ধে অভিযোগ কৰে যে বুকিং আৰম্ভ হোৱাৰ লগে লগে একে সময়তে একাধিক টিকট বুকিং কৰে। যাৰ বাবে বহুতে ৰিজাৰ্ভ টিকট নাপায়। কিছুমানে পালেও বেছি দামত ‘তৃতীয় পক্ষ’ৰ পৰা কিনিব লাগে। গতিকে ক’লা বজাৰ ৰোধৰ বাবে ৰে’লৱেৰ এয়া এক ডাঙৰ পদক্ষেপ। যাৰ বাবে টিকট বুকিঙৰ বাবে প্ৰথম ১৫ মিনিটৰ বাবে আধাৰ কাৰ্ডৰ ‘প্ৰমাণীকৰণ’ বা পৰীক্ষণ বাধ্যতামূলক।