Gold Price Hike: উৎসৱৰ বতৰত বেয়া খবৰ, দ্ৰুতগতিত বৃদ্ধি পাইছে সোণৰ দাম, কাৰণ…
Gold Price Today: এই বছৰ ইতিমধ্যে সোণৰ মূল্য প্ৰায় ৪২ শতাংশ বৃদ্ধি পাইছে। আৰু বজাৰ বিশেষজ্ঞসকলে কয় যে যেতিয়ালৈকে ভূ-ৰাজনৈতিক উত্তেজনা বা অৰ্থনৈতিক মন্দাৱস্থা কমি নাযায়, তেতিয়ালৈকে সোণৰ মূল্য সুস্থিৰ হোৱাৰ সম্ভাৱনা নাই।

বিগত কেইবছৰমানৰ পৰা সোণৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে। যদিও যোৱা ৪ মাহত এই দাম কিছু সুস্থিৰ আছিল। মঙলবাৰৰ দৰে আজি ১০ ছেপ্টেম্বৰতো বৃদ্ধি পাইছে সোণৰ দাম। প্ৰকৃত কাৰণ ক’বলৈ গ’লে বৰ্তমান আমেৰিকাৰ বজাৰৰ পৰিস্থিতি সঠিক নহয়। বৃদ্ধি পাইছে নিবনুৱা সমস্যা। আৰু সেই খবৰ পোহৰলৈ অহাৰ লগে লগে বৃদ্ধি পাইছে সোণৰ দাম। বৰ্তমান ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১ লাখৰ ঘৰ অতিক্ৰম কৰিছে। কিন্তু এই হঠাৎ বৃদ্ধি কিয়? বিশেষজ্ঞসকলে কয় যে ইয়াৰ আঁৰত একাধিক আন্তঃৰাষ্ট্ৰীয় কাৰণ আছে।
এই অভিলেখ মূল্য কিয়?
এই অভিলেখ মূল্যবৃদ্ধিৰ মূল কাৰণ হৈছে আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভ। আগষ্ট মাহত আমেৰিকাৰ চাকৰি বজাৰৰ প্ৰতিবেদন হতাশাজনক আছিল। ফলত ছেপ্টেম্বৰ মাহত ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ কৰ্তনৰ সম্ভাৱনা বৃদ্ধি পাইছে। আমি জানো যে যেতিয়া সুতৰ হাৰ কমি যায় তেতিয়া ডলাৰ দুৰ্বল হয় আৰু বণ্ডৰ ফলন কমি যায়। আৰু এই পৰিস্থিতিত বিনিয়োগকাৰীসকলে নিৰাপদ বিনিয়োগ হিচাপে সোণৰ দিশলৈ ঢাপনি মেলিছে।
ডলাৰৰ দুৰ্বলতা
কেইবা সপ্তাহ ধৰি হ্ৰাস পাইছে ডলাৰৰ মূল্য। কেইবাখনো দেশৰ মুদ্ৰাৰ বিপৰীতে ডলাৰৰ মূল্য হ্ৰাস পাইছে। আৰু সোণৰ মূল্য হ্ৰাস পোৱাৰ লগে লগে ডলাৰ সূচকাংক সস্তা হৈ পৰিছে। ফলত বহু দেশে ক্ৰয় কৰিছে সোণ।
ভূ-ৰাজনৈতিক অনিশ্চয়তা আৰু শুল্ক যুদ্ধ
এইবোৰৰ উপৰিও ভূ-ৰাজনৈতিক উত্তেজনা আৰু বিশ্ব অৰ্থনীতিৰ মন্দাৱস্থাৰ আশংকা ইয়াৰ লগত যোগ হৈ পৰিছে। এই পৰিস্থিতিত বিনিয়োগকাৰীৰ বাবে সোণত বিনিয়োগ কৰাটো নিৰাপদ বিকল্প। তদুপৰি আমেৰিকা প্ৰশাসনৰ শুল্ক নীতিৰ বাবে বৃদ্ধি পাইছে সোণৰ মূল্য। সেইবাবেই বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংক আৰু বৃহৎ বিনিয়োগ প্ৰতিষ্ঠানসমূহে অবিৰতভাৱে সোণ ক্ৰয় কৰি আছে। ফলত সোণৰ দাম বাঢ়িছে।
ভৱিষ্যতে কি হ’ব পাৰে?
এইবাৰ ইতিমধ্যে সোণৰ মূল্য প্ৰায় ৪২ শতাংশ বৃদ্ধি পাইছে। আৰু বজাৰ বিশেষজ্ঞসকলে কয় যে যেতিয়ালৈকে ভূ-ৰাজনৈতিক উত্তেজনা বা অৰ্থনৈতিক মন্দাৱস্থা কমি নাযায়, তেতিয়ালৈকে সোণৰ মূল্য সুস্থিৰ হোৱাৰ সম্ভাৱনা নাই। বিশেষজ্ঞসকলে কয় যে চলিত বৰ্ষৰ শেষলৈকে সোণৰ মূল্য ১ লাখ ১৪ হাজাৰৰ ওপৰলৈ বৃদ্ধি পাব পাৰে। কিন্তু যদিহে আমেৰিকাত মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি পায় বা ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ হ্ৰাস নকৰে তেন্তে সোণৰ মূল্য ১ লাখ ৫ হাজাৰলৈ হ্ৰাস পাব পাৰে। অৱশ্যে বিশেষজ্ঞসকলেও এই সম্ভাৱনা কম বুলি মত প্ৰকাশ কৰিছে।
সন্মুখত উৎসৱৰ বতৰ। ফলত বজাৰে আশা কৰিছে যে সোণৰ ক্ৰয় বৃদ্ধি পাব। আৰু তেনেকুৱা হ’লে সোণৰ চাহিদা বাঢ়িব। দাম বাঢ়িব পাৰে। আকৌ, আকাশলংঘী মূল্যৰ বাবে সাধাৰণ ক্ৰেতাসকল যথেষ্ট হেঁচাত পৰিলেও বিনিয়োগকাৰীৰ বাবে ই এক ভাল খবৰ। কিন্তু এই মুহূৰ্তত বজাৰৰ দৃষ্টি আমেৰিকাৰ মুদ্ৰাস্ফীতিৰ তথ্য আৰু ফেডাৰেল ৰিজাৰ্ভৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত।
১০ ছেপ্টেম্বৰত গুৱাহাটীত সোণৰ মূল্য
২৪ কেৰেট
১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১ লাখ ১০ হাজাৰ ৫০৯ টকা। ৯ ছেপ্টেম্বৰৰ তুলনাত ২১৯ টকা বৃদ্ধি পাইছে সোণৰ মূল্য।
২২ কেৰেট
২২ কেৰেট সোণৰ মূল্যও আজি বৃদ্ধি পাইছে। প্ৰতি ১০ গ্ৰামত ২০০ টকা বৃদ্ধি পাই ১, ১ হাজাৰ ৩০০ টকা হৈছে।
১৮ কেৰেট
১৮ কেৰেটৰ সোণৰ দৰো পিছ পৰি থকা নাই। আজি ১৬০ টকা বৃদ্ধি পাইছে ১০ গ্ৰাম সোণৰ মূল্য। ১৮ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৮২ হাজাৰ ৮৮০ টকা হৈছে।
ৰূপৰ দাম
ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১১৩ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,৩০,০০০ টকা।
(যদি আপুনি ক’ৰবাত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই বিষয়ত সঠিক গৱেষণা আৰু বিশ্লেষণ কৰক। এই লেখাটো কেৱল শিক্ষাৰ উদ্দেশ্যে। TV9 অসমে-এ বিনিয়োগৰ কোনো পৰামৰ্শ নিদিয়ে।)