ভাৰতৰ বাবে গেম চেঞ্জাৰ ! চীন-পাকিস্তানৰ টোপনি হৰিব মেক ইন ইণ্ডিয়াৰ এই অস্ত্ৰই…
ভাৰতে নিৰ্মাণ কৰিলে এডভান্সড ট’ড আৰ্টিলাৰী গান চিষ্টেম। ই ভাৰতৰ বাবে গেম চেঞ্জাৰ হ'ব পাৰে বুলি কোৱা হৈছে। ইয়াৰ শক্তিয়ে টোপনি হৰিব চীন আৰু পাকিস্তানৰ।

৮০ দশকত ছুইডেনৰ পৰা ভাৰতলৈ আহিছিল বফৰ্চ আৰ্টিলাৰী। কিন্তু এই বফৰ্চ আৰ্টিলাৰীৰ দুৰ্নীতিৰ অভিযোগতে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল ৰাজীৱ গান্ধীয়ে। কাৰ্গিল যুদ্ধৰ জয়তো বিশেষ ভূমিকা পালন কৰিছিল বফৰ্চ আৰ্টিলাৰীয়ে। ইয়াৰ পাছৰে পৰা এই ধৰণৰ আৰ্টিলাৰী ভাৰতত নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত আছিল। প্ৰায় ডেৰ-দুই দশকৰ পাছত সফলতা কৰিছে সেই প্ৰচেষ্টাই।
ভাৰতে এতিয়া ঘৰতে নিৰ্মাণ কৰিছে এডভান্সড ট’ড আৰ্টিলাৰী গান চিষ্টেম। ই এটা অতি শক্তিশালী গধুৰ আৰ্টিলাৰি, যাক ভৱিষ্যতৰ যুদ্ধত ভাৰতৰ বাবে গেম চেঞ্জাৰ হ’ব পাৰে বুলি কোৱা হৈছে। এই আৰ্টিলাৰীৰ ডিজাইন কৰিছিল ডি আৰ ডি অ’ই । ইয়াক নিৰ্মাণ কৰিছিল ভাৰত ফৰ্জ লিমিটেড আৰু টাটা এডভান্সড চিষ্টেমছ লিমিটেডে। ইয়াৰ ওজন হৈছে ১৫ টন।
যিখন বাহনত এই কামানটো স্থাপন কৰা হৈছে সেই বাহনৰ ওজনো ১৫ টন। ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত ৯০ কিলোমিটাৰ। পাহাৰীয়া ভূখণ্ডত প্ৰতি ঘণ্টাত ইয়াৰ গতি ৬০ কিলোমিটাৰ। এই কামানটো সক্ৰিয় কৰাৰ ৮৫ ছেকেণ্ডতে গুলী চালনা কৰিব পাৰে। এই চিষ্টেমে ৫০ কিলোমিটাৰ দূৰত্বৰ যিকোনো লক্ষ্যক ভেদ কৰিব পাৰে । লগতে এই আৰ্টিলাৰীৰ ১ মিনিটত ৫ ৰাউণ্ড গুলী চালনা কৰিব পৰা ক্ষমতা আছে। ইফালে, এই কামানৰ বুলেটপ্ৰুফ কেবিনত ৭ জন জোৱান থাকিব পাৰে। কোৱা হৈছে যে, এবাৰ টাৰ্গেট ল’ক কৰাৰ পাছতে এই চিষ্টেমে স্বয়ংক্ৰিয়ভাৱে গুলী চালনা কৰিব পাৰে।
যুদ্ধক্ষেত্ৰত যিকোনো গধুৰ আৰ্টিলাৰী ব্যৱহাৰ কৰাৰ এটা অসুবিধা হ’ল শত্ৰুৱে ইয়াৰ স্থান সোনকালে গম পায়। কিন্তু এই আৰ্টিলাৰীৰ ক্ষেত্ৰত এই সম্ভাৱনা কম। ইয়াৰ বিশেষ সুবিধাটো হ’ল গুলী চলোৱাৰ পিছত ইয়াক সোনকালে আঁতৰাই পঠিয়াব পাৰি, যাতে শত্ৰুৱে ইয়াৰ স্থান নিৰ্ধাৰণ কৰিব নোৱাৰে।
কোৱা হৈছে যে, আৰু কেইটামান পৰীক্ষাৰ অন্তত ভাৰতীয় সেনাবাহিনীত নিয়োজিত হ’ব এই থলুৱা আৰ্টিলাৰী। প্ৰথম পৰ্যায়ত ১৮টা কামান নিৰ্মাণৰ বাবে প্ৰায় ৭ হাজাৰ কোটি টকা ব্যয় কৰিছে চৰকাৰে।