সংসদত গৃহীত নতুন আয়কৰ বিধেয়ক, কি কি পৰিৱৰ্তন হ’ব? বিত্তমন্ত্ৰীয়ে ক’লে…
Income Tax Act 2025: ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা দেশত কাৰ্যকৰী হ’ব নতুন আয়কৰ বিধেয়ক।কিন্তু নতুন আয়কৰ বিধেয়কত কি পৰিৱৰ্তন কৰা হৈছে? কৰ বৃদ্ধি হৈছে নেকি? সকলো জানক

৬০ দশকৰো অধিক পুৰণি আয়কৰ আইনক চিৰদিনৰ বাবে বিদায় দি ভাৰতীয় সংসদে নতুন আয়কৰ বিধেয়কখন গৃহীত কৰে। যদিও ১৯৬১ চনৰ আয়কৰ আইন এতিয়াও বলবৎ হৈ আছে, এই নতুন আয়কৰ বিধেয়ক ২০২৬ চনৰ ১ এপ্ৰিল অৰ্থাৎ অহা বছৰৰ পৰা কাৰ্যকৰী হ’ব। কিন্তু নতুন আয়কৰ বিধেয়কত কি পৰিৱৰ্তন কৰা হৈছে? কৰ বৃদ্ধি হৈছে নেকি? এনে বহু প্ৰশ্ন কৰদাতাৰ মনত উত্থাপন হৈছে।
ৰাজ্যসভাত এই বিধেয়কখন গৃহীত কৰাৰ সময়ত দিয়া ভাষণত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্পষ্টকৈ কয় যে, এই নতুন বিধেয়কখনত কোনো নতুন কৰ উত্থাপন কৰা হোৱা নাই। নতুবা আয়কৰৰ কোনো নতুন শ্লেবো অহা নাই। তেন্তে এই নতুন আয়কৰ বিধেয়কখন পুৰণি আইনখনৰ পৰা কেনেকৈ পৃথক?
এই সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কয় যে এই নতুন বিধেয়কত ভাষাটো সৰল কৰা হৈছে। সাধাৰণ মানুহে সহজে বুজিব পৰাকৈ মাত্ৰ ৬ মাহৰ ভিতৰতে জটিল আয়কৰ আইনখন সংশোধন কৰা হৈছে। পুৰণি আইনখনৰ ৮১৯টা ধাৰাৰ পৰা নতুন বিধেয়কত ৫৩৬টা ধাৰালৈ হ্ৰাস কৰা হৈছে। আইনখনৰ অধ্যায়ৰ সংখ্যাও হ্ৰাস কৰা হৈছে। ২ লাখ ৬০ হাজাৰ শব্দৰ নতুন আয়কৰ বিধেয়কখনে ৫ লাখ ১২ হাজাৰ শব্দৰ পুৰণি আইনখনৰ ঠাই ল’ব। বৃহৎ অনুচ্ছেদৰ পৰিৱৰ্তে নতুন আইনখনত সংযোজন কৰা হৈছে ৩৯খন টেবুল আৰু ৪০টা নতুন সূত্ৰ। ইয়াৰ ফলত এই আইনখনৰ বোজা বহু পৰিমাণে হ্ৰাস পাইছে।
২০২৫ চনৰ আয়কৰ আইনৰ উপৰি ২০২৫ চনৰ কৰ আইন (সংশোধনী) লোকসভাত ধ্বনি ভোটৰ জৰিয়তে গৃহীত হয়। এই নতুন আইনৰ অধীনত চৌদি আৰৱৰ ৰাজহুৱা বিনিয়োগ পুঁজিত কিছুমান প্ৰত্যক্ষ কৰত কেইবাটাও সুবিধা উপলব্ধ হ’ব।