3 Dec 2026
TV9 ASSAM
গুপ্তাংগৰ নোম আঁতৰোৱাটো উচিত নে অনুচিত? কি কয় বিশেষজ্ঞসকলে
শৰীৰৰ ব্যক্তিগত অংশত নোম বা চুলি থকাটো এক স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়া, যিটো “Pubic hair” বা যৌনাঙ্গৰ নোম হিচাপে জনা যায়।
বহুতে এই নোম আঁতৰোৱাটো সঠিক বুলি গণ্য কৰে, আনহাতে আন কিছুমানে ইয়াক শৰীৰৰ প্ৰাকৃতিক সুৰক্ষা বুলি বিবেচনা কৰে।
চিকিৎসকৰ মতে শৰীৰৰ ব্যক্তিগত অংশৰ নোম সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱাটো উচিত নহয় যদিও পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়।
যদি আপুনি নোম আঁতৰাব বিচাৰে তেন্তে অতি সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ। ভুল পদ্ধতিৰে নোম আঁতৰাই দিলে ছাল কটা বা ফোহা ওলাব পাৰে।
যাৰ ফলত পিছত ঘাৰ স্ষ্টি হৈ সংক্ৰমণ হ’ব পাৰে। বিশেষকৈ শৰীৰৰ কোমল অংশত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।
বিশেষজ্ঞসকলৰ মতে, নোম আঁতৰোৱাৰ পূৰ্বে চুলি ট্ৰিম কৰক। তাৰ পিছত কুহুমীয়া পানীৰে গা ধুই ভাল মানৰ শ্বেভিং ক্ৰীম বা জেল ব্যৱহাৰ কৰক।
পঢ়িবলৈ ক্লিক কৰক