শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আমেৰিকাৰ ‘দাদাগিৰী’ সহ্য নকৰে ভাৰতে ! আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত বৃহৎ পদক্ষেপ…

নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে, ভাৰতে কেতিয়াও আমেৰিকাৰ এই 'দাদাগিৰী' সহ্য নকৰে। সেই অনুসৰি ভাৰতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক লেনদেনত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।

আমেৰিকাৰ ‘দাদাগিৰী’ সহ্য নকৰে ভাৰতে ! আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত বৃহৎ পদক্ষেপ…
ভাৰতীয় টকাImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 12 Aug 2025 12:55 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক আৰোপ পাছতে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে। নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে, ভাৰতে কেতিয়াও আমেৰিকাৰ এই ‘দাদাগিৰী’ সহ্য নকৰে। সেই অনুসৰি ভাৰতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক লেনদেনত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ভাৰতীয় মুদ্ৰাৰ লেনদেন বৃদ্ধিৰ স্বাৰ্থত ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহক বিদেশী বেংকৰ বাবে বিশেষ টকাৰ ভষ্ট্ৰো একাউণ্ট (SRVA) খোলাৰ অনুমতি প্ৰদান কৰিছে। সেই অনুসৰি, ভাৰতৰ কেন্দ্ৰীয় বেংকে কয় যে,ইয়াৰ বাবে RBI ৰ পৰা পূৰ্বৰ অনুমতি লোৱাৰ প্ৰয়োজন নাই। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ভাৰতীয় মুদ্ৰাৰ লেনদেন বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে আশা কৰিছে।

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত লেনদেন সাধাৰণতে ডলাৰত কৰা হয়। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো সহ্য কৰিব পৰা নাই ট্ৰাম্পে। যাৰ বাবে ট্ৰাম্পে ইতিমধ্যে আমেৰিকাত ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক বৃদ্ধি কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সকীয়াই দিছে যে, যদি ব্ৰিকছৰ সদস্য দেশসমূহে নিজৰ মুদ্ৰাৰে ব্যৱসায় কৰে তেন্তে তেওঁ ১০০ শতাংশ শুল্ক আৰোপ কৰিব। তেওঁ আৰু সকীয়াই দিয়ে যে যদি কোনো দেশে আমেৰিকা বিৰোধী ব্ৰিকছ নীতি গ্ৰহণ কৰে তেন্তে ১০ শতাংশ শুল্ক আৰোপ কৰা হ’ব।

সেই সতৰ্কবাণীৰ পিছতো চীন আৰু ৰাছিয়াই নিজৰ নিজৰ মুদ্ৰাৰ ব্যৱসায় আৰম্ভ কৰিছে। ব্ৰিকছ দেশসমূহৰ মাজত যাতে নিজৰ মুদ্ৰাত বাণিজ্য কৰিব পৰা যায় তাৰ বাবেও চেষ্টা চলাইছে। আৰু ইয়াৰ মাজতে ভাৰতেও আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ভাৰতীয় মুদ্ৰাৰ লেনদেন আৰু অধিক বৃদ্ধিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে।

ভাৰতীয় মুদ্ৰাত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সহজ কৰাৰ বাবে আৰ বি আইয়ে প্ৰায় তিনি বছৰ পূৰ্বে পদক্ষেপ গ্ৰহণ কৰিছিল। ২০২২ চনৰ জুলাই মাহত আৰ বি আইয়ে ঘোষণা কৰিছিল যে, ভাৰতীয় মুদ্ৰাত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চেটেলমেণ্ট কৰিব পৰা যাব। সেই সময়ত কোৱা হৈছিল যে, আৰ বি আইৰ অনুমতি সাপেক্ষে ভাৰতীয় মুদ্ৰাত বাণিজ্য চেটেলমেণ্টৰ বাবে কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰ বেংকে বিদেশী বেংকত বিশেষ টকাৰ ভষ্ট্ৰো একাউণ্ট খুলিব পাৰিব।

৫ আগষ্টত আৰ বি আইয়ে এক অধিসূচনাযোগে ঘোষণা কৰে যে, আৰ বি আইৰ অনুমতি অবিহনে এতিয়া অনুমোদিত ডিলাৰ বেংকে এই একাউণ্টসমূহ খুলিব পাৰিব। অৱশ্যে বেংকসমূহে ফৰেইন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট আৰু কে ৱাই চিৰ নিয়ম মানি চলিব লাগিব। ৰিজাৰ্ভ বেংকৰ মতে, এই সিদ্ধান্তৰ ফলত বিশেষ টকাৰ ভষ্ট্ৰো একাউণ্ট দ্ৰুত গতিত খুলিব পাৰিব আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ভাৰতীয় মুদ্ৰাত চেটেলমেণ্ট সহজ হৈ পৰিব।