টেষ্টৰ নতুন অধিনায়ক গিলৰ সম্পত্তিৰ পৰিমাণ কিমান জানেনে!

25 May 2025

TV9 ASSAM

টেষ্ট ক্ৰিকেটত অভিষেক ঘটোৱাৰ প্ৰায় পাঁচ বছৰৰ ভিতৰতে এতিয়া এই ফৰ্মেটত ভাৰতীয় ক্ৰিকেট দলৰ নতুন অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে শুভমন গিল।

শুভমন গিল

নিজৰ প্ৰদৰ্শনেৰে গিল ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ তাৰকা হিচাপে চৰ্চিত হৈছে। টেষ্টৰ অধিনায়কৰ লগতে গিল এতিয়া এদিনীয়া দলৰো সহ-অধিনায়ক।

কেৰিয়াৰত উন্নতি

কেৰিয়াৰৰ লগতে অৰ্থনৈতিক উন্নতিও ঘটিছে গিলৰ। এক প্ৰতিবেদন অনুসৰি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪০ৰ পৰা ৫০ কোটি টকাৰ ভিতৰত।

গিলৰ সম্পত্তি

গিলৰ আয়ৰ আটাইতকৈ প্ৰধান উৎস হৈছে আই পি এলৰ দৰমহা, বিচিচিআইৰ কেন্দ্ৰীয় চুক্তি আৰু প্ৰতিখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ বাবে লাভ কৰা মাচুল।

আয়ৰ উৎস

IPLত নিজৰ প্ৰথম চাৰিটা ছিজনত ১.৮ কোটি টকা, ২০২২-২০২৪ ছিজনত ৮ কোটি টকা আৰু বৰ্তমান গুজৰাট টাইটানছৰ অধিনায়ক হিচাপে গিলে ১৬.৫ কোটি টকা দৰমহা পায়।

IPLৰ দৰমহা

যোৱা বছৰলৈকে গিলে বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিৰ বি গ্ৰেডৰ অংশ হিচাপে ৩ কোটি টকা পাইছিল। এইবাৰ গ্ৰেড এলৈ উন্নীত হোৱাৰ বাবে তেওঁ বছৰি ৭ কোটি টকা লাভ কৰিব।

কেন্দ্ৰীয় চুক্তি

তিনিওটা ফৰ্মেটতে খেলা গিলে টেষ্ট ক্ৰিকেটত প্ৰতিখন মেচত ১৫ লাখ টকা, এদিনীয়াত ৬ লাখ টকা আৰু টি-২০ত প্ৰতিখন মেচত ৩ লাখ টকাৰ মাচুল লাভ কৰে।

মেচ ফী

গিলে বিভিন্ন ব্ৰেণ্ড এণ্ডাৰ্ছমেণ্টৰ জৰিয়তেও যথেষ্ট উপাৰ্জন কৰে। তেওঁ জিলেট, মাই চাৰ্কল ইলেভেন, MRF আদি কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈ আছে।

ব্ৰেণ্ড এণ্ডাৰ্ছমেণ্ট

যোৱা মাৰ্চ মাহৰ পৰা গিলে MRFৰ সৈতে ৪ বছৰৰ বাবে বেট স্পনছৰশ্বিপ চুক্তি কৰিছে। ইয়াৰ জৰিয়তে তেওঁ বছৰি ৮-১০ কোটি টকা লাভ কৰিব।

বেট স্পনছৰশ্বিপ

যোৱা বছৰ মোহালীত গিলৰ এক বিলাসী অট্টালিকাৰ কাম সম্পূৰ্ণ হৈছিল। গিলৰ এখন ৰেঞ্জ ৰভাৰ ভেলাৰ এছ ইউ ভিও আছে, যাৰ মূল্য প্ৰায় ৯০ লাখ টকা।

আন সম্পত্তি

পঢ়িবলৈ ক্লিক কৰক 

কোহলী নে গিল, সফল কোন!