শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সহজতে এতিয়া উলিয়াব পাৰিব PF একাউণ্টৰ ধনঃ চৰকাৰে লৈছে এনে পদক্ষেপ…

এমপ্লয়ীজ প্ৰভিডেন্ট ফাণ্ড অৰ্গেনাইজেচনত পি এফ একাউণ্ট থকা সকলৰ বাবে এক  গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰৰ এই ঘোষণাৰ পিছত প্ৰভিডেণ্ট ফাণ্ডৰ দাবী নিষ্পত্তি প্ৰক্ৰিয়াত দুটা পৰিৱৰ্তন দেখা যাব। ইয়াৰ ফলত কৰ্মচাৰীসকলৰ দাবী নিষ্পত্তি প্ৰক্ৰিয়া এতিয়া ক্ষিপ্ৰ হ’ব আৰু দাবী প্ৰত্যাখ্যানৰ সংখ্যাও হ্ৰাস পাব।

সহজতে এতিয়া উলিয়াব পাৰিব PF একাউণ্টৰ ধনঃ চৰকাৰে লৈছে এনে পদক্ষেপ…
পি এফ একাউণ্টধাৰী সকললৈ সুখবৰ
Monjit Dutta
Monjit Dutta | Published: 05 Apr 2025 12:37 PM

ব্যক্তিগত খণ্ডত নিয়োজিত অধিকাংশ কৰ্মচাৰীয়ে লাভ কৰে PFৰ সুবিধা। এই PFৰ সুবিধাই ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলক সঞ্চয়ৰ এক ভাল সুযোগ প্ৰদান কৰে। এমপ্লয়ীজ প্ৰভিডেন্ট ফাণ্ড অৰ্গেনাইজেচনত পি এফ একাউণ্ট থকা সকলৰ বাবে এক  গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰৰ এই ঘোষণাৰ পিছত প্ৰভিডেণ্ট ফাণ্ডৰ দাবী নিষ্পত্তি প্ৰক্ৰিয়াত দুটা পৰিৱৰ্তন দেখা যাব। ইয়াৰ ফলত কৰ্মচাৰীসকলৰ দাবী নিষ্পত্তি প্ৰক্ৰিয়া এতিয়া ক্ষিপ্ৰ হ’ব আৰু দাবী প্ৰত্যাখ্যানৰ সংখ্যাও হ্ৰাস পাব।

এই নতুন পদ্ধতিয়ে কৰ্মচাৰীসকলৰ ধন উলিওৱাৰ হেঁচা বহু পৰিমাণে হ্ৰাস কৰিছে। লগতে এতিয়াৰ পৰা নাম পৰীক্ষণৰ সময়ত কৰ্মচাৰীসকলে বাতিল চেক বা বেংকৰ পাছবুকৰ ছবি আপলোড কৰাৰ প্ৰয়োজন নহ’ব। কেন্দ্ৰীয় চৰকাৰে পাইলট প্ৰজেক্ট হিচাপে ২০২৪ চনৰ ২৮ মে’ত এই ব্যৱস্থা আৰম্ভ কৰিছিল। যিসকল পিএফ একাউণ্টধাৰীয়ে কেৱাইচি আপডেট কৰিছে তেওঁলোকে প্ৰথমে এই সুবিধা লাভ কৰিছিল।

বৰ্তমানলৈকে ১ কোটি ৭০ লাখ লোকে এই সুবিধা গ্ৰহণ কৰিছে। অৱশ্যে এতিয়া এই সুবিধা সকলো পি এফ একাউণ্টধাৰীৰ বাবে মুকলি কৰি দিয়া হৈছে বুলি দেশৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। পিএফ একাউণ্ট খোলাৰ সময়ত বেংক একাউণ্টধাৰীৰ নাম পৰীক্ষা কৰা হয়। ফলত দ্বিতীয়বাৰৰ বাবে নাম পৰীক্ষণৰ কোনো প্ৰয়োজন নাথাকে। জানিব পৰা মতে, এনে কাৰণতে এতিয়া এই নতুন নিয়মৰ অধীনত আৰু সুকীয়া নাম পৰীক্ষণৰ প্ৰয়োজন নহ’ব।

ইয়াৰ উপৰিও ধন উলিওৱাৰ প্ৰক্ৰিয়া আৰু অধিক ক্ষিপ্ৰ কৰি তোলাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে বেংক একাউণ্টৰ সৈতে ইউনিভাৰ্চেল একাউণ্ট নম্বৰ (UAN) সংযোগ কৰাৰ প্ৰক্ৰিয়াও সহজ কৰি তুলিছে। এই ক্ষেত্ৰত পূৰ্বতে এজন ব্যক্তিয়ে কাম কৰা কোম্পানীটোৰ পৰা অনুমোদন লোৱাৰ প্ৰয়োজন হৈছিল। এতিয়াৰ পৰা সেই অনুমোদনৰ আৰু প্ৰয়োজন নহ’ব। গতিকে কেন্দ্ৰীয় চৰকাৰৰ এই নতুন সিদ্ধান্তই সকাহ প্ৰদান কৰিছে পি এফ একাউণ্টধাৰীসকলক।