শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ট্ৰাম্পক প্ৰত্যুত্তৰ ভাৰতৰ, বাণিজ্যিক দিশত সফল হ’বলৈ নতুন ৰপ্তানি আঁচনি সাজু!

ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাই ৫০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰে। এতিয়া ভাৰত চৰকাৰে নতুন ৰপ্তানি কৌশলৰ কাম আৰম্ভ কৰিছে। এই অনুসৰি ইউৰোপ, ব্ৰিটেইন, ব্ৰাজিল, আদিৰ দৰে নতুন বজাৰত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে সুবিধা লাভ কৰিব। বিশেষকৈ শ্ৰম প্ৰধান খণ্ড যেনে বস্ত্ৰ, চামৰা, খাদ্য সামগ্ৰী আদিত লাভৱান হোৱাৰ আশা কৰা হৈছে।

ট্ৰাম্পক প্ৰত্যুত্তৰ ভাৰতৰ, বাণিজ্যিক দিশত সফল হ’বলৈ নতুন ৰপ্তানি আঁচনি সাজু!
ট্ৰাম্পক প্ৰত্যুত্তৰ ভাৰতৰ!
barasha-misra
Barasha Misra | Updated On: 08 Aug 2025 11:04 AM

Trump Tariff and India’s Export Scheme: ভাৰতৰ পৰা অহা সামগ্ৰীৰ ওপৰত আমেৰিকাই ৫০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰিছে। ইয়াৰ পিছত ভাৰত চৰকাৰে এতিয়া নতুন নতুন পৰিকল্পনা কৰিছে। যাতে ভাৰতীয় ব্যৱসায়ী (ৰপ্তানি) সকলে আমেৰিকাৰ সলনি আন দেশত সামগ্ৰী বিক্ৰী কৰিব পাৰে। চৰকাৰী সূত্ৰই জনোৱা মতে, বিত্ত মন্ত্ৰালয়ে এক নতুন আঁচনিৰ কাম কৰি আছে, য’ত ইউৰোপ, ব্ৰিটেইন, চিলি, ব্ৰাজিল, আৰ্জেণ্টিনাৰ দৰে দেশত ব্যৱসায় বৃদ্ধি কৰাত সহায় হ’ব।

এই আঁচনিখনে বিশেষকৈ হাতেৰে নিৰ্মিত সামগ্ৰী বা যিবোৰৰ বাবে অধিক শ্ৰমৰ প্ৰয়োজন হয়, যেনে বস্ত্ৰশিল্প, চামৰাৰ সামগ্ৰী, খাদ্য সামগ্ৰী, কাপোৰ আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। কিন্তু এই সহায় সকলোৱে নাপাব। যিসকলে সঁচাকৈয়ে নতুন বজাৰলৈ ৰপ্তানি কৰিব বিচাৰে তেওঁলোককহে চৰকাৰে সুবিধা দিব।

প্ৰস্তুতি কি?

মানিকণ্ট্ৰলৰ এক প্ৰতিবেদন অনুসৰি, বিত্ত মন্ত্ৰালয়ে নতুন ৰপ্তানি কৌশল আঁচনিৰ কাম কৰি আছে। এই আঁচনিৰ লক্ষ্য হ’ব ভাৰতীয় ৰপ্তানিকাৰকসকলক পৰম্পৰাগত বজাৰৰ বাহিৰলৈ গৈ অন্যান্য প্ৰধান বজাৰলৈ ৰপ্তানি বৃদ্ধি কৰিবলৈ উৎসাহিত কৰা। অৱশ্যে চলিত মাহৰ শেষৰ ফালে আমেৰিকাৰ সৈতে সম্ভাৱ্য বাণিজ্যিক চুক্তিৰ সিদ্ধান্ত লোৱাৰ পিছতহে এই সিদ্ধান্ত লোৱা হ’ব। এই বিষয়টোৰ সৈতে জড়িত সূত্ৰৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে চৰকাৰে নতুন বজাৰৰ দিশে ৰপ্তানি বৃদ্ধিৰ বাবেও কিছু কাম কৰাৰ কথা চিন্তা কৰিছে। বহু ব্যৱসায়ে ইতিমধ্যে আমেৰিকাৰ বাহিৰৰ নতুন বজাৰৰ ফালে মুখ কৰিছে বা মুখ কৰি আছে। এনে পৰিস্থিতিত চৰকাৰে কিছু সহায় আগবঢ়ালে ৰপ্তানিকাৰকসকলে যথেষ্ট লাভৱান হ’ব।

কিমান insentivs পাব?

বিত্ত মন্ত্ৰালয়ৰ সূত্ৰই স্পষ্ট কৰি দিছে যে এই আঁচনিৰ বাবে কিমান টকা দিয়া হ’ব সেই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাই। এই বিষয়টো এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে। কিন্তু ২০২৫-২৬ চনৰ বাজেটত চৰকাৰে ৰপ্তানি প্ৰসাৰ অভিযানৰ অধীনত ২,২৫০ কোটি টকাৰ ব্যৱস্থা কৰিছে। কিন্তু এই আঁচনি এতিয়াও আৰম্ভ হোৱা নাই।

আমেৰিকাৰ সৈতে আলোচনা আৰু সমস্যা

বাণিজ্য চুক্তি সন্দৰ্ভত ভাৰত আৰু আমেৰিকাৰ মাজত আলোচনা চলি আছে। চৰকাৰে বিচাৰে আমেৰিকাই শুল্ক হ্ৰাস কৰাটো। কৃষি আৰু গাখীৰৰ সৈতে জড়িত বিষয়সমূহত এতিয়াও দুয়োখন দেশৰ মতামত বেলেগ বেলেগ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টকৈ কৈছে যে যিমানেই খৰচ নহওক কিয়, কৃষকৰ স্বাৰ্থত কোনো আপোচ কৰা নহ’ব। ইয়াৰ বাহিৰেও ভাৰতে ৰাছিয়াৰ পৰা বহু কমত তেল ক্ৰয় কৰি আছে। এই লৈ আমেৰিকাই ক্ষুব্ধ হৈ ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰিছে। চীনৰ পিছতে ভাৰত বৰ্তমান ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বিশ্বৰ দ্বিতীয় বৃহত্তম দেশ।

ব্ৰিটেইন আৰু ইউৰোপৰ আশা আৰু ৰপ্তানি লোকচানৰো আশংকা

ভাৰত আৰু ব্ৰিটেইনৰ মাজত এক বুজাবুজি চুক্তিত উপনীত হৈছে। ভাৰতীয় সামগ্ৰী বিনামূলীয়া শুল্কত বিক্ৰী কৰিব পৰা যাব। কিন্তু কাৰ্যকৰী হ’বলৈ এবছৰ পৰ্যন্ত সময় লাগিব পাৰে। ইয়াৰ উপৰিও ইউৰোপীয় সংঘৰ সৈতেও আলোচনা চলি আছে। চলিত বৰ্ষৰ শেষৰ ফালে চুক্তি হ’ব বুলি আশা কৰা হৈছে। শেহতীয়াকৈ বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলৰ সৈতে হোৱা বৈঠকত ৰপ্তানিকাৰকসকলে চৰকাৰক দাবী জনাইছে যে, পুৰণি ৰাজসাহায্য আঁচনিসমূহ পুনৰ আৰম্ভ কৰি ‘ৰপ্তানি প্ৰসাৰ অভিযান’ৰ অধীনত আবণ্টিত ধন অতি সোনকালে মুকলি কৰি দিব লাগে। ৰপ্তানিকাৰকসকলে কয় যে আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰা শুল্ক ভিয়েটনাম আৰু বাংলাদেশৰ দৰে প্ৰতিযোগীৰ ওপৰত আৰোপ কৰা শুল্কতকৈ বহু বেছি। যাৰ ফলত তেওঁলোকৰ প্ৰতিযোগিতামূলক ক্ষমতাত প্ৰভাৱ পৰিছে। এনে ক্ষেত্ৰত যদি চৰকাৰৰ পৰা সোনকালে কোনো সকাহ নাপায় তেন্তে ভাৰতৰ ৰপ্তানিও ক্ষতি হ’ব পাৰে।