শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

একেৰাহে দ্বিতীয় মাহৰ বাবে হ্ৰাস পালে LPG চিলিণ্ডাৰৰ দাম, কিমান কমিল?

ঘৰুৱা আৰু বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য প্ৰতি মাহৰ প্ৰথম দিনাই সলনি হয়। কিন্তু ডিচেম্বৰ মাহৰ বাবে তেল বিপণন কোম্পানীসমূহে একেৰাহে দ্বিতীয় মাহৰ বাবে ১৯ কিলোগ্ৰামৰ গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিছে। ১৯ কিলোগ্ৰাম আৰু ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম কিমান হৈছে জানক।

একেৰাহে দ্বিতীয় মাহৰ বাবে হ্ৰাস পালে LPG চিলিণ্ডাৰৰ দাম, কিমান কমিল?
হ্ৰাস পালে চিলিণ্ডাৰ দাম
Trishna Kalita
Trishna Kalita | Updated On: 01 Dec 2025 09:50 AM

ৰাজধানী দিল্লীৰ পৰা চেন্নাইলৈকে একেৰাহে দ্বিতীয় মাহৰ বাবে ১৯ কিলোগ্ৰামৰ গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে। ১৯ কিলোগ্ৰাম ওজনৰ গেছ চিলিণ্ডাৰ ব্যৱসায়িক কামত ব্যৱহাৰ কৰা হয়। বিশেষজ্ঞসকলৰ মতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ মূল্য হ্ৰাস পাইছে। কিন্তু ডলাৰৰ বিপৰীতে টকাৰ মূল্য ক্ৰমাগতভাৱে হ্ৰাস পোৱাৰ ফলত গেছ চিলিণ্ডাৰৰ দাম যিমান হ’ব লাগে সিমান কমি যোৱাত বাধা দিছে।

ইফালে অপৰিৱৰ্তিত হৈ আছে ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম। ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ শেষ পৰিৱৰ্তন হৈছিল এপ্ৰিল মাহত। সেই সময়ত চৰকাৰে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি কৰিছিল। দেশত ঘৰুৱা আৰু বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম কিমান হৈছে জানক।

আই অ’ চি এলৰ পৰা পোৱা তথ্য অনুসৰি মাহৰ প্ৰথম দিনা ১৯ কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১০ টকা হ্ৰাস পাইছে। বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱাটো একেৰাহে দ্বিতীয় মাহ। বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱাটো একেৰাহে দ্বিতীয় মাহ। তথ্য চালে ৰাজধানী দিল্লী আৰু কলকাতাত ১০ টকা হ্ৰাস পাই দুয়োখন মহানগৰৰ মূল্য ক্ৰমে ১,৫৮০.৫০ টকা আৰু ১,৬৮৪ লৈ হৈছে। আনহাতে, মুম্বাই আৰু চেন্নাইৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১০.৫  টকা হ্ৰাস পাই দুয়োখন মহানগৰৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১,৫৩১.৫০ আৰু ১,৭৩৯.৫০ টকা হৈছে। গুৱাহাটীত  ১৯ কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১০.৫০ টকা হ্ৰাস হৈ ১৭৭৫.৫০ টকা হৈছেগৈ।

ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম কিমান হৈছে?

আনহাতে, ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। তথ্য চালে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ৮৫৩ টকা। কলকাতাত এল পি জিৰ দাম ৮৭৯ টকা। মুম্বাই আৰু চেন্নাইত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে, যাৰ ফলত ক্ৰমে ৮৫২.৫০ আৰু ৮৬৪. ৫০ টকা হৈছে। গুৱাহাটীত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ৯০২ টকা হৈ আছে।