SRH vs KKR Live Score, IPL 2025: বিধ্বস্ত ডিফেণ্ডিং চেম্পিয়ন কলকাতাঃ অন্তিম মেচত ২০২৪ৰ পোতক তুলিলে হায়দৰাবাদে
Sunrisers Hyderabad vs Kolkata Knight Riders Live Score in Assamese: বেটে-বলে নিষ্প্ৰভ হৈ ছিজনত নিজৰ অন্তিম মেচত বৃহৎ পৰাজয়ৰ সন্মুখীন হ’ল ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ। কলকাতাক ১১০ ৰানত পৰাস্ত কৰি ছিজনৰ অন্ত পেলালে ছানৰাইজাৰ্ছ হায়দৰাবাদে।

আই পি এলত আজি দিনটোৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব বিগত ছিজনৰ চেম্পিয়ন আৰু ৰাণাৰ্ছ আপ দল ক্ৰমে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্ছ। দিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ’ব। লক্ষণীয়ভাৱে আই পি এল ২০২৫ত দুয়োটা দলৰ এইখনেই হ’ব অন্তিমখন মেচ। ইতিমধ্যে দুয়োটা দলেই প্ৰতিযোগিতাত নিজৰ অভিযান সামৰিছে। সেইফালৰ পৰা আজিৰ মেচখন হ’ব কেৱল আনুষ্ঠানিকতা ৰক্ষাৰ যুঁজ। তথাপি ছিজনৰ ব্যৰ্থতা সামৰি হায়দৰাবাদ আৰু কলকাতাই আজিৰ মেচত জয়ী হৈ প্ৰতিযোগিতাত সামৰণি সুখকৰ কৰিব বিচাৰিব। এতিয়া এই লক্ষ্যত কোনটো দল সফল হয়, সেয়া হ’ব লক্ষণীয়।
LIVE NEWS & UPDATES
-
বিধ্বস্ত ডিফেণ্ডিং চেম্পিয়ন
চূড়ান্ত হতাশাজনক প্ৰদৰ্শনেৰে ছিজনৰ অন্ত পেলালে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্চে। ছিজনত নিজত অন্তিম মেচতো ছানৰাইজাৰ্ছ হায়দৰাদৰাবাদৰ হাতত ১১০ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত হয় দলটো। এইদৰে কলকাতাই অষ্টম স্থানত থাকি ছিজনৰ অন্ত পেলায়। আনহাতে ইতিপূৰ্বেই অভিযান সামৰা হায়দৰাবাদে এই সান্ত্বনাৰ জয়েৰে আই পি এল ২০২৫ৰ সামৰণি পেলায়।
-
পাণ্ডে, বৈভৱ আউট
পৰাজয় নিশ্চিত হ’লেও নিজৰ যুঁজাৰু মানসিকতাৰ পৰিচয় দি ক্ৰীজ এৰিলে মনীষ পাণ্ডেই। ২৩টা বলত ২টা চাৰি আৰু ৩টা ছয়েৰে পাণ্ডেই ৩৭ ৰান সংগ্ৰহ কৰে। তেওঁক বিদায় দিয়ে উনাডকাটে। ইয়াৰ পিছতে ক্ৰীজলৈ অহা বৈভৱো নিজৰ ভুলৰ বাবে পৰৱৰ্তী বলতে ৰান আউট হয়।
-
ৰমনদীপো পেভিলিয়নলৈ
ক্ৰমাগত দুটা বলত দুটা ছয় কোবাই যুঁজৰ সামান্য ইঙ্গিত দিছিল ৰমনদীপে। পিছে পৰৱৰ্তী বলতে তেওঁক ক্ৰীজ এৰিবলৈ বাধ্য কৰে হৰ্ষ ডুবেই। ৰমনদীপৰ বেটৰ পৰা আহে ৫টা বলত ১৩ ৰান। আনহাতে মেচত ডুবেৰ এয়া তৃতীয়টো উইকেট।
-
স্ক’ৰব’ৰ্ডত ১০০ ৰান
২৭৯ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি ইনিংছৰ ১৩.৩ অভাৰত শতক পাৰ হৈছে কলকাতাৰ। ৰমনদীপ সিঙে এটা ছয় কোবাই দলৰ স্ক’ৰ শতকৰ ওপৰলৈ নিয়ে।
-
ইম্পেক্ট নপৰিল ৰঘুবংশীৰ
মাত্ৰ ৯৬ ৰানত ষষ্ঠটো উইকেট হেৰুৱাইছে কলকাতাই। ইম্পেক্ট চাবৰ ৰূপত খেলপথাৰলৈ অহা অংকৃশ ৰঘুবংশীয়ে বিশেষ প্ৰভাৱ পেলোৱাত ব্যৰ্থ হয় আৰু ১৮টা বলত মাত্ৰ ১৪ ৰান সংগ্ৰহ কৰি ক্ৰীজ এৰে। তেওঁৰ উইকেট দখল কৰে এশান মালিঙ্গাই।
-
দুই বলত দুই উইকেট ডুবেৰ
ৰিংকুৰ পিছতে ৰাছেলকো বিদায় দিছে হৰ্ষ দুবেই। কোনো ৰান নকৰাকৈয়ে ৰাছেল উভতে পেভিলিয়নলৈ। এইদৰে যুৱ স্পিনাৰগৰাকীয়ে ক্ৰমাগত দুটা বলত দুই উইকেট দখল কৰিছে।
-
ৰিংকু ব্যৰ্থ
ছতাশাজনক প্ৰদৰ্শনেৰে ছিজন সামৰিলে ৰিংকু সিঙে। আজিও ব্যৰ্থ হোৱা ৰিংকুৱে মাত্ৰ ৭ ৰান সংগ্ৰহ কৰে। তেওঁৰ উইকেট দখল কৰে হৰ্ষ ডুবেই।
-
ক’কো উভতিল পেভিলিয়নলৈ
কলকাতাই হেৰুৱাইছে তৃতীয়টো উইকেট। এইবাৰ ক্ৰীজ এৰিছে দলটোৰ অপেনাৰ কুইণ্টন ডে ক’কে। এশান মালিঙ্গাৰ বলত আউট হোৱা ক’কে ১২টা বলত মাত্ৰ ৯ ৰান সংগ্ৰহ কৰে।
-
ৰাহানেৰো বিদায়
উনাডকাটে দখল কৰিছে আন এটা উইকেট। এইবাৰ তেওঁৰ চিকাৰ হৈছে অধিনায়ক ৰাহানে। পেভিলিয়নলৈ উভতা ৰাহানেই ৮টা বলত ১৫ ৰান সংগ্ৰহ কৰে।
-
নাৰাইণক বিদায় দিলে উনাডকাটে
কলকাতাৰ ইনিংছত প্ৰথমটো আঘাত হানিছে জয়দেৱ উনাডকাটে। আক্ৰমণাত্মক আৰম্ভণি কৰা নাৰাইণে লৈছে বিদায়। তেওঁ ১৬টা বলত ৩টাকৈ চাৰি আৰু ছয়েৰে ৩১ ৰান সংগ্ৰহ কৰে।
-
সফল আৰম্ভণি
এক প্ৰত্যাশিত আৰম্ভণি ঘটাইছে কলকাতা নাইট ৰাইডাৰ্ছে। ৩ অভাৰত দলটোৱে সংগ্ৰহ কৰিছে ৩২ ৰান। বিশেষকৈ সুনীল নাৰাইণে অধিক আক্ৰমণাত্মক শৈলীৰে আৰম্ভ কৰিছে বেটিং।
-
ক্ৰীজত ক’ক-নাৰাইণ
কলকাতাৰ অপেনাৰদ্বয় কুইণ্টন ডি ক’ক আৰু সুনীল নাৰাইণৰ ওপৰত নিৰ্ভৰ কৰিব দলৰ স্থিতি। দুয়ো এক শক্তিশালী আৰম্ভণি প্ৰদান কৰাটো দলৰ বাবে অত্যন্ত প্ৰয়োজনীয়।
-
হায়দৰাবাদৰ বৃহৎ স্ক’ৰ
হেডৰ অৰ্ধশতকৰ পিছত ক্লাছেনৰ অপৰাজিত শতকৰ সহায়ত ২৭৮ ৰানৰ বৃহৎ স্ক’ৰ থিয় কৰাইছে ছানৰাইজাৰ্ছ হায়দৰাবাদে। এতিয়া এই লক্ষ্য অনুসৰণ কৰি কলকাতাই জয়ৰ মুখ দেখাটো প্ৰায় অসম্ভৱ ৰূপেই দেখা দিছে।
-
ক্লাছেনৰ শতক
হেনৰিখ ক্লাছেনে সম্পূৰ্ণ কৰিছে শতক। মাত্ৰ ৩৭টা বলতে ৬টা চাৰি আৰু ৯টা ছয়েৰে ক্লাছেনে শতক অৰ্জন কৰে। আই পি এলত এয়া তেওঁৰ দ্বিতীয়টো শতক।
-
কিষাণৰ বিদায়
পেভিলিয়নলৈ উভতিছে ঈষান কিষাণ। ইনিংছৰ ১৮.৩ অভাৰত বৈভৱ আৰোৰাই বিদায় দিয়ে ঈষানক। তেওঁ ২০ টা বলত সংগ্ৰহ কৰে ২৯ ৰান।
-
১৬ অভাৰত ২১৯ ৰান
এক বৃহৎ স্ক’ৰৰ দিশে অগ্ৰসৰ হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদ। মাত্ৰ ১৬ অভাৰতে দলটোৱে সংগ্ৰহ কৰিছে ২১৯ ৰান। হাতত ৮টা উইকেট এতিয়াও বাকী আছে দলটোৰ।
-
হেডক বিদায় দিলে নাৰাইণে
কলকাতাৰ শিবিৰলৈ সকাহ কঢ়িয়াই আনিছে নাৰাইণে। হায়দৰাবাদৰ দ্বিতীয় উইকেটৰ ৰূপত নাৰাইণে বিদায় দিছে বিপজ্জনক ট্ৰেভিছ হেডক। অপেনাৰ হেডে মাত্ৰ ৪০টা বলত ৬টাকৈ চাৰি আৰু ছয়ৰ সহায়ত ৭৬ ৰান সংগ্ৰহ কৰে।
-
ক্লাছেনৰ অৰ্ধশতক
এক মাৰমুখী অৰ্ধশতকীয় ইনিংছ খেলিছে ক্লাচেনে। ছয়-চাৰি জোৱাৰ তুলি মাত্ৰ ১৭টা বলতে তেওঁ নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে। এইদৰে এক বৃহৎ স্ক’ৰৰ দিশে আগবাঢ়িছে হায়দৰাবাদ।
-
স্ক’ৰব’ৰ্ডত ১৫০ ৰান
আক্ৰমণ অব্যাহত আছে হায়দৰাবাদৰ। হেডৰ লগতে ক্লাছেনেও আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰাৰ সুবাদত মাত্ৰ ১০ ৩ অভাৰতে দলটোৰ স্ক’ৰব’ৰ্ডত ১৫০ ৰান সংযোজিত হৈছে।
-
হেডৰ অৰ্ধশতক
সতীৰ্থ অভিষেকে বিদায় ল’লেও বিস্ফোৰক বেটিঙেৰে অৰ্ধশতক সম্পূৰ্ণ কৰিছে ট্ৰেভিছ হেডে। বৰুণৰ বলত এটা বৃহৎ ছয় কোবাই হেডে মাত্ৰ ২৬টা বলতে অৰ্ধশতক অৰ্জন কৰে।
-
অভিষেকৰ বিদায়
হায়দৰাবাদে হেৰুৱাইছে প্ৰথমটো উইকেট। অভিষেক শৰ্মাক পেভিলিয়নৰ পথ দেখুৱাইছে সুনীল নাৰাইণে। অভিষেকে ১৬টা বলত ৪টা চাৰি আৰু দুটা ছয়েৰে ৩২ ৰান সংগ্ৰহ কৰে।
-
পাৱাৰ প্লে’ত সংগ্ৰহ ৭৯ ৰান
হায়দৰাবাদৰ ইনিংছৰ প্ৰথম ছয় অভাৰ সম্পূৰ্ণ হৈছে। বেটিং পাৱাৰ প্লে’ৰ এই ছয় অভাৰত দলটোৱে কোনো উইকেট নেহেৰুৱাকৈ ৭৯ ৰান সংগ্ৰহ হৈছে।
-
অৰ্ধশতক সম্পূৰ্ণ
হায়দৰাবাদৰ ইনিংছত অৰ্ধশতক সম্পূৰ্ণ হৈছে। মাত্ৰ ৩.৪ অভাৰতে দলৰ স্ক’ৰ ৫০ৰ পাৰ কৰায় এক শক্তিশালী ভেটি গঢ়িছে অভিষেক শৰ্মা আৰু ট্ৰেভিছ হেডে।
-
আক্ৰমণাত্মক আৰম্ভণি
প্ৰত্যাশিতভাৱেই আক্ৰমণাত্মক আৰম্ভণি ঘটাইছে অভিষেক আৰু হেডে। বিশেষকৈ হেড হৈ উঠিছে অধিক বিস্ফোৰক। দুয়ো ৩ অভাৰতে যোগ দিছে ৪১ ৰান।
-
ক্ৰীজত অভিষেক-হেড
হায়দৰাবাদৰ দুই অপেনাৰ অভিষেক শৰ্মা আৰু ট্ৰেভিছ হেডে ইনিংছ আৰম্ভ কৰিছে। আনহাতে কলকাতাৰ হৈ বলিং মুকলি কৰিছে বৈভৱ আৰোৰাই।
-
কলকাতা নাইট ৰাইডাৰ্ছৰ মূল একাদশ
অন্তিম মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ মূল একাদশত আজি দেখা যাব- কুইণ্টন ডি ক’ক, সুনীল নাৰাইণ, আজিংক্যা ৰাহানে (অধিনায়ক), মনীষ পাণ্ডে, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, বৈভৱ অৰোৰা, হৰ্ষিত ৰানা, এনৰিখ ন’কিয়া, বৰুণ চক্ৰৱৰ্তীক।
-
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশ
পূৰ্বৰ মেচৰ দৰে অপৰিৱৰ্তিত একাদশেৰে আজি মেচত নামিব হায়দৰাবাদ। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- অভিষেক শৰ্মা, ট্ৰেভিছ হেড, ঈশান কিষাণ, হেনৰিখ ক্লাচেন, অনিকেত বাৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, অভিনৱ মনোহৰ, পেট কামিন্স (অধিনায়ক), হৰ্ষল পেটেল, জয়দেৱ উনাডকাট, এশান মালিংগা।
-
হায়দৰাবাদৰ বলিঙৰ সিদ্ধান্ত
ইতিমধ্যে দুয়ো দলত অধিনায়কদ্বয় পেট কামিন্স আৰু আজিংক্যা ৰাহানেৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
-
দুয়ো দলৰ মাজত পূৰ্বৰ ৰেকৰ্ড
এইপৰ্যন্ত দুয়োদলৰ মাজত হোৱা মুখামুখিত কলকাতাই প্ৰায় আধিপত্য বিস্তাৰ কৰি আহিছে। হায়দৰাবাদ মাত্ৰ ৯ খনত জয়ী হোৱাৰ বিপৰীতে কলকাতা জয়ী হৈছে ২০ খনত। লক্ষণীয়ভাৱে বিগত বাৰৰ ফাইনেলকে ধৰি যোৱা আঠখন মেচৰ ভিতৰত ছয়খনতে জয়লাভ কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে।
Published On - May 25,2025 6:52 PM