শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

SEBIৰ নতুন মুৰব্বী হ’ব তুহিন পাণ্ডে, কিমান দৰমহা লাভ কৰিব জানেনে?

চৰকাৰে ঘোষণা কৰিলে SEBIৰ নতুন মুৰব্বীৰ নাম। বৰ্তমানৰ বিত্ত সচিব তুহিন কান্ত পাণ্ডেক ছেবিৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। মাধবী বুচৰ ঠাইত তেওঁ ব’ৰ্ডৰ দায়িত্ব ল’ব। জানো আহক তেওঁৰ কিমান ধন আছে আৰু কিমান দৰমহা পাব?

SEBIৰ নতুন মুৰব্বী হ’ব তুহিন পাণ্ডে, কিমান দৰমহা লাভ কৰিব জানেনে?
SEBI নতুন মুৰব্বী হ'ব তুহিন পাণ্ডে
trishna-kalita
Trishna Kalita | Updated On: 28 Feb 2025 10:55 AM

চৰকাৰে বিত্ত আৰু ৰাজহ সচিব তুহিন কান্ত পাণ্ডেক বজাৰ নিয়ন্ত্ৰক ছেবিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে। তেওঁ মাধবী পুৰি বুচৰ স্থান ল’ব, যাৰ কাৰ্যকাল চলিত মাহতে সমাপ্ত হ’ব । কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি কেবিনেটৰ নিযুক্তি সমিতিয়ে ওড়িশা কেডাৰৰ ১৯৮৭ চনৰ বেচৰ আই এ এছ বিষয়া পাণ্ডেক ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডৰ (ছেবি) অধ্যক্ষ হিচাপে নিযুক্তি দিছে। তিনি বছৰৰ বাবে SEBIৰ অধ্যক্ষৰ ৰূপত কাৰ্যভাৰ গ্ৰহণ কৰিব তুহিন কান্ত পাণ্ডেই।

তুহিন পাণ্ডে কোন?

তুহিন কান্ত পাণ্ডেই মোদী চৰকাৰৰ বহু গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ আহিছে। তুহিন পাণ্ডে পূৰ্বে DIPAM (বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা বিভাগ)ৰ সচিব আছিল যদিও আলী ৰাজা ৰিজৱীৰ অৱসৰৰ পিছত তেওঁক DPE (ৰাজহুৱা উদ্যোগ বিভাগ)ৰ নিযুক্তি  দিয়া হয়। ইয়াৰ পিছত বিত্ত মন্ত্ৰালয়ত বিত্ত সচিব হিচাপে নিযুক্তি লাভ কৰে।

কিমান দৰমহা লাভ কৰিব?

ছেবি মুৰব্বীৰ পদটো অতি গুৰুত্বপূৰ্ণ আৰু দায়িত্বশীল কাম। কাৰণ এতিয়া তেওঁ শ্বেয়াৰ বজাৰ চোৱাচিতা কৰিব লাগিব। বিনিয়োগকাৰীৰ স্বাৰ্থ ৰক্ষা কৰাটোও তেওঁলোকৰ দায়িত্ব হ’ব। যি সময়ত বজাৰত ব্যাপক অৱনতি ঘটিছে আৰু  বিনিয়োগকাৰী লাখ লাখ কোটি টকা হেৰুৱাইছে সেই সময়ত তুহিন পাণ্ডেক ছেবিৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। এনে পৰিস্থিতিত তুহিন পাণ্ডেৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এই কামৰ বাবে তেওঁৰ দৰমহাৰ কথা ক’বলৈ ক’লে তুহিন পাণ্ডেই ছেবি মুৰব্বীৰ বাবে ভাৰত চৰকাৰৰ সচিবৰ সমান দৰমহা পাব। ঘৰ-গাড়ী অবিহনে তেওঁৰ দৰমহা হ’ব মাহে ৫,৬২,৫০০ টকা।

Screenshot 2025 02 28 064744

LICৰ সৈতে সংযোগ

ওড়িশাৰ বাসিন্দা তুহিন পাণ্ডেই এয়াৰ ইণ্ডিয়া, নীলাঞ্চল ইছপাটৰ ব্যক্তিগতকৰণ আৰু LICৰ IPO’ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ২০২১ চনত কিছুদিন অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়তো সচিব হিচাপে কাম কৰিছিল। এই সময়ছোৱাত তেওঁ এয়াৰ ইণ্ডিয়াক টাটা গ্ৰুপক বিক্ৰী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

বিদেশত অধ্যয়ন

পাণ্ডেই পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ইয়াৰ পিছত তেওঁ বিদেশৰ বাৰ্মিংহাম বিশ্ববিদ্যালয়ৰ পৰা এমবিএ সম্পূৰ্ণ কৰে। এতিয়া বজাৰৰ অৱনতি অব্যহত থকাৰ সময়ত তেতিয়া তেওঁক ছেবিৰ মুৰব্বী হিচাপে নিযুক্তি দিয়াত বৰ্তমান আৰু ভৱিষ্যৎ বজাৰত বহু পৰিৱৰ্তন দেখা যাব পাৰে। এই সময়ত তেওঁলোকৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ব বজাৰৰ স্থিতিশীলতা বজাই ৰখা, বিনিয়োগকাৰীৰ আস্থা বৃদ্ধি কৰা আৰু নিয়ম মানি চলাটো নিশ্চিত কৰা।