শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

OPS নে  UPS, কোনটো অধিক লাভজনক? কিদৰে পৃথক এই ব্যৱস্থা?

ইউপিএছে এজন চৰকাৰী কৰ্মচাৰীক নিশ্চিত পেঞ্চনৰ ব্যৱস্থা কৰিছে।এই ধনৰাশি এজন ব্যক্তিৰ চাকৰিৰ অন্তিম ১২ মাহৰ বাবে মৌলিক দৰমহাৰ গড়ৰ ৫০ শতাংশ হ'ব। অৱশ্যে, নিশ্চিত পেঞ্চন কেৱল তেওঁলোকৰ বাবেহে উপলব্ধ হ'ব যিসকলে ২৫ বছৰৰ সেৱা সম্পূৰ্ণ কৰিছে।

OPS নে  UPS, কোনটো অধিক লাভজনক? কিদৰে পৃথক এই ব্যৱস্থা?
OPS নে  UPS, কোনটো অধিক লাভজনক?
trishna-kalita
Trishna Kalita | Published: 25 Aug 2024 18:33 PM

জনতাৰ প্ৰতিবাদৰ ওচৰত সেও মানি অৱশেষত NPS বাতিলৰ সিদ্ধান্ত ল’লে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰেপৰা OPS অথবাNPS ৰ পৰিৱৰ্তে প্ৰৱৰ্তন কৰা হব UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কীম।
পিছে পূৰ্বৰ তুলনাত কিদৰে পৃথক এই ইউনিফাইড পেঞ্চন স্কীম?

 

প্ৰথমতে জানি লওক কি এই ইউনিফাইড পেঞ্চন স্কীম অৰ্থাৎ UPS?

ইউপিএছে এজন চৰকাৰী কৰ্মচাৰীক নিশ্চিত পেঞ্চনৰ ব্যৱস্থা কৰিছে।এই ধনৰাশি এজন ব্যক্তিৰ চাকৰিৰ অন্তিম ১২ মাহৰ বাবে মৌলিক দৰমহাৰ গড়ৰ ৫০ শতাংশ হ’ব। অৱশ্যে, নিশ্চিত পেঞ্চন কেৱল তেওঁলোকৰ বাবেহে উপলব্ধ হ’ব যিসকলে ২৫ বছৰৰ সেৱা সম্পূৰ্ণ কৰিছে। ইয়াৰ উপৰিও, যিসকলে ১০ বছৰ কাম কৰে তেওঁলোকে ১০০০০ টকাৰ নিশ্চিত নিম্নতম পেঞ্চন লাভ কৰিব। একে সময়তে, কৰ্মচাৰীজনৰ মৃত্যুত কৰ্মচাৰীৰ পৰিয়ালক তাৎক্ষণিকভাৱে ৬০ শতাংশ পেঞ্চন প্ৰদান কৰা হ’ব।

OPS আৰু  UPSৰ মাজত কোনটো অধিক লাভজনক?

কৰ্মচাৰীৰ অৱদান: চৰকাৰে UPSত,  NPSৰ দৰে কৰ্মচাৰীৰ অৱদানৰ ব্যৱস্থা ৰাখিছে। ইউ.পি.এছ.-ত, কৰ্মচাৰীসকলে তেওঁলোকৰ দৰমহাৰ ১০ শতাংশ পৰিশোধ কৰিব লাগিব, আনহাতে চৰকাৰে প্ৰদান কৰা ধনৰাশিৰ পৰিমাণ ১৪শতাংশৰ পৰা ১৮.৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে পূৰ্বে OPSত চৰকাৰে সম্পূৰ্ণ অৱদান আগবঢ়ায়, পেঞ্চনৰ নামত কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা কোনো ধন কৰ্তন কৰা নহয়।

পেঞ্চনৰ গণনা: OPSত এজন কৰ্মচাৰীয়ে তেওঁৰ অন্তিম দৰমহাৰ ৫০ শতাংশ পেঞ্চন হিচাপে লাভ কৰিছিল। এইটো তেওঁৰ মৌলিক দৰমহা আৰু ভাট্টাৰ ৫০ শতাংশ আছিল। UPSত, চৰকাৰে এই ব্যৱস্থাটো কিছু পৰিৱৰ্তন‌ কৰিছে। এতিয়া কৰ্মচাৰীজনে নিশ্চিতভাৱে পেঞ্চনৰ মাত্ৰ ৫০ শতাংশ লাভ কৰিব, কিন্তু ই তেওঁৰ অন্তিম দৰমহাৰ ৫০ শতাংশৰ সমান নহ’ব। কিন্তু যোৱা ১২ মাহৰ মূল দৰমহাৰ গড়ৰ ৫০ শতাংশ হ’ব।চৰকাৰী চাকৰিত কৰ্মচাৰীসকলে অন্তিম মুহূৰ্তলৈকেও পদোন্নতি লাভ কৰে, যাৰ বাবে তেওঁলোকৰ অন্তিম দৰমহা অধিক হয় আৰু তাৰ পিছত সেই অনুসৰি পেঞ্চন প্ৰদান কৰা হয়, কিন্তু ইউপিএছত এই সুবিধা উপলব্ধ নহ’ব।

কৰ লাভালাভ: যদিহে TAX অথবা কৰৰ বিষয়ে চোৱা যায় তেনেহলে NPSত অৱসৰৰ পিছত আপোনাৰ ধন উলিয়ালে ৪০ শতাংশ কৰ পৰিশোধ কৰিব লাগিছিল। ৬০ শতাংশ ধন কৰমুক্ত আছিল। কিন্তু UPSত কৰৰ বিষয়টো এতিয়াও স্পষ্ট কৰা নাই‌ কেন্দ্ৰীয় চৰকাৰে। শীঘ্ৰেই UPS প্ৰসংগত আৰু অধিক বিতংকৈ চৰকাৰে প্ৰকাশ কৰিব তথ্য। কিন্তু নতুন এই পেঞ্চন ব্যৱস্থাই জনতাক সন্তুষ্ট কৰিব পাৰিবনে নাই সেয়া নিশ্বয়কৈ হ’ব লক্ষণীয়।