UPI ৰ বাবে নালাগে কোনো অতিৰিক্ত চাৰ্জ, তেন্তে Google Pay আৰু PhonePe এ কেনেকৈ উপাৰ্জন কৰিলে ৫ হাজাৰ কোটি টকা!
UPI Apps: Google Pay বা PhonePe ৰ দৰে এপসমূহে UPI লেনদেনৰ বাবে কোনো অতিৰিক্ত চাৰ্জ নলয়। গতিকে তেওঁলোকে কেনেকৈ উপাৰ্জন কৰে?

ভাৰতৰ অনলাইন পেমেণ্ট ক্ষেত্ৰত সম্পূৰ্ণৰূপে সলনি হৈছে ইউ পি আই। ফুটপাথৰ সৰু ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি ডাঙৰ ব্যৱসায়ীলৈকে সকলোৱে ইউ পি আই ব্যৱহাৰ কৰে। তথ্য অনুসৰি ভাৰতত মুঠ ইউপিআই লেনদেনৰ ৮২ শতাংশ Google Pay আৰু PhonePe ৰ জৰিয়তে কৰা হয়। ইয়াৰে PhonePe ৰ বজাৰ অংশীদাৰিত্ব ৪৬.৫ শতাংশ আৰু Google Pay ’ৰ বজাৰ অংশীদাৰিত্ব ৩৫.৫ শতাংশ।
কিন্তু Google Pay আৰু PhonePe ৰ দৰে এপবোৰে ইউপিআইৰ মাধ্যমেৰে ধনৰ লেনদেনৰ বাবে অতিৰিক্ত চাৰ্জ নলয়। তেন্তে এই এপসমূহে কেনেকৈ উপাৰ্জন কৰে ধন?
ইউপিআই এপসমূহে ইউপিআইৰ বাহিৰে আন সেৱা প্ৰদান কৰি ধন উপাৰ্জন কৰে। এই এপসমূহে ইউপিআইক কেন্দ্ৰ কৰি এক সম্পূৰ্ণ ফিনটেক ইক’চিষ্টেম সৃষ্টি কৰিছে। এই এপবোৰে এই ইকোচিষ্টেমৰ জৰিয়তে ধন উপাৰ্জন কৰে।
Google Pay আৰু PhonePe ৰ মুঠ ৰাজহৰ এটা বৃহৎ অংশ তেওঁলোকে প্ৰদান কৰা Scratch Card ৰ পৰাই আহে। এই দুটা কোম্পানীয়ে মাহিলী এটা মাচুলৰ বিনিময়ত ক্ষুদ্ৰ ব্যৱসায়ীক Scratch Card ভাড়াত দিয়ে। এই ভাড়াৰ মাচুল প্ৰতিমাহে প্ৰায় ১০০ টকা।
ইয়াৰ উপৰিও এই এপ দুটাৰ পৰা পেমেন্ট কৰিলে Scratch Card ৰ অফাৰ থাকে, ফলত ধন উপাৰ্জন কৰিব পাৰে।