নিষ্ক্ৰিয় হৈ পৰিব আপোনাৰ PAN কাৰ্ড! শীঘ্ৰে সম্পন্ন কৰক এই কাম…
আয়কৰ বিভাগে ১০ সংখ্যাৰ স্থায়ী একাউণ্ট নম্বৰ প্ৰদান কৰে। কৰ পৰিশোধ, টিডিএছ ক্ৰেডিট, আয়কৰ ৰিটাৰ্ণ, আৰু লেনদেন সম্পৰ্কীয় সকলো উদ্দেশ্যৰ বাবে পেন কাৰ্ডৰ প্ৰয়োজন। আৰ্থিক জালিয়াতি আৰু প্ৰৱঞ্চনা ৰোধৰ বাবে আয়কৰ বিভাগে এই পেন কাৰ্ড লৈ আহিছে।
আৰ্থিক লেনদেনৰ বাবে পেন কাৰ্ডৰ প্ৰয়োজন। পেন কাৰ্ড অবিহনে আয়কৰ জমা কৰিব নোৱাৰিব। এইবাৰ পেন কাৰ্ড সন্দৰ্ভত লোৱা হৈছে এটা ডাঙৰ সিদ্ধান্ত। যদি আপুনি এই কাম নকৰে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা নিষ্ক্ৰিয় হৈ পৰিব পেন কাৰ্ড। সেই কামটো কি?
কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে জনাইছে যে নতুন বছৰৰ ১ জানুৱাৰীৰ পৰা আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত নহ’লে স্থায়ী একাউণ্ট নম্বৰ বা পেন অসাৰ হৈ পৰিব। আধাৰ-পান কাৰ্ড লিংক কৰাৰ অন্তিম তাৰিখ হিচাপে ৩১ ডিচেম্বৰ, ২০২৫ নিৰ্ধাৰণ কৰা হৈছে। চলিত বৰ্ষৰ ১ অক্টোবৰৰ আগতে যিসকলে পেন কাৰ্ড পাইছিল, তেওঁলোকে ডিচেম্বৰৰ অন্তিম দিনটোৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰিব লাগিব। অন্যথা নতুন বছৰৰ পৰা পেন কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব।
আয়কৰ বিভাগে ১০ সংখ্যাৰ স্থায়ী একাউণ্ট নম্বৰ প্ৰদান কৰে। কৰ পৰিশোধ, টিডিএছ ক্ৰেডিট, আয়কৰ ৰিটাৰ্ণ, আৰু লেনদেন সম্পৰ্কীয় সকলো উদ্দেশ্যৰ বাবে পেন কাৰ্ডৰ প্ৰয়োজন। আৰ্থিক জালিয়াতি আৰু প্ৰৱঞ্চনা ৰোধৰ বাবে আয়কৰ বিভাগে এই পেন কাৰ্ড লৈ আহিছে। আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। আধাৰ-পেন সংযোগৰ সময় কেইবাবাৰো বৃদ্ধি কৰা হৈছিল। দৰাচলতে নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি আধাৰ-পেন লিংক নহয়, তেন্তে ইয়াৰ বাবে জৰিমনাও আৰোপ কৰা হৈছে।
যদি আধাৰ কাৰ্ডৰ লগত PAN কাৰ্ড লিংক নহয় তেন্তে কি হব?
১) আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব নোৱাৰিব।
২) প্ৰাপ্য ৰিটাৰ্ণ পোৱা নাযাব।
৩) নিষ্ক্ৰিয় পেন কাৰ্ডৰ সৈতে ৰিটাৰ্ণ প্ৰদান কৰা নহ’ব।
৪) যদি পেন কাৰ্ড নিষ্ক্ৰিয় হৈ পৰে তেন্তে অধিক কৰ বা কৰ কৰ্তন কৰা হ’ব।
আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড কেনেকৈ লিংক কৰিব?
- আয়কৰ ই-ফাইলিং পৰ্টেল www.incometax.gov.in লৈ যাব লাগিব।
- এতিয়া আপুনি হোমপেজত এটা কুইক লিংক শিতান পাব, তাত আপুনি লিংক আধাৰ বিকল্পত ক্লিক কৰিব লাগিব।
- তাৰ পিছত আপোনাৰ ১০ অংকৰ পেন আৰু ১২ অংকৰ আধাৰ আধাৰ নম্বৰ দিব লাগিব। আধাৰ কাৰ্ডত যিদৰে লিখা আছে ঠিক তেনেদৰে নাম দিব লাগিব।
- তাৰ পিছত ‘I agree to validate my Aadhaar details’ চেক বক্সত ক্লিক কৰক।
- যদি আপুনি ৩১ ডিচেম্বৰৰ পিছত আধাৰ-পেন লিংক কৰে, তেন্তে আপুনি ১০০০ টকা জৰিমনা ভৰিব লাগিব।
- ই-পে টেক্সৰ জৰিয়তে এই ধন পৰিশোধ কৰক।
- এতিয়া আপোনাৰ পেন নম্বৰেৰে কনফাৰ্ম কৰক। আপোনাৰ মোবাইল নম্বৰ দিয়ক। এই নম্বৰলৈ এটা অ’টিপি আহিব।
- এবাৰ অ’টিপি পৰীক্ষণ কৰা হ’লে আপুনি ই-পে টেক্স পেজলৈ পুনৰ যাব লাগিব।
- এতিয়া ২০২৫-২৬ মূল্যায়ন বৰ্ষ বাছি লওক। পেমেণ্ট অপচনত আধাৰ ৰচিদ (৫০০)ত ক্লিক কৰক আৰু
- পেমেণ্টৰ উপপ্ৰকাৰত ‘Fees for Delay in Linking PAN with Aadhaar’ বিকল্পত ক্লিক কৰক।
- জৰিমনা পৰিশোধ কৰাৰ পিছত Continue বিকল্পত ক্লিক কৰক।
- এতিয়া নেট বেংকিং, ডেবিট কাৰ্ড বা অন্যান্য পেমেণ্ট গেটৱে বাছক আৰু পেমেণ্ট কৰক। তৎক্ষণাত চালান জেনেৰেট কৰা হ’ব।
- এতিয়া লিংক আধাৰ অংশলৈ উভতি যাওক আৰু পুনৰ আধাৰ কাৰ্ডত লিখাৰ দৰে PAN, Aadhaar number আৰু নামটো দিয়ক।
- মোবাইল নম্বৰটো দিয়াৰ পিছত ৬ অংকৰ অ’টিপি আহিব।
- OTP দিয়াৰ পিছত লিংক হৈ যাব।