শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

EPFO Pension: ব্যক্তিগত খণ্ডত কাম কৰে নেকি? অৱসৰৰ পাছত কিমান পেঞ্চন লাভ কৰিব, জানক…

EPFO Pension: বৰ্তমান সময়ত বহু লোকে ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম কৰে। পিছে আপুনি জানেনে, ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম কৰিলে কিমান টকা পেঞ্চন লাভ কৰিব? জানক সমগ্ৰ দিশ।

EPFO Pension: ব্যক্তিগত খণ্ডত কাম কৰে নেকি? অৱসৰৰ পাছত কিমান পেঞ্চন লাভ কৰিব, জানক…
ই পি এফ অ'Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 26 Nov 2025 12:33 PM

ব্যক্তিগত খণ্ডত কাম কৰা লোকসকলৰ বাবে ইপিএফঅ’ (EPFO) বা কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড (Employees Provident Fund)  ভৱিষ্যতৰ বাবে এক পোহৰ। কিন্তু কেৱল চৰকাৰী কৰ্মচাৰীয়েই নহয়, EPFO ৰ অধীনত ব্যক্তিগত খণ্ডৰ সংস্থাত কাম কৰাসকলেও পেঞ্চন লাভ কৰে। প্ৰশ্ন হয়, যদি কোনো ব্যক্তিয়ে কমেও ৩০ বছৰ ব্যক্তিগত খণ্ডত কাম কৰে, তেন্তে কৰ্মজীৱনৰ শেষত কিমান পেঞ্চন লাভ কৰিব?

উল্লেখ কৰা প্ৰয়োজন যে, যিকোনো ব্যক্তিগত খণ্ডত কাম কৰা কৰ্মচাৰীৰ দৰমহাৰ এটা অংশ কৰ্তন কৰি EPF একাউন্টত জমা হয়, ইয়াৰোপৰি যিটো অফিচত সেই লোকজনে কাম কৰে সেই অফিচৰ পৰা সেই একেই পৰিমাণৰ ধন জমা হয়। সাধাৰণতে এজন ব্যক্তিৰ মৌলিক দৰমহা আৰু DA একেলগে ৮.৩৩ শতাংশ এই কৰ্মচাৰী পেঞ্চন আঁচনিত জমা কৰা হয়। অৱশ্যে মৌলিক দৰমহা আৰু ডিয়াৰনেছ ভাট্টা (DA) একেলগে সৰ্বোচ্চ পৰিমাণ ১৫ হাজাৰ টকা। কাৰোবাৰ দৰমহা হয়তো তাতকৈ বেছি হ’ব পাৰে। কিন্তু সেই ক্ষেত্ৰতো সৰ্বোচ্চ দৰমহা ১৫ হাজাৰ টকা হ’ব।

অৱশ্যে ব্যক্তিগত খণ্ডত কাম কৰিলেই পেঞ্চন পোৱা নাযায়। পেঞ্চন পাবলৈ ব্যক্তিগত খণ্ডৰ যিকোনো কৰ্মচাৰীয়ে কমেও ১০ বছৰ কাম কৰিব লাগিব। যদি কোনোবাই ১০ বছৰৰ কম সময় কাম কৰে, তেন্তে অৱসৰৰ সময়ত সেই পেঞ্চন বৰঙণিৰ সমগ্ৰ ধন এককালীন ধন হিচাপে পায়। অন্যথা ৫৮ বছৰ বয়সৰ পৰা পেঞ্চন লাভ কৰিব পাৰিব।

৩০ বছৰ কাম কৰিলে কিমান পেঞ্চন পাব?

কোনোবাই যদি ৩০ বছৰ কাম কৰে তেন্তে কিমান পেঞ্চন পাব জানেনে? এই ক্ষেত্ৰত আপুনি যোৱা ৫ বছৰৰ গড় দৰমহা সেই ব্যক্তিজনে কাম কৰা দিনৰ সংখ্যাৰে পূৰণ কৰিব লাগিব আৰু সেই সংখ্যাটোক ৭০ ৰে ভাগ কৰিব লাগিব।

এই ক্ষেত্ৰত এটা সাধাৰণ উদাহৰণ দিয়া হ’ল। যদি কাৰোবাৰ যোৱা ৫ বছৰৰ গড় মাহিলী দৰমহা ৪০ হাজাৰ টকা তেন্তে সো সৰ্বাধিক ১৫ হাজাৰ টকা বুলি গণ্য কৰা হ’ব। তেনে ক্ষেত্ৰত সেই ব্যক্তিজনৰ পেঞ্চন হ’ব (১৫,০০০x৩০)/৭০=৬,৪২৮ টকা। অৱশ্যে যিকোনো ব্যক্তিৰ বাবে নূন্যতম পেঞ্চনৰ পৰিমাণ হ’ব মাহে ১০০০ টকা।

 

অন্য খবৰ পঢ়কঃ স্বাস্থ্য বীমা থকাৰ পাছতো কিয় প্ৰয়োজন দুৰ্ঘটনা বীমাৰ? জানক…