Bangladesh Situation Updates: ৰাজনীতিত হস্তক্ষেপ নকৰিবলৈ সেনালৈ কঠোৰ বাৰ্তা ইউনুছ চৰকাৰৰ
ফৈজ আহমেদ তৈয়েবে ঘোষণা কৰিছে যে ইউনুছে পদত্যাগ নকৰে । সকলো জল্পনা-কল্পনা আৰু বিতৰ্কৰ অন্ত পেলাই তেওঁ বৰ্তমান বাংলাদেশৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ ‘সত্য’ পোহৰলৈ আনিছে ।
তেওঁ এজন বিশেষ সহায়ক। বৰ্তমান বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দূৰসংযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া । তেওঁৰ মন্তব্য চৰকাৰে প্ৰেৰণ কৰা বাৰ্তাৰ দৰেই । এতিয়া সেই সহায়ক ফৈজ আহমেদ তৈয়েবে ঘোষণা কৰিছে যে ইউনুছে পদত্যাগ নকৰে । সকলো জল্পনা-কল্পনা আৰু বিতৰ্কৰ অন্ত পেলাই তেওঁ বৰ্তমান বাংলাদেশৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ ‘সত্য’ পোহৰলৈ আনিছে ।
শুকুৰবাৰে ফাইজ আহমেদে নিজৰ ফেচবুক ৱালত ইউনুছৰ পদত্যাগৰ তথ্য শ্বেয়াৰ কৰাৰ উপৰিও বাংলাদেশৰ সেনা প্ৰধানগৰাকীক অনুশাসনৰ পাঠো পঢ়ায় । তেওঁৰ মতে সভ্য দেশত সামৰিক বাহিনী ৰাজনীতিত লিপ্ত নহয় । ফৈজে লিখিছে, “আজিৰ পৃথিৱীত কোনো সভ্য দেশৰ সৈন্যই ৰাজনীতিত লিপ্ত নহয় । তাৰোপৰি এই ক্ষেত্ৰত তেওঁলোকে আমনিও নকৰে ।”
কি প্ৰসংগত ফৈজে এই কথা কৈছিল? শেহতীয়াকৈ বাংলাদেশৰ সেনা প্ৰধান ৱাকাৰ-উজ-জামানে স্পষ্ট কৰি দিছে যে “আগতীয়াকৈ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ ব্যৱস্থা কৰা উচিত । লগতে ইউনুছ চৰকাৰে সামৰিক কাম-কাজত হস্তক্ষেপ কৰাটো বন্ধ কৰিব লাগে । অহা ডিচেম্বৰৰ ভিতৰত অন্তৱৰ্তীকালীন চৰকাৰে নিৰ্বাচন আয়োজন কৰিব লাগিব । এই চৰকাৰ গঠনৰ উদ্দেশ্য আছিল নিকা আৰু মুক্ত নিৰ্বাচনৰ আয়োজন কৰা ।”