EPFO New Rules 2025: জমা কৰা ধন উলিয়াবলৈ এই ৫টা নিয়ম মানিব লাগিব
এতিয়া পি এফৰ ধন মুকলি কৰিবলৈ কম সময় লাগে। এই সমগ্ৰ ব্যৱস্থাটো অনলাইনত চলি থাকে। যদি আপুনি কেইটামান সহজ নিয়ম মানি চলে, তেন্তে মাত্ৰ এসপ্তাহৰ ভিতৰতে আপোনাৰ বেংক একাউণ্টত ধন সোমাব।

২০২৫ বিত্তীয় বৰ্ষৰ বাবে Employees Provident Fund(PF)ৰ সুতৰ হাৰ ৮.২৫ শতাংশ, এই কথা প্ৰায় সকলোৱে অৱগত। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে ২৮ ফেব্ৰুৱাৰীত প্ৰায় ৭ কোটি গ্ৰাহকৰ বাবে ঘোষণা কৰা সুতৰ হাৰ চলিত ত্ৰৈমাসিকত একেই থাকিব। একে সময়তে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে এই বছৰ EPFO ৰ সকলো গ্ৰাহকৰ বাবে ধন উলিওৱাৰ বাবে কেইবাটাও নতুন নিয়মৰ প্ৰৱৰ্তন কৰিছে। যাৰ প্ৰভাৱ পৰিব প্ৰায় ৭ কোটি গ্ৰাহকৰ ওপৰত। এতিয়া ডিজিটেল মাধ্যমেৰে PF ৰ ধন উলিওৱাটো পূৰ্বতকৈ বহু সহজ আৰু ক্ষীপ্ৰ হৈ পৰিছে।
নিয়বোৰৰ বিষয়ে জানো আহক
- ইউনিভাৰ্চেল একাউণ্ট নম্বৰ আৰু মোবাইল নম্বৰ সক্ৰিয় হ’ব লাগিব
- আধাৰ কাৰ্ডৰ সৈতে পি এফ একাউণ্ট লিংক থাকিব লাগিব
- বেংক একাউণ্ট আৰু আই এফ এছ চি ক’ড পঞ্জীয়নভুক্ত হ’ব লাগিব
- পান কাৰ্ডৰ নম্বৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক
- আপুনি কৰা চাকৰিৰ যোগদানৰ তাৰিখ জনাটো জৰুৰী।
এতিয়া PF একাউণ্টৰ পৰা সম্পূৰ্ণৰূপে ধন উলিওৱাৰ উপৰিও জৰুৰী কাৰণত আংশিকভাৱে ধন উলিওৱাও সম্ভৱ হৈছে। আটাইতকৈ ভাল কথাটো হ’ল এই ধন উলিয়াবলৈ ক’তো দৌৰিব নালাগে। সকলো কাম ডিজিটেল পদ্ধতিৰে কৰা হয়। এই ধন আপোনাৰ একাউণ্টলৈ সোনকালে ট্ৰেন্সফাৰ হ’ব।
ইয়াৰ বাবে আৰু কি কি নিয়ম মানি চলিব
- EPFO ৱেবছাইটলৈ যাওক আৰু আপোনাৰ UAN নম্বৰ আৰু পাছৱৰ্ডৰ সৈতে লগ ইন কৰক।
- আপোনাৰ KYC সঠিকভাৱে নথিভুক্ত কৰা হৈছে নে নাই চাবলৈ পৰীক্ষা কৰক।
- আংশিকভাৱে উলিওৱাৰ বাবে From 31 বা সম্পূৰ্ণ উলিওৱাৰ বাবে From 19 ৰ জৰিয়তে আবেদন কৰক।
- ঘৰ নিৰ্মাণ, অসুস্থতা, বিবাহ, শিশুৰ শিক্ষা, প্ৰাকৃতিক দুৰ্যোগ ইত্যাদি কাৰণত আপুনি টকাৰ কিছু অংশ উলিয়াব পাৰে।
- দাবী সম্পূৰ্ণ কৰিবলৈ ৱেবছাইটত দিয়া পদক্ষেপসমূহ এটা এটাকৈ অনুসৰণ কৰক। শেষত অ’টিপিৰ সহায়ত আপোনাৰ পৰিচয় আৰু দাবী প্ৰমাণীকৰণ কৰক। কেইদিনমানৰ ভিতৰতে ধনখিনি আপোনাৰ একাউণ্টত জমা হ’ব।
উল্লেখ্য যে, আপুনি কাম কৰা কোম্পানীটোৰ পৰা ধন উলিয়াবলৈ অনুমতি লোৱাটো বাধ্যতামূলক নহয়। ফলত আপুনি আপোনাৰ সমস্যাৰ বাবে শীঘ্ৰে ক্লেইম কৰি ধন লাভ কৰিব পাৰিব। আনকি পেঞ্চনাৰসকলেও এই সুবিধা লাভ কৰিব। এতিয়া পেঞ্চনৰ বাবে অপেক্ষাৰ দিন সমাপ্ত। centralized payment System ৰ বাবে এন পি চি আইৰ জৰিয়তে পোনপটীয়াকৈ বেংকত জমা কৰা হ’ব পেঞ্চনৰ ধন।