শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কৰদাতাসকলক কেনেদৰে উপকৃত কৰিব নতুন আয়কৰ বিধেয়কে ?

চৰকাৰে ইতিমধ্যে স্পষ্ট কৰি দিছে যে, এই বিধেয়কখনে কোনো নতুন কৰ প্ৰৱৰ্তন নকৰে ।জানক কৰদাতাসকলক কেনেদৰে উপকৃত কৰিব নতুন আয়কৰ বিধেয়কে ?

কৰদাতাসকলক কেনেদৰে উপকৃত কৰিব নতুন আয়কৰ বিধেয়কে ?
কি আছে নতুন আয়কৰ বিধেয়কত ?
Manas Borah
Manas Borah | Published: 09 Feb 2025 16:23 PM

অহা সপ্তাহত সংসদত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব পাৰে আয়কৰ বিধেয়ক । ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন লাভ কৰিছে এই বিধেয়কে । সূত্ৰৰ খবৰ অনুসৰি, এই বিধেয়কখনত আইনত পৰিণত হ’লে আয়কৰ আইনৰ বিধান প্ৰায় এক তৃতীয়াংশ হ্ৰাস পাব পাৰে। জানিব পৰা মতে, কমেও ২৫-৩০ শতাংশ আয়কৰ বিধান হ্ৰাস কৰা হৈছে বিধেয়কখনত । এই বিধেয়কৰ জৰিয়তে কৰ আইনখন আৰু অধিক সৰল আৰু একত্ৰিত কৰা হৈছে। বহু বিধান বাদ দিয়া হৈছে।

চৰকাৰে ইতিমধ্যে স্পষ্ট কৰি দিছে যে, এই বিধেয়কখনে কোনো নতুন কৰ প্ৰৱৰ্তন নকৰে । কেৱল কৰ আইন সৰল কৰা, অস্পষ্টতা আঁতৰোৱা আৰু কৰদাতাসকলে সহজে মানি চলাটো নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । নতুন বিধেয়কখনৰ এটা গুৰুত্বপূৰ্ণ দিশ হ’ল, আইনী ভাষাৰ সৰলীকৰণ, যাতে সাধাৰণ কৰদাতাসকলেও কৰ বিধান আৰু ইয়াৰ প্ৰভাৱ সহজেই বুজিব পাৰে।

জনা যায় যে, নতুন আয়কৰ বিধেয়কত আয়কৰ বিভাগক অতিৰিক্ত ক্ষমতা দিয়া হোৱা নাই। আয় আৰু কৰ গণনাও সহজ কৰি তোলা হৈছে। জনসাধাৰণৰ হাতত থাকিব আয়কৰৰ হিচাপ । সংসদৰ অনুমতি সাপেক্ষেহে আয়কৰ আৰোপ কৰা হ’ব।

বাজেট দাখিলৰ দিনা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছিল যে, নতুন আয়কৰ বিধেয়ক অতি সোনকালে আহি আছে। আয়কৰ আইনখন এই বিধেয়কত আৰু অধিক সৰল কৰি তোলা হৈছে। সমান্তৰালভাৱে কেন্দ্ৰীয় সূত্ৰৰ পৰা জানিব পৰা মতে, নতুন আয়কৰ বিধেয়কখনে আইনখনৰ সৰলীকৰণ আৰু স্বচ্ছতাৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰিছে।