Gold Rate Today: ডলাৰৰ শক্তিয়ে ম্লান কৰিলে সোণৰ জিলিকনি, জানক গুৱাহাটীত কিমান হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য
প্ৰতিদিনে পৰিৱৰ্তন হয় সোণ-ৰূপৰ মূল্য। আমেৰিকান ডলাৰৰ শক্তিশালী হোৱাৰ লগে লগে সোণৰ ওপৰত হেঁচা বৃদ্ধি পাইছে। ১ আগষ্টত আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

Gold Rate and Silver rate today: শক্তিশালী আমেৰিকান ডলাৰ, আমেৰিকাৰ শুল্কৰ পৰা বাণিজ্যিক অনিশ্চয়তাৰ বাবে সোণৰ ওপৰত চাপ বৃদ্ধি পাইছে। যাৰ বাবেই ইয়াৰ জিলিকনি ম্লান হ’বলৈ আৰম্ভ কৰিছে। ১ আগষ্টত ইয়াৰ প্ৰভাৱ দেখা গৈছে। শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় আৰু ভাৰতীয় দুয়োটা বজাৰতে সোণৰ মূল্য হ্ৰাস পাইছিল। আজি স্পট গোল্ডৰ মূল্য ০.২৩ শতাংশ হ্ৰাস পাই ৩২৯২.৩৫ ডলাৰ প্ৰতি আউন্সত উপনীত হয়। আনহাতে, এমচিএক্সত সোণৰ মূল্য ১০১ টকা সামান্য হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত ৯৭,৯৮৬ টকা হোৱা দেখা গৈছে।
শুকুৰবাৰে MCX ত ৰূপৰ সামান্য হ্ৰাস দেখা গৈছে। প্ৰতি কেজিত ৯৭ টকা হ্ৰাস পাই ১০৯,৮৭৫ টকা হয়। পেটিএমত প্ৰতি গ্ৰাম সোণৰ মূল্য ১০১১০১ টকা হৈছিল।
খুচুৰা বিক্ৰীত কিমান দাম?
টনিষ্কৰ ৱেবছাইট অনুসৰি, ১ আগষ্টত ২৪ কেৰেট সোণৰ মূল্য ১০০৪৭০ টকা প্ৰতি ১০ গ্ৰামত ৰেকৰ্ড কৰিছে, যিটো ৩১ জুলাইত প্ৰতি ১০ গ্ৰামত ১০০৯১০ টকা আছিল। অৰ্থাৎ আজি খুচুৰা ব্যৱসায়তো ইয়াৰ সামান্য হ্ৰাস দেখা গৈছে। একে সময়তে আজি ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৯২১০০ টকা হোৱাৰ বিপৰীতে ৩১ জুলাইত প্ৰতি ১০ গ্ৰামত ইয়াৰ মূল্য আছিল ৯২৫০০ টকা। অৰ্থাৎ ইয়াৰ মূল্যও হ্ৰাস পাইছে।
বিগত দুমাহ ধৰি সোণৰ ব্যৱসায় হৈছে ৩২৫০ ডলাৰৰ পৰা ৩৪৫০ ডলাৰৰ ভিতৰত। বিশেষজ্ঞসকলৰ মতে এতিয়া ই এই ৰেঞ্জৰ তলৰ মূৰৰ ফালে আগবাঢ়িব পাৰে। ফেডাৰেল ৰিজাৰ্ভৰ কঠোৰ নীতিৰ বাবে ডলাৰৰ শক্তিয়ে সোণৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। বুধবাৰে ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ ৪.২৫%-৪.৫০%ৰ ভিতৰত সুস্থিৰ কৰি ৰাখিছিল আৰু ছেপ্টেম্বৰ মাহত হাৰ কৰ্তনৰ আশা হ্ৰাস কৰিছিল। একে সময়তে ট্ৰাম্পে কেইবা ডজন দেশ আৰু বিদেশী স্থানৰ পৰা আমদানিৰ ওপৰত ১০%ৰ পৰা ৪১%লৈকে পাৰস্পৰিক শুল্ক আৰোপ কৰিছে। কিন্তু বাণিজ্যিক চুক্তিৰ ওপৰত আলোচনা চলি আছে, যাৰ বাবে বিনিয়োগকাৰীৰ মাজত বিশেষ আশংকা নাই। যাৰ বাবে সোণৰ বিনিয়োগ হ্ৰাস পাইছে।
গুৱাহাটীত সোণ-ৰূপৰ মূল্য
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি বৃহস্পতিবাৰে গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১০,০০৩ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,১৭০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৫০৩ টকা আছিল। কিন্তু আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৯৮২ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,১৫০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৪৮৭ টকা হৈছে। ইফালে আজি গুৱাহাটীত ৰূপৰ মূল্য ১১৩ আৰু প্ৰতি কিলোগ্ৰামত ১,১৩,০০০ টকা হৈছে।