ডিচেম্বৰৰ পৰা হ্ৰাস পাব কৰ্মচাৰীৰ দৰমহা! চৰকাৰৰ এই নিয়ম জানক…
কেন্দ্ৰৰ নতুন নিয়ম অনুসৰি অহা মাহৰ পৰা হ্ৰাস পাব পাৰে আপোনাৰ দৰমহা । প্ৰতিমাহে দৰমহা হিচাপে পোৱা ধন কিছু পৰিমাণে হ্ৰাস পাব পাৰে। হঠাৎ কিয় দৰমহা কমি যাব, জানেনে? আৰু কৰ্তন কৰা ধন ক’লৈ যাব?
প্ৰৱৰ্তন কৰা হৈছে নতুন ৪ খন শ্ৰমিক সংহিতা (Labour Code) । ২১ নৱেম্বৰৰ পৰা নতুন ৪ খন শ্ৰমিক সংহিতা কাৰ্যকৰী হৈছে । আৰু এই নতুন শ্ৰম সংহিতাৰ প্ৰভাৱৰ বাবে কৰ্মচাৰীসকলৰ হাতৰ দৰমহা হ্ৰাস পাব পাৰে। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়ম অনুসৰি কৰ্মচাৰীৰ মৌলিক দৰমহা মুঠ দৰমহাৰ ৫০ শতাংশ হ’ব লাগে।
ইয়াৰ পূৰ্বে দৰমহাৰ গাঁথনি প্ৰস্তুত কৰাৰ সময়ত বেছিভাগ কোম্পানীয়ে কৰ্মচাৰীৰ মৌলিক দৰমহা মুঠ দৰমহাৰ (CTC)ৰ ৩০-৩৫ শতাংশ হিচাপে নিৰ্ধাৰণ কৰিছিল। বাকী থকা ধনৰাশি বিভিন্ন ভাট্টা অৰ্থাৎ এইচ আৰ এ (HRA), ডি এ (DA), বিশেষ ভাট্টা (Special Allowence), বিধিগত বোনাছ (Statutory Bonus) হিচাপে দিয়া হৈছিল। এতিয়া কেন্দ্ৰৰ নিয়মত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে কৰ্মচাৰীসকলৰ দৰমহাৰ ৫০ শতাংশই তেওঁলোকৰ মৌলিক দৰমহা হ’ব লাগে।
আপোনাৰ দৰমহা কেনেকৈ হ্ৰাস পাব?
আগতে মৌলিক দৰমহা কম হোৱাৰ বাবে কৰ্মচাৰীসকলে বিভিন্ন ভাট্টা একত্ৰিত কৰি হাতত অধিক ধন লাভ কৰিছিল। প্ৰভিডেণ্ট ফাণ্ড আৰু ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিত জমা কৰাৰ বাবে কম ধন কৰ্তন কৰা হৈছিল। এতিয়া যিহেতু কেন্দ্ৰীয় নিয়ম অনুসৰি মৌলিক দৰমহা ৫০ শতাংশ হ’ব লাগিব, সেয়েহে পি এফ আৰু এন পি এছৰ বাবেও বৰঙণি বৃদ্ধি পোৱাটো স্বাভাৱিক। অৰ্থাৎ আপোনাৰ দৰমহাৰ পৰা অধিক টকা কৰ্তন কৰা হ’ব। ফলত দৰমহা হ্ৰাস পাব।
ইয়াৰ পৰা আপুনি লাভ হ’ল নে লোকচান?
যদিও ইন-হেণ্ড দৰমহা হ্ৰাস পোৱাটো কৰ্মচাৰীসকলৰ বাবে লোকচান যেন লাগে, তথাপিও কৰ বিশেষজ্ঞ আৰু বিনিয়োগ বিশেষজ্ঞসকলে কয় যে, এই সিদ্ধান্তই প্ৰকৃততে কৰ্মচাৰীসকলক লাভৱান কৰিব। হাতত থকা দৰমহা কমি গ’লেও অৱসৰৰ পুঁজিত অধিক ধন জমা হ’ব৷
কৰ বিশেষজ্ঞ সুজিত বাংগৰে কয় যে, নতুন শ্ৰম সংহিতা অনুসৰি লাভ কৰা দৰমহা কমি গ’লেও ভৱিষ্য নিধি আৰু ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিত জমা হোৱা ধনৰ পৰিমাণ বৃদ্ধি পাব। কাৰণ এই সকলোবোৰ খণ্ডৰ অৱদান বা বৰঙণি মূল দৰমহাৰ ওপৰত হিচাপ কৰা হয়।
পি এফ-এন পি এছ কেনেকৈ গণনা কৰা হয়?
যদি কাৰোবাৰ চিটিচি ১২ লাখ টকা হয়, তেন্তে আগৰ নিয়ম মতে পিএফ আৰু এনপিএছৰ বাবে ৭২০০ টকা কৰ্তন হয়। এতিয়া যিহেতু মৌলিক দৰমহা বৃদ্ধি হ’ব, গতিকে পিএফ-এনপিএছৰ বৰঙণি ১২ হাজাৰ টকালৈ বৃদ্ধি পাব। অৰ্থাৎ প্ৰতিমাহে আপোনাৰ দৰমহাৰ পৰা ৪৮০০ টকা কৰ্তন কৰা হ’ব। ইয়াৰ ফলত পি এফ একাউণ্টত অতিৰিক্ত ১.২৪ কোটি টকা জমা হ’ব। ইয়াৰ উপৰিও ১.০৭ কোটি টকাৰ অতিৰিক্ত জমা ধন এন পি এছত জমা কৰা হ’ব। অৰ্থাৎ ৩০ বছৰত আপোনাৰ অৱসৰৰ পুঁজি ৫.৭৭ কোটি টকালৈ বৃদ্ধি পাব।