লক্ষ্য দুৰ্ঘটনা ৰোধ কৰাৰ! ৩০৯ কোটি টকা ব্যয় সাপেক্ষে ভাৰতীয় ৰে’লত স্থাপন কৰা হ’ব কবচ…
ৰে'ল যাত্ৰীৰ সুৰক্ষাৰ কথা আগত ৰাখি কেন্দ্ৰ চৰকাৰে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰায় ৩০৯ কোটি টকা ব্যয় সাপেক্ষে কবচ স্থাপন কৰা হ'ব। ইতিমধ্যে বহু কেইটাস্থানত এই প্ৰযুক্তি স্থাপন কৰা হৈছে।

নিৰাপত্তাৰ ওপৰত ‘শূন্য সহনশীলতা’। কোনো কাৰণতে যাত্ৰীৰ জীৱন বিপদত পেলাব নিবিচাৰে কেন্দ্ৰীয় চৰকাৰে। সেয়ে ভাৰতীয় ৰে’লৱেত কবচ স্থাপন কৰিবলৈ সাজু হৈছে কেন্দ্ৰ। তথ্য অনুসৰি, প্ৰায় ৩০৯ কোটি টকা ব্যয় কৰি কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰে’লৱেত নতুন প্ৰযুক্তি অন্তৰ্ভুক্ত কৰাৰ যো জা চলাইছে। ৰে’ল মন্ত্ৰালয়ে কবচ প্ৰযুক্তি অন্তৰ্ভুক্তৰ বাবে ৩০৯ কোটি টকাৰ আৱন্টন দিছে। ইয়াক ২০২৪-২৫ বৰ্ষৰ, মেছিনাৰী আৰু ৰে’লৱে ষ্টক প্ৰগেমৰ অন্তৰ্গত ২৭,৬৯৩ কোটি টকাৰ অব্ৰেলা প্ৰজেক্টৰ অধীনত দিয়া হৈছে।
গতিকে প্ৰশ্ন হয়, এই ‘কবচ’ কি? ৰে’ল মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, ই এক স্বয়ংক্ৰিয় ৰে’ল সুৰক্ষা ব্যৱস্থা (Automatic train protection system)। এক প্ৰকাৰৰ ই এক সুৰক্ষা ব্যৱস্থা। এই বিশেষ প্ৰযুক্তিয়ে চালকক প্ৰতি মুহূৰ্তত সতৰ্ক কৰাৰ লগতে ৰে’লৰ গতি নিয়ন্ত্ৰণ কৰি দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰাত সহায় কৰে।
বহু সময়ত, বিশেষকৈ শীতকালত ঘন কুঁৱলীৰ বাবে ৰে’ল চলোৱাত চালকে অসুবিধাৰ সন্মুখীন হয়। আনকি বিগত সময়চোৱাত বহু ৰে’ল দুৰ্ঘটনাৰো বহু খবৰ পোহৰলৈ আহিছে। গতিকে এই কবচৰ ব্যৱস্থা কৰিছে চৰকাৰে। ৰে’লৱেৰ সূত্ৰই দাবী কৰা অনুসৰি, এই প্ৰযুক্তিয়ে এনে সমস্যাৰ পৰা সকাহ প্ৰদান কৰিব।
উল্লেখ্য যে, বিগত সময়চোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছিল। য’ত বহু লোকৰ মৃত্যু হোৱাৰ লগতে বহু ঘূণীয়া হৈ ৰৈছে। বৃদ্ধি হোৱা ৰে’ল দুৰ্ঘটনাক লৈ কেন্দ্ৰ চিন্তিত হৈ পৰিছে। মানুহৰ জীৱন অমূল্য। গতিকে যাত্ৰীৰ নিৰাপত্তা তথা সুৰক্ষাৰ ক্ষেত্ৰত কোনো সুৰুঙা ৰাখিব বিচৰা নাই চৰকাৰে। যাৰ বাবে ৰে’লৱে এই প্ৰযুক্তি ব্যৱহাৰ কৰিছে। ইতিমধ্যে ইয়াৰ বাবে কেবিনেটে অনুমোদন জনাইছে।
প্ৰশ্ন হয়, এই কবচ কত স্থাপন কৰা হ’ব ? নতুন দিল্লীৰ সূত্ৰ অনুসৰি উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ ১৪টা ৰে’ল বিভাগত ৰে’ল মন্ত্ৰালয়ে ৩০৯ কোটি টকা ব্যয় সাপেক্ষে ‘কবচ’ স্থাপন কৰিব। যিটো বীৰলানগৰ-উধিমাৰ পথৰ পৰা আৰম্ভ হ’ব।
ইতিমধ্যে দিল্লী-মুম্বাই অংশৰ মথুৰা-কোটা পথত এই ‘কবচ’ স্থাপন কৰিছে কেন্দ্ৰই। আগন্তুক ৬ বছৰৰ ভিতৰত দেশৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ৰে’লৱে অংশত এই সুৰক্ষা স্থাপনৰ লক্ষ্য ৰাখিছে চৰকাৰে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, “বহু উন্নত দেশে ২০-৩০ বছৰতো নিজৰ ৰে’ল সুৰক্ষা ব্যৱস্থা গঢ়ি তুলিব নোৱাৰে। সেই প্ৰেক্ষাপটত আমি অতি কম সময়ৰ ভিতৰতে মথুৰা-কোটা পথত এই কবচ স্থাপন কৰিছো।”
অন্য খবৰ পঢ়কঃ ট্ৰাম্পৰ ভাবুকিক বুঢ়া আঙুলি! শীঘ্ৰেই ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন…