শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

SIP Investment: ৫ বছৰত কোটিপতি হ’ব পাৰে ! বিনিয়োগ হিচাপত কি কোৱা হৈছে ?

বহু লোকে SIP জৰিয়তে পৰোক্ষভাৱে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰে। যদি আপুনি কম সময়ত কোটিপতি হ'ব বিচাৰে, তেন্তে মাহে কিমান টকা বিনিয়োগ কৰিব লাগিব।

SIP Investment: ৫ বছৰত কোটিপতি হ’ব পাৰে ! বিনিয়োগ হিচাপত কি কোৱা হৈছে ?
Manas Borah
Manas Borah | Updated On: 22 Nov 2025 13:59 PM

মানুহৰ ধন জমা কৰা পদ্ধতি সলনি হৈছে। এতিয়া চেভিংছ একাউণ্টত নহয়, বিভিন্ন মিউচুৱেল ফাণ্ডত ধন জমা কৰে মানুহে। দেখা যায় যে, ষ্টক মাৰ্কেটত পোনপটীয়াকৈ ধন বিনিয়োগত কিছু ৰিস্ক থাকে। সেয়েহে বহু লোকে SIP জৰিয়তে পৰোক্ষভাৱে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰে। তদুপৰি প্ৰতিটো মিউচুৱেল ফাণ্ডে এজন বা ততোধিক অভিজ্ঞ ফাণ্ড মেনেজাৰক এই ফাণ্ডসমূহ চোৱাচিতাৰ দায়িত্ব দিয়ে। ফলত সেই অভিজ্ঞ ফাণ্ড মেনেজাৰসকলে সাধাৰণ মানুহে বিনিয়োগ কৰা ধনৰ চোৱাচিতাৰ দায়িত্ব লয়।

কোটিপতি হ’বলৈ কিমান সময় লাগিব?

যদি আমি বিনিয়োগৰ পৰিমাণ ১ কোটি টকা বুলি ধৰি লওঁ, তেন্তে কোনো ইনডেক্স ফাণ্ডত বিনিয়োগ কৰিলে ৫ বছৰৰ বাবে মাহিলী ১ লাখ ২৩ হাজাৰ ৩০০ টকা জমা কৰিব লাগিব। তেতিয়া ৫ বছৰত ১ কোটি টকা জমা হ’ব।

যদি আপুনি ১০ বছৰৰ পাছত কোটিপতি হ’ব বিচাৰে, তেন্তে আপুনি প্ৰতিমাহে প্ৰায় ৪৪,৬৫০ টকা ইনডেক্স ফাণ্ডত বিনিয়োগ কৰিব লাগিব। যদি আপোনাৰ হাতত ১৫ বছৰ আছে, তেন্তে মাহে সেই ২১ হাজাৰ টকাতকৈ অলপ বেছি বিনিয়োগ কৰিব লাগিব।

যদি আপুনি অতি সোনকালে কোটিপতি হ’ব বিচাৰে। যদি আপুনি আপোনাৰ বিনিয়োগৰ পৰা ১৮ শতাংশ লাভ পায় তেন্তে কি হ’ব? ৫ বছৰত কোটিপতি হ’ব বিচাৰিলে মাহে ১ লাখ ৬ হাজাৰ ৪০০ টকা বিনিয়োগ কৰিব লাগিব। আপুনি ১৫ বছৰত যদি কোটিপতি হ’ব বিচাৰে তেন্তে মাহে ১২ হাজাৰ ৫০০ টকা বিনিয়োগ কৰিব লাগিব।

যদি আপুনি ক’ৰবাত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই বিষয়ত সঠিক গৱেষণা আৰু বিশ্লেষণ কৰক। এই লেখাটো কেৱল শিক্ষাৰ উদ্দেশ্যে। TV9 অসমীয়াই বিনিয়োগৰ কোনো পৰামৰ্শ নিদিয়ে।

বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ থাকে। গতিকে প্ৰথমে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ ভালদৰে পঢ়ক। তাৰ পিছত বিনিয়োগৰ বিষয়ে এটা সিদ্ধান্ত লওক।