শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Tax Exemption: কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত, কৰ ৰেহাইৰ সময়সীমা আৰু ৫ বছৰলৈ বৃদ্ধি !

কেন্দ্ৰই SWF আৰু পেঞ্চন ফাণ্ডৰ ওপৰত কৰ ৰেহাইৰ সময়সীমা ২০৩০ চনৰ ৩১ মাৰ্চলৈকে বৃদ্ধি কৰিছে। অৰ্থাৎ আৰু ৫ বছৰৰ বাবে সময়সীমা বৃদ্ধি কৰিছে কেন্দ্ৰই।

Tax Exemption: কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত, কৰ ৰেহাইৰ সময়সীমা আৰু ৫ বছৰলৈ বৃদ্ধি !
বিত্তমন্ত্ৰীImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 14 Jul 2025 11:19 AM

কৰ ৰেহাইৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। চলিত বিত্তীয় বৰ্ষত আয়কৰ ৰেহাইৰ পৰিমাণ বৃদ্ধি কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে । বৰ্তমান ১২ লাখ ৭৫ হাজাৰ টকা পৰ্যন্ত আয়ৰ ওপৰত কোনো কৰ আদায় দিব নালাগে বুলি প্ৰকাশ কৰিছে কেন্দ্ৰই। আৰু এতিয়া কেন্দ্ৰই SWF আৰু পেঞ্চন ফাণ্ডৰ ওপৰত কৰ ৰেহাইৰ সময়সীমা ২০৩০ চনৰ ৩১ মাৰ্চলৈকে বৃদ্ধি কৰিছে। অৰ্থাৎ আৰু ৫ বছৰৰ বাবে সময়সীমা বৃদ্ধি কৰিছে কেন্দ্ৰই।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, ভাৰতৰ ৰাজহ বিভাগে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে। আৰু এই অধিসূচনাই যোৱা বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ঘোষণাক এক ব্যৱহাৰিক ৰূপ দিছে। এই কৰ ৰেহাই আচলতে SWF বা পেঞ্চন পুঁজিৰ পৰা আয়, লভ্যাংশ বা দীৰ্ঘম্যাদী মূলধনী লাভৰ ওপৰত কৰ পৰিশোধ কৰাৰ পৰা সকাহ দিয়া।

এই কৰ ৰেহাই দিয়াৰ আঁৰত চৰকাৰৰ লক্ষ্য অতি স্পষ্ট। টেলিকম খণ্ড, শক্তি আৰু আন কেইবাটাও খণ্ডকে ধৰি ভাৰতৰ বিভিন্ন বৃহৎ প্ৰকল্পত কৰ ৰেহাইৰ জৰিয়তে বিদেশী বিনিয়োগক আকৰ্ষণ কৰা চৰকাৰৰ লক্ষ্য। অৱশ্যে ২০২০ চনৰ ১ অক্টোবৰৰ পিছত এই ক্ষেত্ৰত বিনিয়োগ কৰাসকলেহে এই কৰ ৰেহাই লাভ কৰিব।

যদি আপুনি বিনিয়োগ কৰিব বিচাৰে তেন্তে বিষয়টোৰ ওপৰত সঠিক গৱেষণা আৰু বিশ্লেষণ কৰক। এই লেখাটো কেৱল শিক্ষাৰ উদ্দেশ্যে। TV9 অসমীয়াই বিনিয়োগৰ কোনো পৰামৰ্শ নিদিয়ে।

বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ থাকে। গতিকে প্ৰথমে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ ভালদৰে পঢ়ক। তাৰ পিছত বিনিয়োগৰ বিষয়ে এটা সিদ্ধান্ত লওক।