শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এতিয়া আৰু অধিক দ্ৰুত তথা সুৰক্ষিত হ’ব স্পীড পোষ্ট, কেন্দ্ৰ চৰকাৰে ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই সামাজিক মাধ্যম যোগে এই বিষয়ে তথ্য প্ৰকাশ কৰিছে। এই পদক্ষেপসমূহৰ জৰিয়তে এতিয়া স্পীড পোষ্ট সেৱা দ্ৰুত আৰু সুৰক্ষিত হ’ব বুলি তেওঁ লগতে কয়।

এতিয়া আৰু অধিক দ্ৰুত তথা সুৰক্ষিত হ’ব স্পীড পোষ্ট, কেন্দ্ৰ চৰকাৰে ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ভাৰতীয় ডাক সেৱা
monjit-dutta
Monjit Dutta | Published: 27 Sep 2025 11:41 AM

ভাৰতীয় ডাক বিভাগৰ সুবিধা গ্ৰহণত এতিয়া দেশবাসী হ’ব অধিক উপকৃত। ডাক বিভাগৰ বিশেষ সুবিধা ইনলেণ্ড স্পীড পোষ্টৰ বাবে শুল্ক পৰিৱৰ্তন আৰু নতুন সুবিধাৰ বিষয়ে ঘোষণা কৰিছে। এই পৰিৱৰ্তনসমূহ ২০২৫ চনৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। আধুনিকীকৰণৰ পদক্ষেপৰ অংশ হিচাপে আৰম্ভ কৰা ডাক বিভাগৰ এই সিদ্ধান্তই ব্যক্তিগত কুৰিয়াৰ কোম্পানীসমূহৰ পৰিৱৰ্তে স্পীড পোষ্টক এতিয়া এক শক্তিশালী বিকল্প হিচাপে গঢ়ি তুলিব বুলি আশা কৰা হৈছে।

সমগ্ৰ দেশতে দ্ৰুত আৰু নিৰ্ভৰযোগ্য ডেলিভাৰীৰ বাবে পৰিচিত স্পীড পোষ্ট। এই সেৱা ১৯৮৬ চনৰ ১ আগষ্টৰ পৰা আৰম্ভ কৰা হৈছিল। স্পীড পোষ্টৰ শুল্ক ইতিপূৰ্বে ২০১২ চনৰ অক্টোবৰ মাহত অন্তিমবাৰৰ বাবে সংশোধন কৰা হৈছিল। বৰ্ধিত কাৰ্যকৰী খৰচ আৰু নতুন প্ৰযুক্তিগত বিনিয়োগৰ সৈতে মোকাবিলা কৰিবলৈ শুল্ক পৰিৱৰ্তন কৰা হৈছিল।

এতিয়া গ্ৰাহকৰ সুবিধা আৰু বিশ্বাস বৃদ্ধিৰ বাবে নতুন কিছু সুবিধা এই সেৱাত সংযোজন কৰা হৈছে। এনে সুবিধাসমূহ হৈছে-

ৰেজিষ্ট্ৰেচন সেৱাঃ স্পীড পোষ্টৰ বাবে এতিয়া পঞ্জীয়ন উপলব্ধ। ডেলিভাৰী কেৱল নিৰ্ধাৰিত ঠিকনালৈহে কৰা হ’ব। প্ৰতিটো বস্তুৰ বাবে ৫ টকাসহ জিএছটি চাৰ্জ প্ৰযোজ্য হ’ব।

OTP ডেলিভাৰীঃ এই সেৱা ঠিকনাদাতাই OTP পৰীক্ষা কৰাৰ পিছতহে প্ৰদান কৰা হ’ব। ইয়াৰ দ্বাৰা প্ৰতিটো বস্তুৰ ৫ টকাসহ জিএছটি চাৰ্জো লোৱা হ’ব।

ছাত্ৰ-ছাত্ৰীৰ বাবে ৰেহাইঃ ছাত্ৰ-ছাত্ৰীসকলে শুল্কত ১০% ৰেহাই লাভ কৰিব।

নতুন ‘Bulk customers’ৰ বাবে ৰেহাইঃ নতুন ‘Bulk customers’- এ ৫% ৰেহাই লাভ কৰিব।

এছএমএছ ভিত্তিক ডেলিভাৰী জাননীঃ ব্যৱহাৰকাৰীয়ে এছএমএছৰ জৰিয়তে ডেলিভাৰী সম্পৰ্কীয় তথ্য লাভ কৰিব।

সুবিধাজনক অনলাইন বুকিংঃ সেৱা ব্যৱহাৰকাৰীসকলক অনলাইন বুকিং কৰাৰ সুবিধাও প্ৰদান কৰা হ’ব।

লাইভ ডেলিভাৰী আপডেটসমূহঃ আপুনি এতিয়া পাৰ্চেলৰ লাইভ ডেলিভাৰী আপডেটসমূহো লাভ কৰিব।

স্পীড পোষ্টৰ চাৰ্জ সংশোধনী অনুসৰি চলিত মাহৰ ১ তাৰিখৰ পৰা ৫০ গ্ৰাম পৰ্যন্ত সামগ্ৰীৰ পৰা স্থানীয় অঞ্চলৰ বাবে ১৯টকা আৰু তাৰ বাহিৰৰ দূৰত্বৰ বাবে ৪৭ টকা লোৱা হ’ব। ইয়াৰ উপৰিও ৫১ গ্ৰামৰ পৰা ২৫০ গ্ৰাম ওজনৰ সামগ্ৰীৰ বাবে স্থানীয় ডেলিভাৰীৰ বাবে ২৪ টকা, ২০০ কিলোমিটাৰ পৰ্যন্ত ৫৯ টকা লোৱা হ’ব।

একেদৰে ২০১ কিলোমিটাৰৰ পৰা ৫০০ কিলোমিটাৰলৈ ৬৩ টকা, ৫০১ কিলোমিটাৰৰ পৰা ১০০০ কিলোমিটাৰলৈ ৬৮ টকা, ইয়াতকৈ অধিক দূৰত্বৰ বাবে ৭৭ টকা খৰচ হ’ব। ২৫১ গ্ৰামৰ পৰা ৫০০ গ্ৰাম ওজনৰ আন সামগ্ৰীৰ ক্ষেত্ৰত স্থানীয় ডেলিভাৰীৰ বাবে ২৮ টকা, ২০০ কিলোমিটাৰ পৰ্যন্ত ৭০ টকা নিৰিখ নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে ২০১ কিলোমিটাৰৰ পৰা ৫০০ কিলোমিটাৰৰ ভিতৰত ৭৫ টকা, ৫০১ কিলোমিটাৰৰ পৰা ১০০০ কিলোমিটাৰৰ ভিতৰত ৮২ টকা, ১০০১ কিলোমিটাৰৰ পৰা ২০০০ কিলোমিটাৰৰ ভিতৰত ৮৬ টকা আৰু তাতকৈ অধিক দূৰত্বৰ বাবে ৯৩ টকা নিৰিখ নিৰ্ধাৰণৰ কৰিছে চৰকাৰে।

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই সামাজিক মাধ্যম যোগে এই বিষয়ে তথ্য প্ৰকাশ কৰিছে। এই পদক্ষেপসমূহৰ জৰিয়তে এতিয়া স্পীড পোষ্ট সেৱা দ্ৰুত আৰু সুৰক্ষিত হ’ব বুলি তেওঁ লগতে কয়। নতুনকৈ গ্ৰহণ কৰা এই পদক্ষেপসমূহৰ জৰিয়তে ডাক বিভাগে স্পীড পোষ্টক অধিক সুৰক্ষিত, স্বচ্ছ, আৰু প্ৰযুক্তিভিত্তিক কৰি তোলাৰ লক্ষ্য লৈছে।