ICICI বেংক, ভোডাফোনৰ বিৰুদ্ধে লাখ লাখ টকাৰ জৰিমনা, কাৰণ জানেনে?
ভোডাফোনে লগতে দাবী কৰে যে, তেওঁলোকে পঞ্জীয়নভুক্ত ইমেইলৰ পৰা অহা অনুৰোধৰ ভিত্তিত কৰ্পৰেট মালিকানাধীন কৰ্পৰেট পেইড (COCP) সংযোগৰ নিৰ্দেশনা অনুসৰণ কৰি ক্ল’ন SIM জাৰি কৰিছিল। সেই ক্ষেত্ৰত কোনো TRAI নিয়ম উলংঘা কৰা হোৱা নাছিল।
তথ্য প্ৰযুক্তি আইনৰ অধীনত কঠোৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে আইচিআইচিআই বেংক (ICICI Bank) আৰু ভোডাফোন-আইডিয়া (Vodafone-Idea)। জানিব পৰা মতে চাইবাৰ জালিয়াতিৰ জালত পৰি ১ কোটি ১৯ লাখ টকাৰ হেৰুৱাইছে গুজৰাটৰ আহমেদাবাদৰ এটা প্ৰতিষ্ঠানে। তদন্তত পোহৰলৈ আহিছে ছিম কাৰ্ড ক্ল’নিঙৰ বিষয়টো। তাৰ পিছত লোৱা হৈছে এই পদক্ষেপ। ইয়াৰ বাবে ICICI বেংকক ১০ লাখ টকা আৰু ভোডাফোন-আইডিয়াক ৫ লাখ টকাৰ জৰিমনা বিহা হৈছে। কিন্তু কেনেকৈ সংঘটিত হ’ল এই প্ৰৱঞ্চনা?
২০২৩ চনত অনলাইন প্ৰৱঞ্চনাৰ বলি হৈ ধন হেৰুৱাই আইচিআইচিআই বেংক আৰু ভোডাফোনৰ বিৰুদ্ধে আইনৰ কাষ চাপিছিল গুজৰাটস্থিত এই বাণিজ্যিক কোম্পানীটো। জানিব পৰা মতে ভিয়েটনামলৈ গৈছিল কোম্পানীটোৰ সঞ্চালক প্ৰকাশ মেহতা। ১১ মাৰ্চত তেওঁ চিম ছোৱেপৰ বাবে লাভ কৰিছিল ইমেইল। এই নম্বৰটো বেংক একাউণ্টৰ সৈতে লিংক কৰা আছিল, য’ত OTP লাভ কৰিছিল।
ভোডাফোন-আইডিয়াই কোনো ধৰণৰ পৰীক্ষণ অবিহনে চিম ছোৱেপৰ অনুৰোধ প্ৰক্ৰিয়াকৰণ কৰি সেইদিনা আবেলি ৪:৩০ বজাৰ ভিতৰত নতুন চিম সক্ৰিয় কৰে। দেওবাৰে যেতিয়া কাৰ্যালয়টো বন্ধ হৈ আছিল তেতিয়া প্ৰৱঞ্চকসকলে ভুৱা চিম ব্যৱহাৰ কৰি ২২টা লেনদেন কৰিছিল। তেওঁলোকে RTGS আৰু NEFTৰ জৰিয়তে আই চি আই চি আই বেংক একাউণ্টৰ পৰা ১ কোটি ১৯ লাখ ৩৭ হাজাৰ টকা উলিয়ালে। পিছদিনা ব্যক্তিজনে এই প্ৰৱঞ্চনাৰ কথা জানিব পাৰি বেংকৰ সৈতে যোগাযোগ কৰি চাইবাৰ ক্ৰাইম থানাত এজাহাৰ দাখিল কৰে।
এই সন্দৰ্ভত তথ্য প্ৰযুক্তি আইন, ২০০০ৰ ৪৩ আৰু ৪৩এ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে অপৰাধীকেইটাই চিম ছোৱেপ (SIM swap) পদ্ধতি ব্যৱহাৰ কৰি অ’টিপিৰ নিৰাপত্তাক প্ৰতাৰণা কৰিছিল। মূল গ্ৰাহকে কোনো অ’টিপি লাভ কৰা নাছিল। ইফালে কোম্পানীটোৰ অভাৰড্ৰাফ্ট একাউণ্টৰ পৰা নোহোৱা হয় ধন ।
আইচিআইচিআই বেংকে যুক্তি দিছিল যে ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি সকলো লেনদেন ভেৰিফাইড পাছৱৰ্ড, OTP, MPIN ব্যৱহাৰ কৰি কৰা হৈছিল, গতিকে তাত কোনো সন্দেহ নাছিল। পিছত বেংকে আভ্যন্তৰীণ তদন্ত কৰি যি একাউণ্টত ধন ট্ৰেন্সফাৰ কৰা হৈছিল সেই একাউণ্ট বন্ধ কৰি দিয়ে।
ভোডাফোনে লগতে দাবী কৰে যে, তেওঁলোকে পঞ্জীয়নভুক্ত ইমেইলৰ পৰা অহা অনুৰোধৰ ভিত্তিত কৰ্পৰেট মালিকানাধীন কৰ্পৰেট পেইড (COCP) সংযোগৰ নিৰ্দেশনা অনুসৰণ কৰি ক্ল’ন SIM জাৰি কৰিছিল। সেই ক্ষেত্ৰত কোনো TRAI নিয়ম উলংঘা কৰা হোৱা নাছিল।
অভিযোগকাৰীয়ে ইয়াৰ উত্তৰত কয় যে, ৰোমিং কৰাৰ সময়ত বৃহৎ লেনদেনৰ ক্ষেত্ৰত ছেকেণ্ডাৰী কণ্টেণ্ট বা বাধ্যতামূলক অডিঅ’-ভিডিঅ’ পদ্ধতি মানি চলা নাছিল। ইফালে চাইবাৰ অপৰাধ শাখাৰ তদন্তত আহমেদাবাদত এটা বিশাল ভোডাফোন-আইডিয়া চিম SIM জালিয়াতিৰ ৰেকেট পোহৰলৈ আহে। য’ৰ পৰা কমেও ২০টা এনে প্ৰৱঞ্চনা সংঘটিত হৈছিল। তাৰ পিছতো কোম্পানীটোৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।