শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পপকৰ্ণত এইবাৰ কিমান শতাংশ GST আৰোপ কৰিলে বিত্ত মন্ত্ৰণালয়ে?

যোৱা GST বৈঠকত পপকৰ্ণৰ ওপৰত কৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত ব্যাপক হুলস্থুলৰ সৃষ্টি হৈছিল। এইবাৰ চৰকাৰে পপকৰ্ণৰ ওপৰত কৰ লাঘৱ কৰিছে। এতিয়া কোনটো পপকৰ্ণৰ বাবে আপুনি কিমান কৰ দিব লাগিব জানি লওক-

পপকৰ্ণত এইবাৰ কিমান শতাংশ GST আৰোপ কৰিলে বিত্ত মন্ত্ৰণালয়ে?
পপকৰ্ণত কিমান GST?Image Credit source: Getty Images
raj-saikia
Raj Saikia | Published: 04 Sep 2025 13:07 PM

GST পৰিষদৰ ৫৬ সংখ্যক বৈঠকত দেশবাসীক ডাঙৰ উপহাৰ দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। চৰকাৰে GST স্লেবত ডাঙৰ পৰিৱৰ্তন কৰিছে। পূৰ্বৰ ৪ টা কৰ স্লেব ২ লৈ হ্ৰাস কৰা হৈছে। এতিয়া ১২ শতাংশ আৰু ২৮ শতাংশ স্লেব বিলুপ্ত কৰি ৫ শতাংশ আৰু ১৮ শতাংশ স্লেব ৰখা হৈছে।

যোৱা বছৰ GST কাউন্সিলৰ বৈঠক অনুষ্ঠিত হোৱাৰ সময়ত চৰকাৰে তিনিটা ভাগত পপকৰ্ণৰ ওপৰত বিভিন্ন কৰ আৰোপ কৰিছিল। কিন্তু এইবাৰ মন্ত্ৰণালয়ে পপকৰ্ণৰ কৰক লৈ হোৱা বিভ্ৰান্তি আঁতৰাই ২টা ভাগত সালসলনি কৰিছে। ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন হাৰ।

GST কাউন্সিলৰ অন্তিমখন বৈঠকৰ পাছত যেতিয়া চৰকাৰে নিমখীয়া পপকৰ্ণক দুটা ভাগত আৰু কেৰামেলাইজড পপকৰ্ণক সুকীয়া শিতানত ৰখাৰ সিদ্ধান্ত লৈছিল, তেতিয়া ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চাৰ সৃষ্টি হৈছিল। গতিকে এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে নিমখীয়া পপকৰ্ণ খোলাই হওক বা পেকেটতেই হওক, তাৰ ওপৰত ৫ শতাংশ কৰ আৰোপ কৰা হ’ব। একে সময়তে কেৰামেল পপকৰ্ণৰ ওপৰত ১৮ শতাংশ GST আৰোপ কৰা হৈছে।

আগতে কিমান কৰ আৰোপ কৰা হৈছিল

চৰকাৰে ইয়াৰ আগলৈকে তিনিটা স্লেবত পপকৰ্ণৰ ওপৰত কৰ আৰোপ কৰিছিল। যিহেতু এতিয়া মাত্ৰ দুটা কৰ স্লেবহে আছে, গতিকে পপকৰ্ণক তিনিটা ভাগত কৰ আৰোপ কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহয়। যোৱা বছৰৰ GST বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নিমখীয়া পপকৰ্ণক দুটা স্লেবত ভাগ কৰিছিল। য’ত মুকলি ঠাইত বিক্ৰী কৰা নিমখীয়া পপকৰ্ণত ৫% আৰু লেবেল থকা পেকেটত বিক্ৰী কৰা পপকৰ্ণৰ ওপৰত ১২% কৰ আৰোপ কৰা হৈছিল। ইয়াৰ উপৰিও কেৰামেলাইজড পপকৰ্ণৰ ওপৰত ১৮% কৰ আৰোপ কৰা হৈছিল।

ৰুটি আৰু পৰঠা কৰমুক্ত

চৰকাৰে ৰুটি আৰু পৰঠাক কৰমুক্ত কৰিছে। বৰ্তমান ৰুটিৰ ওপৰত ৫% কৰ আৰোপ কৰা হয়। আনহাতে পৰঠাৰ ওপৰত ১৮% কৰ দিব লাগে। কিন্তু নতুন ৰেটত চৰকাৰে এই ক্ষেত্ৰত কৰ আঁতৰোৱাৰ সিদ্ধান্ত লৈছে। ৰুটি আৰু পৰঠাৰ বাবে এতিয়া কৰ দিব নালাগে। ইয়াৰ উপৰিও পনীৰ, ছাত্ৰ-ছাত্ৰীৰ বাবে পেঞ্চিল, মেপ, শ্বাৰপেনাৰ আৰু ইৰেজাৰকো কৰমুক্ত কৰা হৈছে।