গৌতম আদানিৰ বিৰুদ্ধে উৎকোচ আৰু প্ৰৱঞ্চনাৰ অভিযোগ! আমেৰিকা যুক্তৰাষ্ট্ৰত ২,১০০ কোটি টকাৰ গোচৰ ৰুজু
ইউএছ চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে (SEC) আদানি গ্ৰীণ এনাৰ্জি আৰু এজুৰ পাৱাৰৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। খবৰ অনুসৰি এই কোম্পানীবোৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিয়োগকাৰীসকলৰ পৰা ১৭৫ নিযুত ডলাৰতকৈও অধিক ধন সংগ্ৰহ কৰিছিল। উল্লেখ্য যে এই আঁচনিখন বিশ্বৰ অন্যতম বৃহৎ সৌৰ শক্তি প্ৰকল্পৰ সৈতে সম্পৰ্কিত।
উৎকোচ দিয়া আৰু প্ৰৱঞ্চনাৰ অভিযোগত প্ৰখ্যাত উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ! ভাৰতীয় উদ্যোগপতি গৌতম আদানি, তেওঁৰ ভতিজা সাগৰ আদানি আৰু অন্যান্য বিষয়াসকলক সৌৰ শক্তি সম্পৰ্কীয় চুক্তিৰ বাবে ভাৰত চৰকাৰৰ বিষয়াসকলক ২৫০ নিযুত ডলাৰ উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভিযোজকসকলে। অভিযোগ অনুসৰি, ২০২০ আৰু ২০২৪ চনৰ ভিতৰত বৃহৎ সৌৰ শক্তি চুক্তি সুৰক্ষিত কৰাৰ বাবে এই উৎকোচ দিয়া হৈছিল। যাৰ ফলত আদানি গ্ৰুপ ২ বিলিয়ন ডলাৰকৈও অধিক লাভান্বিত হোৱাৰ সম্ভাৱনা আছিল।
এই দুৰ্নীতি সম্পৰ্কে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেংক আৰু বিনিয়োগকাৰীসকলৰ পৰা লুকুৱাই ৰখা হৈছিল। যিসকলে এই প্ৰকল্পবোৰত বিলিয়ন ডলাৰ বিনিয়োগ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিয়োগকাৰী বা বজাৰৰ সৈতে সম্পৰ্কিত বিদেশী দুৰ্নীতিৰ গোচৰবোৰ আগবঢ়াবলৈ অনুমতি দিয়ে। নিউয়ৰ্কৰ ইষ্টাৰ্ণ ডিষ্ট্ৰিক্টৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটৰ্ণী ব্ৰায়ান পিচে এই গোচৰটোক এক ব্যাপক উৎকোচ আঁচনি বুলি বৰ্ণনা কৰিছে। আদানি, তেওঁৰ ভতিজা আৰু আদানি গ্ৰীণ এনাৰ্জীৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া বিনীত জৈনৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা হৈছে।
এই ক্ষেত্ৰত কানাডিয়ান পেঞ্চন ফাণ্ড চিডিপিকিউৰ তিনিজন প্ৰাক্তন কৰ্মচাৰীৰ বিৰুদ্ধে উৎকোচৰ তদন্তত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছিল। চিডিপিকিউ আদানি গ্ৰুপ কোম্পানীৰ অংশীদাৰ।এই ঘটনাটো আদানি গোটৰ বাবে আন এটা ডাঙৰ প্ৰত্যাহ্বান হ’ব পাৰে। ইয়াৰ আগতে ২০২৩ চনৰ জানুৱাৰী মাহত হিণ্ডেনবাৰ্গ ৰিচাৰ্চে গোটটোৰ ওপৰত ষ্টক হেৰফেৰ আৰু একাউণ্টিং জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছিল। যাৰ ফলত আদানি গ্ৰুপৰ শ্বেয়াৰত ১৫০ বিলিয়ন ডলাৰ লোকচান হৈছিল। অৱশ্যে, গোটটোৱে সকলো অভিযোগ অস্বীকাৰ কৰিছে আৰু প্ৰায়ভাগ লোকচান পুনৰুদ্ধাৰ কৰিছে।
চেলফোনত ট্ৰেকিং কৰাৰ অভিযোগ
আদালতত দাখিল কৰা তথ্যত প্ৰকাশ পাইছে যে এই উৎকোচ দিয়াৰ সময়ত আদানিক নিউমেৰো ইউনো আৰু দ্য বিগ মেনৰ দৰে কোড নামৰ দ্বাৰা প্ৰেৰণ কৰা হৈছিল। লগতে, তেওঁৰ ভতিজা সাগৰ আদানীৰ বিৰুদ্ধে উৎকোচ সম্পৰ্কীয় তথ্য চেলফোনত ট্ৰেক কৰাৰ অভিযোগ উপত্থান কৰা হৈছে আছে। ইউএছ চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে (এছইচি) আদানি গ্ৰীণ এনাৰ্জি আৰু এজুৰ পাৱাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। খবৰ অনুসৰি এই কোম্পানীবোৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিয়োগকাৰীসকলৰ পৰা ১৭৫ নিযুত ডলাৰতকৈও অধিক সংগ্ৰহ কৰিছিল। উল্লেখ্য যে, এই আঁচনিখন বিশ্বৰ অন্যতম বৃহৎ সৌৰ শক্তি প্ৰকল্পৰ সৈতে সম্পৰ্কিত। এতিয়া, বিষয়টোত সকলোৱে আদানি গ্ৰুপৰ প্ৰতিক্ৰিয়ালৈ অপেক্ষা কৰিছে।
শ্বেয়াৰ হ্ৰাস
ইয়াৰ পাছতে আদানি গ্ৰুপৰ শ্বেয়াৰ ১০ শতাংশৰ পৰা ২০ শতাংশলৈ হ্ৰাস পাইছে। একেদৰে আদানি এণ্টাৰপ্ৰাইজেছৰ শ্বেয়াৰ ১৫ শতাংশ হ্ৰাস পাইছে। আদানি পোৰ্ট আৰু এছইজেড, আদানি পাৱাৰ আৰু গ্ৰীণ এনাৰ্জি সম্পৰ্কীয় ষ্টকবোৰ নিম্নগামী হোৱা দেখা গৈছে। ইয়াৰ ফলত, আদানি গ্ৰুপৰ বজাৰ কেপে কেইমিনিটমানৰ ভিতৰতে ২.২৪ লাখ কোটি টকা হেৰুৱায়।