এতিয়াৰ পৰা EPFO ৰ সম্পূৰ্ণ ধন উলিয়াব পাৰিব ! বৃহৎ সিদ্ধান্ত লোৱাৰ দিশে চৰকাৰ…
অনাগত দিনত যিকোনো সময়তে সদস্যসকলে নিজৰ EPF একাউণ্টৰ পৰা সম্পূৰ্ণ ধন উলিয়াব পাৰিব। সংস্থাটোৰ দুজন বিষয়াই নাম প্ৰকাশ নকৰাকৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, EPFO য়ে গৃহ, বিবাহ আৰু শিক্ষাৰ বাবে উইড্ৰৱেল লিমিটত সকাহ দিব পাৰে।

কেন্দ্রীয় চৰকাৰে EPFO ৰ সদস্যসকলক যথেষ্ট সকাহ দিয়াৰ পৰিকল্পনা কৰিছে ৷ অনাগত দিনত যিকোনো সময়তে সদস্যসকলে নিজৰ EPF একাউণ্টৰ পৰা সম্পূৰ্ণ ধন উলিয়াব পাৰিব। সংস্থাটোৰ দুজন বিষয়াই নাম প্ৰকাশ নকৰাকৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, EPFO য়ে গৃহ, বিবাহ আৰু শিক্ষাৰ বাবে উইড্ৰৱেল লিমিটত সকাহ দিব পাৰে। সূত্ৰই সময়সীমা নিদিলেও তেওঁলোকে কয় যে, চৰকাৰে অৱসৰকালীন সঞ্চয় আঁচনিৰ এই পৰিৱৰ্তনসমূহ এবছৰৰ ভিতৰত কাৰ্যকৰী কৰাৰ কথা চিন্তা কৰিছে।
নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন বিষয়াই মানিকণ্ট্ৰলক কয় যে, “আমি সদস্যসকলৰ ওপৰত কোনো ধৰণৰ বাধা আৰোপ কৰিব নিবিচাৰো; এয়া তেওঁলোকৰ ধন… তেওঁলোকৰ প্ৰয়োজন অনুসৰি নিজৰ ধন পৰিচালনা কৰাৰ সম্পূৰ্ণ স্বাধীনতা থাকিব লাগে।” অৱশ্যে বিষয়াসকলে প্ৰস্তাৱিত পৰিৱৰ্তনৰ সবিশেষ শ্বেয়াৰ কৰা নাছিল। বৰ্তমান সদস্যসকলে ৫৮ বছৰ অৱসৰৰ বয়স হোৱাৰ পিছত বা দুমাহতকৈ অধিক সময় নিবনুৱা হৈ থকাৰ পিছতহে তেওঁলোকৰ সমগ্ৰ EPFO ধন উলিয়াব পাৰিব।”
বৰ্তমান ধন উলিওৱাৰ ক্ষেত্ৰত কি কি বাধা আছে?
বৰ্তমান EPFO ৰ ধন উলিওৱাৰ ক্ষেত্ৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পৰিয়ালৰ সদস্য, ভাই-ভনী বা সন্তানৰ বিবাহৰ বাবে কৰ্মচাৰীজনৰ অৱদান আৰু সঞ্চিত সুতৰ ৫০% পৰ্যন্ত উলিয়াবলৈ নূন্যতম সাত বছৰৰ সেৱাৰ সময়সীমা প্ৰয়োজন।
ঘৰ কিনা বা নিৰ্মাণৰ বাবে ধন উলিওৱাৰ সীমা সঞ্চিত ধনৰ ৯০% । সম্পত্তি সদস্য, তেওঁলোকৰ পত্নী বা যৌথ মালিকীস্বত্বৰ নামত হ’ব লাগিব আৰু উলিওৱাৰ বাবে নূন্যতম তিনি বছৰৰ সেৱাৰ সময়সীমা হ’ব লাগিব।
শিশুৰ মেট্ৰিকৰ পাছৰ শিক্ষাৰ বাবে সুতকে ধৰি এজন কৰ্মচাৰীৰ অৱদানৰ ৫০% পৰ্যন্ত ধন উলিয়াব পাৰি, যদিহে তেওঁলোকে কমেও সাত বছৰ সেৱা সম্পূৰ্ণ কৰে।
চৰকাৰে গ্ৰাহকক প্ৰতি ১০ বছৰৰ মূৰে মূৰে এবাৰকৈ সকলো বা এটা অংশ উলিয়াবলৈ অনুমতি দিব পাৰে। এজন বিষয়াই কয় যে, প্ৰতি ১০ বছৰৰ মূৰে মূৰে প্ৰতিজন EPFO ৰ সদস্যৰ জমাৰ পৰিমাণ অলপ বৃদ্ধি পাব… তেওঁলোকে কি কৰিব সেইটো সিদ্ধান্ত ল’ব লাগিব।
বিশেষজ্ঞসকলে কয় যে, ইপিএফৰ ধন উলিওৱাৰ সীমা শিথিল কৰিলে বা যোগ্যতাৰ মাপকাঠী সৰল কৰিলে গ্ৰাহকে বিশেষকৈ নিম্ন আৰু মধ্যম আয়ৰ শ্ৰেণীৰ গ্ৰাহকে ঋণ নোলোৱাকৈয়ে সহজে ধন লাভ কৰিব পাৰিব।