Bank Merger: অস্তিত্ব নোহোৱা হ’ব এই ৪ টা বেংকৰ, গ্ৰাহকৰ জমা ধন কি হ’ব?
সৰু বেংকসমূহক বৃহৎ বেংকৰ সৈতে একত্ৰিত কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্রীয় চৰকাৰে শীঘ্রে এই সিদ্ধান্ত ল’ব পাৰে ৷ চৰকাৰী মালিকানাধীন ক্ষুদ্ৰ বেংকসমূহ বৃহৎ বেংকৰ সৈতে একত্ৰিত হ’ব পাৰে।

সলনি হ’ব পাৰে দেশৰ সমগ্ৰ বেংকিং ব্যৱস্থা। শুনা গৈছে যে, সৰু বেংকসমূহক বৃহৎ বেংকৰ সৈতে একত্ৰিত কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্রীয় চৰকাৰে শীঘ্রে এই সিদ্ধান্ত ল’ব পাৰে ৷ মানিকণ্ট্ৰলৰ এক প্ৰতিবেদন অনুসৰি, চৰকাৰী মালিকানাধীন ক্ষুদ্ৰ বেংকসমূহ বৃহৎ বেংকৰ সৈতে একত্ৰিত হ’ব পাৰে। কোনবোৰ বেংক একত্ৰিত হ’ব পাৰে? ইণ্ডিয়ান অভাৰচিজ বেংক (IOB), চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া (CBI), বেংক অৱ ইণ্ডিয়া (BOI) আৰু বেংক অৱ মহাৰাষ্ট্ৰ (BOM) বৃহৎ বেংকৰ সৈতে একত্ৰিত হ’ব পাৰে।
কোৱা হৈছে যে, এই বেংকসমূহ পঞ্জাৱ নেচনেল বেংক, বেংক অৱ বৰোদা আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ দৰে বৃহৎ বেংকৰ সৈতে একত্ৰিত হ’ব পাৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই প্ৰস্তাৱ পুনৰীক্ষণ কৰাৰ পিছত কেবিনেট পৰ্যায়ত আলোচনা আৰম্ভ হ’ব।
ইয়াৰ পূৰ্বে নিটি আয়োগে ইণ্ডিয়ান অভাৰচিজ বেংক, চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ দৰে ক্ষুদ্ৰ ৰাজহুৱা খণ্ডৰ বেংক ব্যক্তিগতকৰণ বা পুনৰ্গঠনৰ পৰামৰ্শ দিছিল। SBI, PNB, Bank of Baroda, Canara Bank ইতিমধ্যে চৰকাৰৰ নিয়ন্ত্ৰণত আছে। বাকী থকা ৰাজহুৱা খণ্ডৰ বেংকসমূহ ব্যক্তিগতকৰণ হ’ব পাৰে বা এই সকলোবোৰ বেংকত চৰকাৰৰ অংশীদাৰিত্ব হ্ৰাস পাব পাৰে।
ইয়াৰ পূৰ্বে ২০২০ চনত চৰকাৰে ১০টা ক্ষুদ্ৰ ৰাজহুৱা খণ্ডৰ বেংকক ৪ টা বেংকত একত্ৰিত কৰিছিল। অৰিয়েণ্ট বেংক অৱ কমাৰ্চ আৰু ইউনাইটেড বেংক অৱ ইণ্ডিয়াক পঞ্জাৱ নেচনেল বেংকৰ সৈতে একত্ৰিত হয়। চিণ্ডিকেট বেংকক Canara Bankৰ সৈতে একত্ৰিত কৰা হ’ল। অন্ধ্ৰ বেংক আৰু কৰ্পৰেশ্যন বেংকক ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ সৈতে একত্ৰিত হয়। এলাহাবাদ বেংকক ইণ্ডিয়ান বেংকৰ সৈতে একত্ৰিত কৰা হ’ল।