শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিত পৰিণত ভাৰত, ৩০ মাহৰ পিছত থাকিব এই ঠাইত…

নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বিভিআৰ সুব্ৰমণিয়ামে কয় যে জাপানক পিছ পেলাই ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। নিটি আয়োগ গভৰ্নিং কাউন্সিলৰ দশম বৈঠকৰ অন্তত সুব্ৰহমান্যমে কয় যে সামগ্ৰিকভাৱে বিশ্ব আৰু অৰ্থনৈতিক পৰিৱেশ ভাৰতৰ বাবে অনুকূল।

জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিত পৰিণত ভাৰত, ৩০ মাহৰ পিছত থাকিব এই ঠাইত…
বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিত পৰিণত ভাৰত
trishna-kalita
Trishna Kalita | Updated On: 25 May 2025 12:04 PM

জাপানৰ পিছত এতিয়া বিপদত পৰিছে জাৰ্মানী। বৰ্তমান জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে ভাৰত। এতিয়া অনুমান কৰা হৈছে যে অহা ৩০ৰ পৰা ৩৬ মাহত ভাৰতে জাৰ্মানীক অতিক্ৰম কৰি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। আইএমএফৰ পৰা বিশ্ব বেংকলৈকে বৰ্তমানৰ অনিশ্চয়তাক বিবেচনা কৰিও ভাৰতৰ বৃদ্ধি ৬ শতাংশতকৈও অধিক বুলি সকলোৱে ধৰি লৈছে। যিটো বিশ্বৰ সকলো প্ৰধান অৰ্থনীতিৰ ভিতৰত আটাইতকৈ দ্ৰুত। এই কাৰণেই আগন্তুক ৩০ৰ পৰা ৩৬ মাহত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’ব পাৰে। এই সন্দৰ্ভত নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) বিভিআৰ সুব্ৰমণিয়ামে কি ক’লে জানক।

বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি

নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বিভিআৰ সুব্ৰমণিয়ামে কয় যে, জাপানক এৰি ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। নিটি আয়োগ গভৰ্নিং কাউন্সিলৰ দশম বৈঠকৰ অন্তত সুব্ৰহমান্যমে কয় যে, সামগ্ৰিকভাৱে বিশ্ব আৰু অৰ্থনৈতিক পৰিৱেশ ভাৰতৰ বাবে অনুকূল। তেওঁ কয়, “মই কোৱাৰ দৰে আমি চতুৰ্থ বৃহত্তম অৰ্থনীতি। আজি আমাৰ অৰ্থনীতি ৪০০০ বিলিয়ন ডলাৰ।” আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ তথ্য উদ্ধৃতি দি সুব্ৰহমান্যমে কয়, “আজি ভাৰতৰ অৰ্থনীতি জাপানতকৈও ডাঙৰ”।

তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ আশা

তেওঁ লগতে কয়, “ভাৰততকৈ কেৱল আমেৰিকা, চীন আৰু জাৰ্মানী আগত আছে আৰু যদি আমি আমাৰ পৰিকল্পনা আৰু চিন্তাধাৰাত অব্যাহত থাকো, তেন্তে ডেৰ-দুই-তিনি বছৰৰ পিছত অৰ্থাৎ ৩০ৰ পৰা ৩৬ মাহৰ পিছত আমি তৃতীয় বৃহত্তম অৰ্থনীতি হ’ম। অৰ্থাৎ ২০২৭-২০২৮ চনত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ পথত আগবাঢ়িব বা হ’ব। তেতিয়া ভাৰতৰ অৰ্থনীতি ৫ ট্ৰিলিয়ন ডলাৰতকৈও অধিক হ’ব বুলি আশা কৰা হৈছে।”

ট্ৰাম্পৰ বক্তব্যক লৈ তেওঁ কি ক’লে?

শেহতীয়াকৈ আইফোন নিৰ্মাতা কোম্পানী এপলৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দিয়া বক্তব্য সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত সুব্ৰহমান্যনে কয়,  “শুল্কৰ হাৰ কি হ’ব সেয়া অনিশ্চিত। কিন্তু যিদৰে কথাবোৰ সলনি হৈছে, আমি উৎপাদনৰ বাবে সস্তা স্থান হ’ম।” ট্ৰাম্পে কৈছিল যে, আমেৰিকাত বিক্ৰী হোৱা এপল আইফোনসমূহ ভাৰত বা আন কোনো ঠাইত নহয়, আমেৰিকাতেই নিৰ্মাণ কৰা হ’ব। নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে লগতে কয়, “দ্বিতীয় পৰ্যায়ৰ সম্পত্তিৰ মুদ্ৰাকৰণৰ কাম প্ৰস্তুত কৰা হৈছে আৰু আগষ্ট মাহত ঘোষণা কৰা হ’ব।”