শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

2026 Finance Rules: ২০২৬ চনটোক লাভজনক কৰিব বিচাৰে নেকি ? অৰ্থনৈতিক দিশটো পৰিচালনা কৰিবলৈ এই সূত্ৰটো অনুসৰণ কৰক

জানুৱাৰী মাহটোৱেই হৈছে আপোনাৰ ব্যক্তিগত বিত্তীয় অৱস্থাক নতুন ৰূপ দিয়াৰ বাবে সৰ্বোত্তম সময়। ২০২৬ চনক আৰ্থিকভাৱে সুৰক্ষিত কৰিবলৈ আপোনাৰ বাবে এটা ‘কাৰ্য পৰিকল্পনা’ আগবঢ়োৱা হ’ল।

2026 Finance Rules: ২০২৬ চনটোক লাভজনক কৰিব বিচাৰে নেকি ? অৰ্থনৈতিক দিশটো পৰিচালনা কৰিবলৈ এই সূত্ৰটো অনুসৰণ কৰক
manas-borah
Manas Borah | Updated On: 03 Jan 2026 15:40 PM

এটা নতুন বছৰ আৰম্ভ হ’ল! নতুন আশা আৰু পৰিকল্পনাৰে আগবাঢ়ি যোৱাৰ সংকল্প লৈছে সকলোৱে। এই ক্ষেত্ৰত সকলোৰে বাবে আৰ্থিক দিশটো আটাইতকৈ গুৰুত্বপূৰ্ণ। বছৰটো আৰম্ভ হোৱাৰ লগে লগে কৰ দাখিলৰ বতৰো ওচৰ চাপি আহিছে। গতিকে জানুৱাৰী মাহটোৱেই হৈছে আপোনাৰ ব্যক্তিগত বিত্তীয় অৱস্থাক নতুন ৰূপ দিয়াৰ বাবে সৰ্বোত্তম সময়। ২০২৬ চনক আৰ্থিকভাৱে সুৰক্ষিত কৰিবলৈ আপোনাৰ বাবে এটা ‘কাৰ্য পৰিকল্পনা’ আগবঢ়োৱা হ’ল।

২০২৫ চনৰ বাজেট

যোৱা বছৰ আপোনাৰ খৰচৰ ধৰণটো এবাৰ বিশ্লেষণ কৰক। ক’ত বেছি খৰচ কৰিলে? ক’ত সঞ্চয় কৰিব পাৰিলেহেঁতেন? অৰ্থনীতিবিদসকলৰ মতে, এই বিশ্লেষণে ২০২৬ চনৰ বাবে আপোনাৰ খৰচৰ লক্ষ্য নিৰ্ধাৰণ কৰিব।

জৰুৰীকালীন পুঁজি

জৰুৰীকালীন অৱস্থাৰ বাবে আপোনাৰ হাতত টকা আছেনে? আপোনাৰ হাতত কিমান টকা আছে? ৬ৰ পৰা ১২ মাহৰ ঘৰুৱা খচৰৰ পৰা আঁতৰাই এটা পুঁজি সঞ্চয় কৰক। ঋণৰ আশ্ৰয় নোলোৱাকৈ বা নিয়মীয়া সঞ্চয়ত আৰু বিনিয়োগত প্ৰভাৱ নপৰাকৈ জৰুৰীকালীন পৰিস্থিতি সৈতে মোকাবিলা কৰিবৰ বাবে আপোনাক জৰুৰীকালীন পুঁজিৰ অতি প্ৰয়োজন ।

এছ আই পি আৰু বিনিয়োগ

নতুন বিনিয়োগৰ বাবে জানুৱাৰীতকৈ ভাল সময় নাই। পুৰণি মিউচুৱেল ফাণ্ড পৰ্টফলিঅ’ই ভাল ৰিটাৰ্ণ দিছে নেকি? সেয়া চাওক আৰু প্ৰয়োজন হ’লে অভিজ্ঞ পৰামৰ্শদাতাৰ সহায় লওক।

কৰ পৰিকল্পনাত পলম নকৰিব

খৰখেদা নকৰিব আৰু এতিয়াই ৮০-চি বা ৮০-ডিৰ অধীনত বিনিয়োগ কৰাৰ আৰম্ভ কৰক। নতুন বীমা লোৱাই হওক বা নতুন বিনিয়োগ আৰম্ভ কৰাই হওক, আগতীয়াকৈ আৰম্ভ কৰাটো অতি প্ৰয়োজনীয়।

ক্ৰেডিট স্ক’ৰ আৰু বীমা

ঋণৰ বাবে আবেদন কৰাৰ আগতে আপোনাৰ ক্ৰেডিট স্ক’ৰ পৰীক্ষা কৰক। আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ স্বাস্থ্য বীমাৰ কভাৰেজ নিশ্চিত কৰক। ঔষধৰ আকাশলংঘী ব্যয়ৰ কথা মনত ৰাখি প’লিচি ৰিনিউ কৰাৰ সময়ক লৈ সতৰ্ক হওক। প্ৰয়োজন হ’লে পলিচিৰ কভাৰেজ বৃদ্ধি কৰক। ২০২৬ চনক আৰ্থিকভাৱে সফল কৰি তুলিবলৈ ধাৰাবাহিকতা অতি গুৰুত্বপূৰ্ণ। আজিৰ সৰু সৰু সঞ্চয় কাইলৈৰ বাবে আপোনাৰ ডাঙৰ মূলধন।