TV9 ASSAM
আজিকালি বহু মানুহে বেছি সময় মোবাইল বা লেপটপত ব্যস্ত হৈ থকা দেখা যায়। গতিকে শুৱাৰ আগতে মোবাইল বা লেপটপ আদি ব্যৱহাৰ কৰিব নালাগে।
গাখীৰে টোপনি অহাত সহায় কৰে। গতিকে শুৱাৰ কিছু সময় পূৰ্বে অলপ গৰম কৰি গাখীৰ খাব লাগে। ইয়ে আপোনাক টোপনি অনাত যথেষ্ঠ সহায় কৰে।
কিছুমান মানুহে সদায় বেলেগ বেলেগ সময়ত শুৱে। গতিকে শুৱাৰ সময় সদায় একে কৰিব লাগে। প্ৰতিদিনে যদি আপুনি একে সময়ত শুৱে তেন্তে ই আপোনাক টোপনি অনাত সহায় কৰিব।
শুৱাৰ সময়ত কোঠাটো এন্ধাৰ আৰু ঠাণ্ডা কৰি ৰাখিব লাগে। যদি আপুনি একেবাৰে এন্ধাৰ বেয়া পাই তেন্তে কোঠাটো সামান্য পোহৰ কৰি ল'ব পাৰে।
বিচনাখন সদায় চাফা কৰি ৰাখিব লাগে। যদি বিচনাখনত খাদ্য খোৱাৰ পৰা আৰম্ভ কৰি আন কামো কৰে তেন্তে ই আপোনাৰ টোপনিত প্ৰভাৱ পেলায়। গতিকে বিচনা সদায় চাফা কৰি ৰাখিব লাগে।
দিনটোত চাহ বা কফি আদি কম খাব লাগে। কফি বা কেফেনজাতীয় বস্তুয়ে টোপনিৰ ক্ষতি কৰে। ইয়াৰোপৰি সন্ধিয়াৰ পাছত চাহ-কফি আদিৰ পৰা বিৰত থাকিব লাগে।
ভাল স্বাস্থ্যৰ বাবে ভাল টোপনিৰ প্ৰয়োজন। গতিকে শুৱাৰ সময়ত অন্য কথা চিন্তা নকৰিব। টোপনিত মনোযোগ দিবলৈ চেষ্টা কৰিব লাগে। ইয়ে টোপনি অনাত সহায় কৰিব।
পঢ়িবলৈ ক্লিক কৰক