বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা: চৰকাৰৰ কঠোৰ আইন!
মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে, এই আইনখনত পিতৃ-মাতৃয়ে যাতে বৃদ্ধ বয়সত আৰ্থিক দুৰ্দশা বা অৱহেলাৰ সন্মুখীন নহয় তাৰ বাবে ব্যৱস্থা লোৱা হ'ব। পৰিকল্পনা অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে পিতৃ-মাতৃৰ সঠিক যত্ন লোৱা নাই বুলি প্ৰমাণিত হ’লে চৰকাৰে হস্তক্ষেপ কৰিব।

বহু সময়ত পুত্ৰ বা জীয়ৰীয়ে বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰাৰ ঘটনা আমি দেখিবলৈ পাও। এতিয়া এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। যিয়ে সমগ্ৰ দেশৰ চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত বিতৰ্কৰ সূচনা কৰিব পাৰে। শনিবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেবন্ত ৰেড্ডীয়ে এক উল্লেখযোগ্য আৰু স্পৰ্শকাতৰ পদক্ষেপৰ কথা ঘোষণা কৰে। বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰীক দমন কৰিবলৈ ৰাজ্য চৰকাৰে শীঘ্ৰে আইন প্ৰৱৰ্তন কৰিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।
এই আইনৰ অধীনত যদি কোনো কৰ্মচাৰীয়ে পিতৃ-মাতৃক অৱহেলা কৰা দেখা যায় তেন্তে তেওঁলোকৰ মাহিলী দৰমহাৰ এটা নিৰ্দিষ্ট অংশ কৰ্তন কৰি পোনপটীয়াকৈ অৱহেলিত পিতৃ-মাতৃৰ বেংক একাউণ্টত জমা কৰা হ’ব। গ্ৰুপ ২ৰ নৱনিৰ্বাচিত বিষয়াসকলক নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰে।
দৰমহাৰ পৰা ১৫% পৰ্যন্ত প্ৰত্যক্ষ কৰ্তন
মুখ্যমন্ত্ৰী ৰেড্ডীয়ে এই প্ৰস্তাৱিত আইনখনৰ ৰূপৰেখা স্পষ্ট কৰি দিয়ে। তেওঁ উল্লেখ কৰে যে, এই আইনখনত পিতৃ-মাতৃয়ে যাতে বৃদ্ধ বয়সত আৰ্থিক দুৰ্দশা বা অৱহেলাৰ সন্মুখীন নহয় তাৰ বাবে ব্যৱস্থা লোৱা হ’ব। পৰিকল্পনা অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে পিতৃ-মাতৃৰ সঠিক যত্ন লোৱা নাই বুলি প্ৰমাণিত হ’লে চৰকাৰে হস্তক্ষেপ কৰিব।
এনে ক্ষেত্ৰত কৰ্মচাৰীজনৰ মুঠ মাহিলী দৰমহাৰ ১৫% পৰ্যন্ত কৰ্তন কৰা হ’ব। এই কৰ্তন কৰা ধনৰাশি কোনো চৰকাৰী কোষাগাৰলৈ নাযায়, বৰঞ্চ পোনপটীয়াকৈ বৃদ্ধ পিতৃ-মাতৃৰ বেংক একাউণ্টত মাহিলী আয় হিচাপে জমা হ’ব। এই ব্যৱস্থাই নিজৰ প্ৰয়োজনীয়তাৰ বাবে ভিক্ষা খুজিবলগীয়া অভিভাৱকসকলক যথেষ্ট আৰ্থিক সহায় আগবঢ়াব।
উল্লেখ্য যে, গ্ৰুপ ২ সেৱাৰ বাবে নতুনকৈ নিৰ্বাচিত বিষয়াসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। এই নতুন বিষয়াসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী ৰেড্ডীয়ে প্ৰথমে তেওঁলোকক অভিনন্দন জনায় আৰু তাৰ পিছত ৰাজহুৱা সেৱক হিচাপে তেওঁলোকৰ দায়িত্বৰ কথা সোঁৱৰাই দিয়ে। তেওঁৰ কাৰ্যালয়লৈ অহা সাধাৰণ ৰাইজৰ সমস্যা আৰু অভিযোগ লৈ গভীৰ সংবেদনশীলতা দেখুৱাবলৈ নতুন কৰ্মচাৰীসকলক আহ্বান জনায়।
এই সংবেদনশীলতা অব্যাহত ৰাখি তেলেংগানাৰ মুখ্যমন্ত্রীয়ে এই নতুন আইনখনৰ কথা উল্লেখ কৰে । তেওঁ এই নতুন বিষয়াসকলক ক’লে, “আমি এখন আইন আনিছোঁ… আৰু এই আইনখনৰ খচৰা আপোনালোকে প্ৰস্তুত কৰিব।” এইটো এটা উল্লেখযোগ্য বক্তব্য। ইয়াৰ অৰ্থ হ’ল মুখ্যমন্ত্ৰীয়ে বিচাৰিছে যে নতুন প্ৰজন্মই চৰকাৰী তন্ত্ৰত যোগদান কৰি এই সামাজিক পৰিৱৰ্তনৰ ভেটি স্থাপন কৰক। এই দায়িত্ব নতুন বিষয়াসকলৰ ওপৰত ন্যস্ত কৰি তেওঁ তেওঁলোকক প্ৰথম দিনাৰ পৰাই নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অংশীদাৰ কৰি তুলিছে।
কিয় এই ‘কঠোৰ’ আইনখনৰ প্ৰয়োজন হৈছে?
প্ৰশ্ন উত্থাপন হয়- চৰকাৰে ইমান কঠোৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন কিয়? ইয়াৰ উত্তৰ মুখ্যমন্ত্ৰীৰ কথাত নিহিত হৈ আছে। তেওঁ নতুন কৰ্মচাৰীসকলক কয়, “আপুনি (কৰ্মচাৰীসকলে) যেনেকৈ মাহিলী দৰমহা পায়, আমি নিশ্চিত কৰিম যে আপোনালোকৰ পিতৃ-মাতৃয়েও ইয়াৰ পৰা মাহিলী আয় লাভ কৰে।”
মন কৰিবলগীয়া যে তেলেংগানা চৰকাৰৰ এই পদক্ষেপ যদি কাৰ্যকৰী হয় তেন্তে দেশৰ ভিতৰতে এই ধৰণৰ প্ৰথম আৰু অনন্য আইন হ’ব। ভাৰতত ইতিমধ্যে পিতৃ-মাতৃ আৰু জ্যেষ্ঠ নাগৰিকৰ ৰক্ষণাবেক্ষণ আৰু কল্যাণ আইন, ২০০৭ আছে, য’ত অভিভাৱকৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা আছে। কিন্তু ৰাজ্য চৰকাৰে নিজৰ কৰ্মচাৰীৰ ওপৰত এনে প্ৰত্যক্ষ দৰমহা কৰ্তন কাৰ্যকৰী কৰাটো এক উল্লেখযোগ্য আৰু সাহসী সিদ্ধান্ত।