শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Rate Today: সোণ কিনিব বিচাৰিছে নেকি? তাৰ পূৰ্বে জানক সোণ-ৰূপৰ মূল্য

সোণ-ৰূপৰ মূল্যত আহিছে ডাঙৰ পৰিৱৰ্তন। ২০২৫ চনৰ ৫ ছেপ্তেম্বৰত আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

Gold Rate Today: সোণ কিনিব বিচাৰিছে নেকি? তাৰ পূৰ্বে জানক সোণ-ৰূপৰ মূল্য
সোণ কিনিব বিচাৰিছে নেকি?
barasha-misra
Barasha Misra | Updated On: 05 Sep 2025 09:55 AM

আজি পুৱা ভাৰতত সোণ আৰু ৰূপৰ দাম আকৌ এবাৰ সলনি হৈছে। নতুন জি এছ টি প্ৰৱৰ্তনৰ পিছত দাম হ্ৰাস পালে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰেও সোণৰ মূল্যত প্ৰভাৱ পেলায়। আজি দিল্লীৰ লগতে গুৱাহাটীত ২৪ কেৰেট, ২২ কেৰেট, ১৮ কেৰেট সোণৰ দাম কি কি সেয়া জানো আহক, লগতে ৰূপৰ শেহতীয়া মূল্যও চাওক।

ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ’চিয়েশ্যনৰ ৱেবছাইট অনুসৰি শুকুৰবাৰে পুৱালৈকে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১০৫৯৪৫ টকালৈ হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ১২৩২০৭ টকালৈ হ্ৰাস পায়। জানি লওক ২৪, ২২ আৰু ১৮ কেৰেট সোণৰ শেহতীয়া মূল্য কিমান…

আজি পুৱা ২৪ কেৰেট সোণৰ ১০ গ্ৰামত ১০৫৯৪৫ টকা হৈছে, ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ৯৭০৪৬ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ৭৯৪৫৯ টকা হৈছে। আনফালে ৰূপৰ(৯৯৯ বিশুদ্ধ) প্ৰতি কেজিত ১২৩২০৭ টকা হৈছে।

অল ইণ্ডিয়া চাৰাফা এছ’চিয়েশ্যনৰ তথ্য অনুসৰি বিশ্বৰ বজাৰত থকা দুৰ্বল ধাৰাটোৰ লগত সংগতি ৰাখি ব্যৱসায়ীসকলে লাভ বুকিং কৰাৰ বাবে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বুলিয়ন বজাৰত সোণৰ মূল্য অভিলেখ উচ্চতাৰ পৰা ১,০৬,০৭০ টকালৈ হ্ৰাস পাইছে। বুধবাৰে ৯৯.৯ শতাংশ বিশুদ্ধতাৰ সোণৰ সৰ্বোচ্চ মূল্য ১,০৭,০৭০ টকা প্ৰতি ১০ গ্ৰামত বন্ধ হয়। ৯৯.৫ শতাংশ বিশুদ্ধতাৰ সোণৰ মূল্যও হ্ৰাস পোৱাৰ লগতে বৃহস্পতিবাৰে ১০০০ টকা হ্ৰাস পাই প্ৰতি ১০ গ্ৰাম (সকলো কৰকে ধৰি) ১,০৫,২০০ টকা হয়। পূৰ্বৰ ব্যৱসায়িক অধিবেশনত প্ৰতি ১০ গ্ৰামত ১,০৬,২০০ টকাত বন্ধ হৈছিল। উচ্চ পৰ্যায়ত বিনিয়োগকাৰীয়ে লাভ বুকিং কৰাৰ বাবে ৰূপালীও অভিলেখ স্তৰৰ পৰা পিছলি পৰে। বৃহস্পতিবাৰে ৰূপৰ মূল্য ৫০০ টকা হ্ৰাস পাই ১,২৫,৬০০ টকা প্ৰতি কেজিত (সকলো কৰকে ধৰি) হয়। পূৰ্বৰ অধিবেশনত ইয়াৰ সৰ্বোচ্চ মূল্য ১,২৬,১০০ টকা প্ৰতি কেজিত বন্ধ হৈছিল।

বৃহস্পতিবাৰে সোণৰ মূল্য ১৩৯৫ টকা হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত ১,০৫,৮০০ টকা হয়। অক্টোবৰ মাহত মাল্টি ক’ম’ডিটি এক্সচেঞ্জ (এমচিএক্স)ত ডেলিভাৰীৰ বাবে সোণৰ চুক্তিৰ মূল্য ১৩৯৫ টকা বা ১.৩০ শতাংশ হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত ১,০৫,৮০০ টকা হয়।

গুৱাহাটীৰ সোণৰ মূল্য

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১০,৭৬২ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,৮৬৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম প্ৰতি গ্ৰাম ৮,০৭২ টকা। ইফালে ৰূপৰ মূল্য আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১২৬.৯০ আৰু প্ৰতি কিলোগ্ৰামত ১,২৬,৯০০ টকা।