শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পুনৰ বাঢ়িল সোণৰ দাম, বিদেশৰ লগতে দেশৰ বজাৰতো দ্ৰুতগতিত মূল্যবৃদ্ধি…

পুনৰ বৃদ্ধি পালে সোণৰ মূল্য। যোৱা কেইটামান দিনত সোণৰ মূল্য তীব্ৰগতিত হ্ৰাস পাইছিল যদিও আজিৰ দিনটোত সোণৰ মূল্য বৃদ্ধি হোৱা দেখা যায়। দেশৰ লগতে বিদেশৰ বজাৰতো বৃদ্ধি পালে সোণৰ মূল্য।

পুনৰ বাঢ়িল সোণৰ দাম, বিদেশৰ লগতে দেশৰ বজাৰতো দ্ৰুতগতিত মূল্যবৃদ্ধি…
আজি গুৱাহাটীৰ বজাৰত কিমান সোণ-ৰূপৰ মূল্য?Image Credit source: Getty Images Creative
barasha-sarma
Barasha Sarma | Updated On: 19 Nov 2024 12:01 PM

যোৱা কিছুদিনৰ পৰা সোণৰ দাম হ্ৰাস পাইছিল যদিও পুনৰ বৃদ্ধি হ’বলৈ ধৰিছে সোণৰ মূল্য। যোৱা ২ টা দিনত আমেৰিকাৰ বজাৰৰ পৰা ভাৰতৰ বজাৰলৈ বৃদ্ধি পাইছে সোণৰ মূল্য। মাল্টি ক’ম’ডিটি এক্সচেঞ্জত সোমবাৰ আৰু মঙলবাৰে পুৱা ১০ বজালৈকে সোণৰ মূল্য ১৫০০ টকাতকৈ অধিক বৃদ্ধি হোৱা দেখা গৈছে। আনহাতে ৰূপৰ মূল্য প্ৰতি কিলোত ৯১ হাজাৰ টকা অতিক্ৰম কৰিছে।  নিউয়ৰ্কৰ কমেক্স বজাৰতো সোণৰ দাম বৃদ্ধি হোৱা দেখা গৈছে।  কমেক্সত  সোণৰ মূল্য আকৌ এবাৰ প্ৰতি আউন্সত ২৬০০ ডলাৰ অতিক্ৰম কৰা দেখা গৈছে।

বিশেষজ্ঞসকলৰ মতে, বৰ্তমান বিয়াৰ সময়, যাৰ বাবে দেশৰ স্থানীয় পৰ্যায়ত সোণৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে।  ইয়াৰ বাহিৰেও আন্তঃৰাষ্ট্ৰীয় বজাৰত ডলাৰ সূচকাংকৰ চাপৰ বাবে সোণৰ মূল্য বৃদ্ধি পাইছে। ইয়াৰ প্ৰভাৱ ভাৰতৰ বজাৰতো দেখিবলৈ পোৱা গৈছে।  বিশেষজ্ঞসকলৰ মতে অনাগত দিনত ডলাৰ সূচকাংক আৰু সোণৰ চাহিদা হ্ৰাস বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । এনে পৰিস্থিতিত দেশত সোণৰ মূল্য মাজে মাজে হ্ৰাস, মাজে মাজে বৃদ্ধি হ’ব পাৰে।

মাল্টি ক’ম’ডিটি এক্সচেঞ্জত একেৰাহে দ্বিতীয় দিনলৈ বৃদ্ধি পাইছে সোণৰ মূল্য। আজি পুৱা ১০:১৫ বজাত সোণৰ মূল্য ৩২৭ টকা বৃদ্ধিৰে (১০ গ্ৰাম) ৭৫,৩৭৪ টকা হৈছে। আজি পুৱা ৯ বজাত ৭৫,২০০ টকাৰে সোণ মূল্য আৰম্ভ হয়।। এদিন পূৰ্বে বজাৰ বন্ধ হোৱাৰ পিছত প্ৰতি দহ গ্ৰাম সোণৰ মূল্য ৭৫,০৪৭ টকা হোৱা দেখা গৈছিল। যোৱা সপ্তাহৰ শেষৰ ব্যৱসায়িক দিনটোত সোণৰ মূল্য আছিল ৭৩,৯৪৬ টকা। গতিকে এতিয়ালৈকে ১৫০৪ টকা পৰ্যন্ত বৃদ্ধি দেখা গৈছে।

আনহাতে, মাল্টি ক’ম’ডিটি এক্সচেঞ্জত ৰূপৰ মূল্য (প্ৰতি কিলো)  ৯১ হাজাৰ টকা অতিক্ৰম কৰিছে। সোণৰ দৰে ৰূপৰ মূল্য ২৬০০ টকাতকৈ  অধিক বৃদ্ধি পাইছে৷ মঙলবাৰে (১৯ নৱেম্বৰ) পুৱা ১০.২০ বজাত মাল্টি ক’ম’ডিটি এক্সচেঞ্জত ৰূপৰ মূল্য ৪৭৩ টকা বৃদ্ধি  হৈ ইয়াৰ মূল্য হয়গৈ ৯০,৯৮৬ টকা। আজি পুৱা ৰূপ ৯০,৭৪৮ টকাৰে মুকলি কৰা হৈছিল। আনহাতে সোমবাৰে বজাৰ বন্ধ হোৱাৰ সময়ত মূল্য আছিল ৯০,৫১৩ টকা। যোৱা সপ্তাহৰ কথা  লক্ষ্য কৰিলে দেখা যায় যে, এতিয়ালৈকে ৰূপ প্ৰতি কেজিত ২৬৭৯ টকা বৃদ্ধি হোৱা দেখা গৈছে। সমান্তৰালকৈ বিদেশৰ বজাৰতো বৃদ্ধি পাইছে সোণ আৰু ৰূপৰ মূল্য।

 

গুৱাহাটীত সোণৰ মূল্য

তথ্য অনুসৰি আজিৰ দিনটোত গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৭,০৭০ টকা আৰু ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭০, ৬৫০ টকা।  আনহাতে গুৱাহাটীত আজিৰ দিনটোত ৰূপৰ মূল্য প্ৰতিকিলো ৯১,৫০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।