শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অৱসৰৰ পিছৰ জীৱনৰ বাবে এজন ব্যক্তিয়ে কিমান টকা সঞ্চয় কৰিব লাগে? এই পৰিসংখ্যাই ভবাই তুলিব আপোনাক

মুদ্ৰাস্ফীতিৰ বাবে প্ৰতি বছৰে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃদ্ধি পাবলৈ ধৰিছে। ভাৰতত এই হাৰ প্ৰতি বছৰে ৬ শতাংশ। ফলস্বৰূপে আজি ১০০টকা দামত বিক্ৰী হোৱা কোনো সামগ্ৰীৰ দাম ১২ বছৰৰ পাছত প্ৰায় ২০০ টকা হ’ব। এই কাৰণতে ১ কোটি টকাৰ অৱসৰৰ পুঁজিও হয়তো ভৱিষ্যতে জীৱন ধাৰণৰ বাবে যথেষ্ট নহ’ব।

অৱসৰৰ পিছৰ জীৱনৰ বাবে এজন ব্যক্তিয়ে কিমান টকা সঞ্চয় কৰিব লাগে? এই পৰিসংখ্যাই ভবাই তুলিব আপোনাক
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 14 Jul 2025 16:53 PM

সাম্প্ৰতিক সময়ত মুদ্ৰাস্ফীতিৰ হেঁচাৰ লগতে ক্ৰমবৰ্ধমান আধুনিক জীৱনশৈলীৰ প্ৰয়োজনীয়তাৰ তাগিদাত ব্যাপক বৃদ্ধি পাইছে খৰচৰ হাৰ এনে পৰিস্থিতিতে এতিয়া আমাৰ দেশত ৩ জনীয়া পৰিয়াল এটাৰ গড় মাহিলী ব্যয় প্ৰায় ৭৫ হাজাৰ টকা হৈছে। অৱশ্যে এই ব্যয় ঠাইভেদে কিছু বেলেগ বেলেগ পাৰে। যদি ৩ জনীয়া পৰিয়াল এটাৰ গড় মাহিলী ব্যয় ৭৫ হাজাৰ হয়, তেতিয়া তেওঁ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি গোটেই জীৱনত অতি কমেও ১ কোটি টকা সঞ্চয় কৰিব লাগিব।

মুদ্ৰাস্ফীতিৰ বাবে প্ৰতি বছৰে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃদ্ধি পাবলৈ ধৰিছে। ভাৰতত এই হাৰ প্ৰতি বছৰে ৬ শতাংশ। ফলস্বৰূপে আজি ১০০টকা দামত বিক্ৰী হোৱা কোনো সামগ্ৰীৰ দাম ১২ বছৰৰ পাছত প্ৰায় ২০০ টকা হ’ব। এই কাৰণতে ১ কোটি টকাৰ অৱসৰৰ পুঁজিও হয়তো ভৱিষ্যতে জীৱন ধাৰণৰ বাবে যথেষ্ট নহ’ব।

এনে পৰিস্থিতিত সকলোৰে মনলৈ এক বিশেষ প্ৰশ্ন আহিব পাৰে, অৱসৰৰ পিছৰ জীৱনৰ বাবে কিমান টকাৰ প্ৰয়োজন? এই কথা মনলৈ অহাৰ সমান্তৰালকৈ আমি আন এটা দিশৰ প্ৰতিও গুৰুত্ব দিব লাগিব অৱসৰৰ পুঁজি হিচাপে ৰখা ধনৰ পৰিমাণৰ সুতৰ হাৰ যাতে মুদ্ৰাস্ফীতিতকৈ কম নহয়, সেই ক্ষেত্ৰতো আমি দৃষ্টি ৰাখিব লাগিব। অন্যথা ভৱিষ্যতে আমাৰ সমস্যা অধিক বৃদ্ধি পাৰে

ইয়াৰ উপৰিও ব্যক্তিজনে তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ বাবে চিকিৎসা ব্যয়ৰ সঠিক পৰিমাণো হিচাপ কৰি ল’ব লাগিব। কিয়নো ভৱিষ্যতে যদি তেওঁ অসুস্থ হৈ পৰে, তেতিয়া চিকিৎসালয়ৰ খৰচো বহুত টকা হ’ব পাৰে। আৰু সেই সমস্যাৰ পৰা হাত সাৰিবলৈ হ’লে সঠিক মেডিক্লেইম থকাটোও গুৰুত্বপূৰ্ণ।

ফলত আজি যদি এজন ব্যক্তিয়ে ১ কোটি টকা সঞ্চয় কৰি অৱসৰ ল’ব পাৰে, একে পৰিস্থিতিত ১০ বছৰৰ পিছত অৱসৰ লোৱা ব্যক্তি এজনক প্ৰায় ১ কোটি ৮০ লাখ টকাৰ প্ৰয়োজন হ’ব পাৰে। সেই অনুসাৰে ২০ বছৰৰ পাছত অৱসৰ ল’লে ৩ কোটি ২১ লাখ টকাৰ প্ৰয়োজন হ’ব।

এতিয়াৰ ৩০ বছৰীয়া ব্যক্তি এজনে যদি ৩০ বছৰৰ পাছত অৱসৰ লয়, তেতিয়া তেওঁক ৫ কোটি ৭৫ লাখ টকাৰ প্ৰয়োজন হ’ব। আৰু ৪০ বছৰৰ পাছত এই সংখ্যা ১০ কোটি ৩০ লাখ টকালৈ বৃদ্ধি পাব। গতিকে ভৱিষ্যতৰ কথা চিন্তা কৰি সঞ্চয়ৰ সঠিক পৰিমাণ আৰু সঠিক ক্ষেত্ৰৰ ওপৰতো গুৰুত্ব দিয়া অত্যন্ত প্ৰয়োজনীয়