সোণ ক্ৰয় কৰাৰ সময়ত সাৱধান! নহ’লে হ’ব পাৰে ডাঙৰ লোকচান…
Gold Investment: বৰ্তমান সময়ত বৃদ্ধি পাইছে সোণৰ মূল্য। এনে অৱস্থাত বহুতে বিনিয়োগৰ বিকল্প হিচাপে সোণ বাছি লৈছে। কিন্তু যদি সঠিকভাৱে সোণ ক্ৰয় কৰা নাযায় তেন্তে লাভৰ সলনি লোকচান হ'ব পাৰে।
সোণৰ গহনা পিন্ধি কোনে ভাল নাপায়! বিশেষকৈ মহিলাসকলৰ বিশেষ পচন্দ সোণৰ আ-অলংকাৰ। বহুতে সোণ আৰ্থিক সংকটৰ পৰা নিজকে ৰক্ষা কৰিবলৈও ব্যৱহাৰ কৰে। কিন্তু এতিয়া সোণৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে। যাৰ বাবে বহুতে সোণ ক্ৰয় কৰাৰ ক্ষেত্ৰত ভয় খোৱা দেখা যায়। এনে অৱস্থাত বহুতে বিনিয়োগৰ বিকল্প হিচাপে সোণ বাছি লৈছে। কিন্তু সঠিক স্থানত বিনিয়োগ নকৰিলে লোকচান যে ভৰিব লাগিব সেয়াও ঠিক।
আগতে মানুহে সোণত বিনিয়োগ কৰাৰ কথা ভাবিছিল। ইয়াৰ বাবে সোণৰ গহনা , সোণৰ মুদ্ৰা বা বিভিন্ন সামগ্ৰী ক্ৰয় কৰিছিল। কিন্তু এতিয়া ডিজিটেল সোণ, গোল্ড ইটিএফৰ দৰে আধুনিক বিকল্পই জনপ্ৰিয়তা লাভ কৰিছে। কিন্তু আপুনি ক’ত বিনিয়োগ কৰে সেই বিষয়ে ভালদৰে চিন্তা কৰা প্ৰয়োজন।
সোণৰ গহনা
বহুতে সোণত বিনিয়োগ কৰি ভাল পায়। কাৰণ ইয়াক এফালে পিন্ধিব পাৰি আনফালে ইয়াক ভৱিষ্যতৰ সৰ্বোত্তম বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি। কিন্তু প্ৰতিটো ক্ষেত্ৰতে ই সৰ্বোত্তম বিকল্প নহ’ব পাৰে। কিয়নো সোণৰ গহনাত অতিৰিক্ত মেকিং চাৰ্জ আৰু জি এছ টি যোগ হয়। ইয়াৰোপৰি সোণ কিমান বিশুদ্ধ তাৰ ওপৰতো প্ৰশ্ন উত্থাপন হয়। যদি ভাল সোণ বেছি নাথাকে তেন্তে লাভতকৈ লোকচানৰ আশংকা বেছি।
গোল্ড ইটিএফ-গোল্ড বাৰ-
বিনিয়োগৰ দিশৰ পৰা ক’বলৈ হ’লে, সোণৰ গহনাতকৈ সোণৰ ইটিএফ বা সোণৰ মুদ্ৰা বেছি ভাল। ই বিনিয়োগৰ বাবে ভাল বিকল্প। ই বিশুদ্ধ সোণ, যাক বিক্ৰী কৰা অতি সহজ। দামো ভাল পোৱা যায়। আজিকালি ডিজিটেল প্লেটফৰ্মত সোণ ক্ৰয় বা বিক্ৰী কৰা অতি সহজ। এই সোণ জমা কৰি ৰখাৰ ক্ষেত্ৰত কোনো সমস্যা নাই বা চুৰি হোৱাৰ ভয়ো নাই। ইয়াৰোপৰি ডিজিটেল সোণ ক্ৰয় কৰিলে অতিৰিক্ত জি এছ টি দিব নালাগে।
গতিকে যদি কোনোৱে সোণত বিনিয়োগ কৰিব বিচাৰে তেন্তে গহনাৰ সলনি ডিজিটেলী ইয়াক ক্ৰয় কৰিব পাৰে। গহনা ক্ৰয় কৰিলে লোকচান হ’ব পাৰে। অৱশ্যে যিকোনো ক্ষেত্ৰত বিনিয়োগ কৰাৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।
অন্য খবৰ পঢ়কঃ ঘনিষ্ঠতা বৃদ্ধি! পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক বৃদ্ধি কৰিব আমেৰিকাই, ভাৰত সন্দৰ্ভত ক’লে…