মুখত বিলাহী লগালে কি হয় জানেনে? জানক...

25 May 2025

TV9 ASSAM

গৰমৰ দিনত মাত্ৰ এটা বিলাহীয়ে আপোনাৰ ছালৰ ৰং সলনি কৰিব পাৰে।  কিন্তু কেনেকৈ?  গতিকে এই লেখাটোত উল্লেখ কৰা হ'ল কেনেকৈ বিলাহী ছালৰ বাবে উপকাৰী।

বিলাহী

বিলাহীয়ে ছালৰ দাগ আঁতৰ হোৱাত সহায় কৰে। গতিকে বিলাহী এটা লৈ ভালদৰে ছালত লগাৱক। প্ৰায় ৫ মিনিটমান বিলাহী এটা ছালত ঘহি থাকিলে ছালৰ দাগ নোহোৱা হয়।

দাগ

বিলাহীয় ছাল উজ্বল কৰাতো সহায় কৰে। বিলাহীত লাইকোপিন থাকে। যিয়ে ছালৰ উজ্বলতা আনে। গতিকে বিলাহীৰ পেষ্ট বনাই মুখত সানিলে ই ছালৰ উজ্বলতা অনাত সহায় কৰে।

উজ্বল

তেলেতীয়া ছালৰ লোকসকলৰ বাবে বিলাহী আশীৰ্বাদ স্বৰূপ।  বিলাহী ছালত লগালে ছালৰ পৰা অতিৰিক্ত তেল নোহোৱা কৰে। ইয়াৰ ফলত ছাল ধুনীয়া হৈ পৰে।

তেলেতীয়া ছাল

বিলাহীয়ে মৃত ছাল আঁতৰ কৰাত সহায় কৰে। লগতে ই ছালখন সুস্থ কৰি ৰাখে। বিলাহী ছালত লগোৱাৰ ফলত মুখৰ পৰা শালমইনা বা অন্য দাগসমূহ আঁতৰত সহায়ক হয়।

সুস্থ

বিলাহী প্ৰতিদিনে ছালত লগোৱাৰ ফলত পিগমেন্টেশ্যন আৰু ছালৰ পৰা দাগ নোহোৱা হয়। ইয়ে আপোনাৰ ছালক প্ৰাকৃতিকভাৱে সৌন্দৰ্য কৰি ৰখাত সহায় কৰে।

পিগমেন্টেশ্যন

মুখত বিলাহী লগোৱাৰ ফলত ছালৰ বেয়া বস্তুবোৰ আঁতৰি যায়। যাৰ ফলত ছালখন কোমল হৈ পৰে।  গতিকে উজ্বল আৰু ধুনীয়া ছালৰ বাবে আপুনি ছালত লগাব পাৰে।

কোমল

পঢ়িবলৈ ক্লিক কৰক 

গা ধোৱাৰ সময়ত বাৰে প্ৰস্ৰাৱ কিয় আহে