শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নতুন ৰূপত আহি আছে EPFO, কৰ্মচাৰীয়ে লাভ কৰিব এনে সা-সুবিধা…

এই পৰিৱৰ্তনৰ ফলত EPFO- ৰ সেৱাসমূহ পূৰ্বতকৈ অধিক দ্ৰুত আৰু সহজসাধ্য হৈ পৰিব। ইয়াৰ উপৰিও EPFO-ৰ কোটি কোটি সদস্যই এতিয়াৰে পৰা অধিক সহজভাৱে ডিজিটেল সেৱাসমূহ ব্যৱহাৰ কৰিব পাৰিব।

নতুন ৰূপত আহি আছে EPFO, কৰ্মচাৰীয়ে লাভ কৰিব এনে সা-সুবিধা…
নতুন ৰূপত EPFOImage Credit source: Avishek Das/SOPA Images/LightRocket via Getty Images
Monjit Dutta
Monjit Dutta | Updated On: 21 Jan 2026 22:51 PM

কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা চমুকৈ EPFO এতিয়া এক বৃহৎ প্ৰযুক্তিগত পৰিৱৰ্তনৰ দিশে অগ্ৰসৰ হৈছে। সংস্থাটোৱে EPFO 3.0 নামৰ এক নতুন ডিজিটেল উন্নীতকৰণৰ পৰিকল্পনা কৰিছে, যাৰ জৰিয়তে সমগ্ৰ অৱসৰকালীন পুঁজি ব্যৱস্থাটোক এক নতুন ৰূপ দিয়া হ’ব। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই পৰিৱৰ্তনৰ ফলত EPFO- ৰ সেৱাসমূহ পূৰ্বতকৈ অধিক দ্ৰুত আৰু সহজসাধ্য হৈ পৰিব। ইয়াৰ উপৰিও EPFO-ৰ কোটি কোটি সদস্যই এতিয়াৰে পৰা অধিক সহজভাৱে ডিজিটেল সেৱাসমূহ ব্যৱহাৰ কৰিব পাৰিব।

EPFO ৩.০-ৰ মূল বৈশিষ্ট্যসমূহ

এই নতুন প্ৰকল্পৰ মূল আধাৰ হ’ল এক আধুনিক প’ৰ্টেল আৰু বেংকিং খণ্ডৰ দৰে উন্নত ছফ্টৱেৰ। এই কেন্দ্ৰীয় ব্যৱস্থাৰ ফলত এজন সদস্যই দেশৰ যিকোনো প্ৰান্তৰ কাৰ্যালয়ৰ পৰাই প্ৰয়োজনীয় সেৱা লাভ কৰিব। বৰ্তমান EPFO- ৰ সক্ৰিয় সদস্যৰ সংখ্যা প্ৰায় ৮ কোটি আৰু তেওঁলোকৰ পুঁজিৰ পৰিমাণ প্ৰায় ২৮ লাখ কোটি টকা।

অহা এটা দশকৰ সম্ভাব্য বিকাশৰ কথা মনত ৰাখিয়েই এই নতুন আন্তঃগাঁথনি প্ৰস্তুত কৰা হৈছে। নতুন শ্ৰম আইন কাৰ্যকৰী হ’লে অসংগঠিত খণ্ডৰ বহু কৰ্মী সামাজিক সুৰক্ষাৰ আওতালৈ আহিব। ভৱিষ্যতে এই কৰ্মীসকলৰ পুঁজি পৰিচালনাৰ দায়িত্বও EPFO- ই লাভ কৰিব পাৰে।

নতুন ৩.০ সংস্কৰণে এই অতিৰিক্ত চাপ চম্ভালিবলৈ সম্পূৰ্ণৰূপে সক্ষম হ’ব। এই সেৱা জনসাধাৰণৰ বাবে অধিক সহায়ক কৰি তুলিবলৈ ইয়াত কৃত্ৰিম বুদ্ধিমত্তা (AI) ভিত্তিক ভাষাৰ সহায় লোৱা হৈছে। ফলত সদস্যসকলে নিজৰ আঞ্চলিক ভাষাতো সহযোগিতা লাভ কৰিব।

আগন্তুক নতুন সেৱাসমূহ

বৰ্তমান EPFO ২.০ প্ৰকল্প প্ৰায় সমাপ্তিৰ দিশত আৰু ইতিমধ্যে নতুন ইচিআৰ (ECR) ব্যৱস্থা আৰম্ভ হৈছে। অতি সোনকালে পেঞ্চন আৰু ‘ক্লেম মডিউল’- ও মুকলি কৰা হ’ব। ইয়াৰ উপৰিও BHIM এপৰ জৰিয়তে ইউপিআই (UPI) ব্যৱহাৰ কৰি প্রভিডেন্ট ফাণ্ডৰ ধন উলিওৱাৰ বিষয়টোও সংস্থাটোৱে গুৰুত্বসহকাৰে বিবেচনা কৰিছে।