শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অৱসৰৰ পাছত ভাল ৰিটাৰ্ণ পাবলৈ কি কৰা উচিত? জানক…

ভাল ভৱিষ্যতৰ বাবে প্ৰায় সকলোৱে ধন জমা ৰাখে। কিন্তু অৱসৰৰ পাছত ভাল ৰিটাৰ্ণ পাবলৈ টকা বিনিয়োগ কৰা উচিত। বহুতে সকলো হেৰুৱাৰ বুলি ষ্টক মাৰ্কেটৰ পৰা নিজক দূৰত ৰাখে। যদি আপুনিও এনে কৰিলে তেন্তে এয়া ভুল।

অৱসৰৰ পাছত ভাল ৰিটাৰ্ণ পাবলৈ কি কৰা উচিত? জানক…
ধন বিনিয়োগImage Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Updated On: 20 Jan 2026 12:47 PM

অৱসৰৰ পুঁজিৰ বাবে বেংকত ধন জমা কৰা সাধাৰণ কথা। কিন্তু এয়া একেবাৰেই ভাল বিকল্প নহয়। ধন জমা কৰাৰ বাবে বহুতে ফিক্সড ডিপ’জিট বা ৰেকাৰিং ডিপ’জিটৰ জৰিয়তে ধন সঞ্চয় কৰে। কিন্তু ধন জমা কৰাৰ বাবে ইয়াকো ভাল বিকল্প বুলিব নোৱাৰি। তেন্তে উপায় কি? অৱসৰৰ পাছত আপুনি কেনেকৈ ভাল ৰিটাৰ্ণ পাব।

ক’ত পাব সৰ্বোত্তম ৰিটাৰ্ণ?

যদি আপুনি সৰ্বাধিক ৰিটাৰ্ণ পাব বিচাৰে তেন্তে নিশ্চিতভাৱে শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰিব পাৰে। দেখা যায়া যে, কেতিয়াবা ষ্টক মাৰ্কেটত টকা বিনিয়োগ কৰি বহু মানুহে সকলো জমা ধন হেৰুৱাই পেলায়। যাৰ বাবে বাবে বহুতে ষ্টক মাৰ্কেটৰ পৰা আঁতৰি থাকে। যদি আপুনিও এনে কৰি আছে তেন্তে এয়া এক ভুল। ইয়াৰ কাৰণ কি জানেনে? শ্বেয়াৰ বজাৰত সঠিক শ্বেয়াৰত বিনিয়োগ কৰি কৰিলে সমস্যাৰ সম্ভাৱনা কম হয়।

পিছে সঠিক শ্বেয়াৰৰ বিষয়ে আপুনি কেনেকৈ জানিব? উল্লেখ্য যে, তাৰ বাবে আপুনি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব লাগিব। প্ৰতিটো ফাণ্ড হাউচৰ একাধিক ফাণ্ড মেনেজাৰ থাকে, যিয়ে এই ধন বিনিয়োগ কৰে। ইকুইটি মিউচুৱেল ফাণ্ডে আপোনাক বছৰি গড়ে কমেও ১১ৰ পৰা ১২ শতাংশ ৰিটাৰ্ণ দিয়ে। যদি সেয়া হিচাপ কৰা হয় তেন্তে ২০ বছৰত প্ৰায় ২ কোটিৰ জমা ধন  ২ কোটি ৩ লাখ টকা হ’ব পাৰে।

বৰ্তমান মুদ্ৰাস্ফীতিৰ সময়। প্ৰতিটো দিনেই বজাৰত সামগ্ৰীৰ মূল্য হ্ৰাস বৃদ্ধি হৈয়ে থাকে। গতিকে ভাল ভৱিষ্যতৰ বাবে টকা জমা ৰখা অত্যন্ত প্ৰয়োজন। য’ত ধন জমা কৰা আপোনাৰ আজিৰ সময়ত সুৰক্ষিত যেন লাগে, সেই ধনৰ পৰিমাণ ভৱিষ্যতে বহু কমি যায়। যাৰ ফলত আপোনাৰ ক্ৰয় ক্ষমতা আৰু আপোনাৰ স্বাধীনতা হ্ৰাস পাব।

সঞ্চয় কৰাটো এক অভ্যাস। কিন্তু সঞ্চয় কৰাটোৱে যথেষ্ট নহয়। ধন গঢ়াৰ বাবে বিনিয়োগকাৰীয়ে কেইবাটাও নিয়ম মানি চলিব লাগে। একে সময়তে লক্ষ্যভিত্তিক পৰিকল্পনা, সঠিক বিপদ, সময় আৰু ধৈৰ্যৰ প্ৰয়োজন। আপুনি কিমান সঞ্চয় কৰে তাতকৈও গুৰুত্বপূৰ্ণ, আপোনাৰ অনুপস্থিতিত আপোনাৰ ধনে আপোনাৰ বাবে উপাৰ্জন কৰি আছে নে নাই। কাৰণ, আৰ্থিক দিশত আপোনাৰ ভৱিষ্যত জীৱনৰ অৱস্থা তাতেই আৱদ্ধ হৈ আছে।। অৱশ্যে যিকোনো ক্ষেত্ৰত বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

 

অন্য খবৰ পঢ়কঃ অৱসৰৰ সময়ত কেনেকৈ লাভ কৰিব ৩ কোটি টকা? জানক সমগ্ৰ প্ৰক্ৰিয়া…