জীৱনদায়িনী ঔষধৰ পৰা শিক্ষাৰ সঁজুলিলৈকে নাথাকে কোনো GST, কিমান কমিব মূল্য, জানি লওক
৩৩ টা জীৱনদায়িনী ঔষধৰ GST ১২ শতাংশৰ পৰা শূন্যলৈ হ্ৰাস কৰা হৈছে। তদুপৰি GST ৫ শতাংশ থকা ৩ বিধ ঔষধৰ ক্ষেত্ৰতো GST শূন্যলৈ হ্ৰাস কৰা হৈছে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নেতৃত্বত GST পৰিষদৰ ৫৬ সংখ্যক বৈঠকৰ অন্তত এই নতুন GST স্লেব ঘোষণা কৰা হয়। তাৰ পাছতেই দেশৰ সাধাৰণ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে। এই GST ২.০ অহা ২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব। যেনেকৈ কেইবাটাও ক্ষেত্ৰত GST হ্ৰাস পাব, তেনেদৰে বহু ক্ষেত্ৰত ই শূন্য হৈ পৰিব।
জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামত GST শূন্য হ’ব। ফলত এই দুবিধ বীমাৰ প্ৰিমিয়াম যথেষ্ট হ্ৰাস পাব। এতিয়ালৈকে ১০,০০০ টকাৰ প্ৰিমিয়ামত ১৮% GST সহ মুঠ ১১,৮০০ টকা দিব লাগিছিল। কিন্তু সেই প্ৰিমিয়াম GST শূন্য হোৱাৰ ফলত হঠাতে ১০,০০০ টকালৈ নামি আহিব। ফলত ইয়াৰ দ্বাৰা দেশৰ সাধাৰণ জনতা লাভৱান হ’ব।
ইয়াৰ বাহিৰেও টাৰ্ম পলিচি, এনডাউমেণ্ট পলিচি আৰু ইউএলআইপিৰ দৰে পলিচিৰ প্ৰিমিয়ামত GST নাথাকিব। ভৱিষ্যতে দেশৰ বৃহৎ সংখ্যক লোক বীমাৰ আওতালৈ অহাটো চৰকাৰে বিচাৰিছে।
ইয়াৰ উপৰিও ৩৩ টা জীৱনদায়িনী ঔষধৰ GST ১২ শতাংশৰ পৰা শূন্যলৈ হ্ৰাস কৰা হৈছে। তদুপৰি GST ৫ শতাংশ থকা ৩ বিধ ঔষধৰ ক্ষেত্ৰতো GST শূন্যলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ দ্বাৰা কেন্সাৰ, দুৰাৰোগ্য ব্যাধি আৰু অন্যান্য দীৰ্ঘদিনীয়া ৰোগৰ চিকিৎসাৰ খৰচ বহু পৰিমাণে হ্ৰাস পাব বুলি কেন্দ্ৰই আশা প্ৰকাশ কৰিছে।
ইয়াৰ বাহিৰেও শিক্ষাৰ লগত জড়িত কেইবাটাও বিষয়ত GST শূন্যলৈ হ্ৰাস কৰা হৈছে। মানচিত্ৰ, চাৰ্ট আৰু গ্ল’বত GST ১২ শতাংশৰ পৰা শূন্যলৈ হ্ৰাস কৰা হৈছে। পেঞ্চিল, শ্বাৰপেনাৰ, ক্ৰেয়ন আৰু পেষ্টেল ৰঙৰ ওপৰতো GST হ্ৰাস কৰা হৈছে। যিটো আগতে ১২ শতাংশ আছিল। ইয়াৰ উপৰিও বহীৰ দামো হ্ৰাস পাব। কাৰণ তাতো GST হ্ৰাস কৰা হৈছে। তাৰোপৰি এতিয়া ইৰেজাৰৰ ওপৰতো GST হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই। গতিকে এই সিদ্ধান্তৰ দ্বাৰা শিক্ষাৰ্থীসকল বাৰুকৈয়ে উপকৃত হ’ব।