ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ সৈতে সংযুক্ত হ’ল EPFO, লাভ কৰিব এই সুবিধা…
এই চুক্তিৰ ফলস্বৰূপে এতিয়াৰে পৰা ঘৰৰ দুৱাৰমুখতে ডিজিটেল লাইফ চাৰ্টিফিকেট জমা দিয়াৰ সুবিধা উপলব্ধ হ’ব। তাৰ পিছত আৰু পেঞ্চনাৰসকলে আৰু বেংক বা ইপিএফঅ’ৰ কাৰ্যালয়লৈ গৈ শাৰী পাতি থিয় হ’ব নালাগিব।
ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকে ইপিএফঅ’ৰ সৈতে হাত মিলাই, আপোনাৰ পেঞ্চনৰ ছবি সলনি হ’ব!
৩ নৱেম্বৰ অৰ্থাৎ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ সৈতে সংযুক্ত হৈছে EPFO বা কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা। এই দুয়োটা সংস্থাৰ মাজত এই ঐতিহাসিক চুক্তিয়ে দেশৰ কোটি কোটি পেঞ্চনাৰৰ জীৱন সলনি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
পূৰ্বে ইয়াৰ ঘোষণা কৰা হৈছিল। এই চুক্তিৰ ফলস্বৰূপে এতিয়াৰে পৰা ঘৰৰ দুৱাৰমুখতে ডিজিটেল লাইফ চাৰ্টিফিকেট জমা দিয়াৰ সুবিধা উপলব্ধ হ’ব। তাৰ পিছত আৰু পেঞ্চনাৰসকলে আৰু বেংক বা ইপিএফঅ’ৰ কাৰ্যালয়লৈ গৈ শাৰী পাতি থিয় হ’ব নালাগিব।
এই সেৱাই কেনেকৈ কাম কৰিব?
ইয়াৰ বাবে বিশাল নেটৱৰ্ক ব্যৱহাৰ কৰিব ইণ্ডিয়ান পোষ্ট পেমেণ্টছ বেংকে। ফলত দেশৰ ১.৬৫ লাখৰো অধিক ডাকঘৰ আৰু ৩ লাখৰো অধিক পোষ্টমেন বা গ্ৰামীণ ডাক সেৱকে আপোনাৰ দুৱাৰমুখলৈ আহি এই সেৱা আগবঢ়াব।
আপোনাৰ ঘৰৰ দুৱাৰমুখলৈ বেংকিঙৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি লৈ আহিব ডাক সেৱকে । ইয়াৰ জৰিয়তে আধাৰ ভিত্তিক মুখৰ প্ৰমাণীকৰণ বা ফিংগাৰপ্ৰিণ্ট বায়’মেট্ৰিক প্ৰমাণীকৰণ ব্যৱহাৰ কৰি লাইফ চাৰ্টিফিকেট ডিজিটেলভাৱে জমা দিব পাৰিব।
কিমান খৰচ হ’ব?
এই সেৱা আপোনাৰ বাবে সম্পূৰ্ণ বিনামূলীয়া! ডিজিটেল লাইফ চাৰ্টিফিকেট প্ৰদানৰ সমগ্ৰ খৰচ কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ডে বা EPFO -এ বহন কৰিব।
কোনে লাভ কৰিব সুবিধা?
বিশেষকৈ গ্ৰাম্য আৰু অৰ্ধনগৰীয়া অঞ্চলৰ যিসকল জ্যেষ্ঠ নাগৰিকে ইপিএফঅ’ৰ কাৰ্যালয় বা বেংকলৈ যাৱলৈ অসুবিধা পায়, তেওঁলোকেই আটাইতকৈ বেছি লাভৱান হ’ব।
কেনেকৈ আবেদন কৰিব?
যদি আপুনি EPFO পেঞ্চনাৰ হয় তেন্তে এই সেৱা সহজেই লাভ কৰিব পাৰিব। ইয়াৰ বাবে আপোনাৰ ওচৰৰ ডাকঘৰ বা গ্ৰামীণ ডাক সেৱকৰ সৈতে যোগাযোগ কৰক।
আপুনি মাত্ৰ আধাৰ নম্বৰ আৰু পেঞ্চনৰ সবিশেষ বিৱৰণ দি আধাৰ- লিংক ফেচ বা ফিংগাৰপ্ৰিণ্ট বায়’মেট্ৰিক্সৰ জৰিয়তে বিষটোৰ প্ৰমাণীকৰণ কৰিব লাগিব।
ইয়াৰ পিছত আপোনাৰ মোবাইলত এটা নিশ্চিতকৰণ বাৰ্তা আহিব আৰু পিছদিনা jeevanpramaan.gov.in ৱেবছাইটত প্ৰমাণপত্ৰখন লাভ কৰিব। ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকে ২০২০ চনৰ পৰা এই সেৱা আগবঢ়াই আহিছে। এতিয়া কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচনৰ সৈতে জড়িত হৈ লাখ লাখ লোকৰ ওচৰলৈ অধিক সহজে সুবিধা লাভ কৰিব।