January 3, 2026
TV9 ASSAM
ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি জ্যেষ্ঠসকলৰ বাবে এক নিৰ্ভৰযোগ্য বিনিয়োগ পৰিকল্পনা। ৬০ বছৰ আৰু তাৰ ওপৰৰ ব্যক্তিয়ে ইয়াত বিনিয়োগ কৰিব পাৰে।
এই আঁচনিৰ অধীনত বিনিয়োগ নূন্যতম ১০০০ টকাৰ পৰা সৰ্বোচ্চ ৩০ লাখলৈকে কৰিব পাৰে। বিত্তীয় বৰ্ষ ২০২৫-২৬ ৰ চতুৰ্থ ত্ৰৈমাসিকৰ বাবে সুতৰ হাৰ ৮.৩ শতাংশ।
এই আঁচনিৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে ইয়াত বিনিয়োগ কৰিলে আয়কৰ আইনৰ ধাৰা ৮০চিৰ অধীনত ১.৫ লাখ টকা পৰ্যন্ত কৰ ৰেহাই পাব পাৰে।
সুত পৰিশোধ প্ৰতি ত্ৰৈমাসিকত বিনিয়োগকাৰীৰ একাউণ্টত জমা কৰা হয়। এই ধন আপুনি ব্যৱহাৰ কৰিব পাৰে। ফলত এক স্থিৰ আয় লাভ কৰিব পাৰে।
এই আঁচনিৰ মেচিউৰিটি পিৰিয়ড ৫ বছৰ, যিটো ইচ্ছা কৰিলে আৰু ৫ বছৰ বৃদ্ধি কৰিব পাৰে। যদি আগতীয়াকৈ ধন উলিয়াই তেন্তে জমিমনা ভৰিব লাগিব।
এবছৰৰ আগতে উলিয়ালে কোনো সুত লোৱা নহয়। ১ ৰ পৰা ২ বছৰৰ ভিতৰত উলিয়ালে ১.৫ শতাংশ কৰ্তন কৰা হয়। ২ ৰ পৰা ৫ বছৰৰ ভিতৰত উলিয়ালে ১ শতাংশ কৰ্তন কৰা হয়।
যৌথ একাউণ্ট খুলিব পাৰে। ইয়াৰ ফলত বিনিয়োগৰ সীমা আৰু সুত দুয়োটা বৃদ্ধি পায়।
পঢ়িবলৈ ক্লিক কৰক